
ৰতন টাটালৈ শ্ৰদ্ধাঞ্জলি_অৱসান ঘটিল এটি সোণেসৰীয়া বৰ্ণিল যুগৰ
দেশৰ উদ্যোগখণ্ডৰ ভোটা তৰা স্বৰূপ ৰতন নাৱাল টাটা স্বৰ্গগামী হ’ল । ৮৬ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ্ছ কেণ্ডী হস্পিতালত ৯ অক্টোবৰৰ নিশা শেষ নিশ্বাস ত্যাগ কৰিলে ভাৰত মাতাৰ সুযোগ্য সন্তানজনে । স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাৰ বাবে দুদিন পূৰ্বে হস্পিতালখনত ভৰ্তি কৰোৱা হৈছিল প্ৰখ্যাত উদ্যোগপতি তথা সমাজহিতৈষীজনক । হস্পিতালৰ পৰাই গুণমুগ্ধৰ বাবে বাৰ্তাও প্ৰেৰণ কৰিছিল তেওঁ। “মোৰ বাবে চিন্তা কৰিব নালাগে। স্বাস্থ্যৰ সামান্য সমস্যাই দেখা দিছে, সোনকালেই সূস্থ হৈ উভতিম ।” কিন্তু, নিয়তিৰ ওচৰত অৱশেষত হাৰ মানিলে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি অহা ৰতন নাৱাল টাটাই ।
১৯৩৭ চনৰ ২৮ ডিচেম্বৰত তেতিয়াৰ বোম্বেৰ এটি পাৰ্চি জোৰোৱাষ্ট্ৰিয়ান পৰিয়ালত জন্ম হৈছিল ৰতন টাটাৰ । পিতৃ নাৱাল টাটা আৰু মাতৃ চুনি টাটা । চুৰতত জন্মগ্ৰহণ কৰা নাৱাল টাটাক তোলনীয়া পুত্ৰ হিচাপে লালন পালন কৰিছিল টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামচেদজী টাটাৰ তৃতীয় সন্তান ৰতনজী টাটাৰ পৰিয়ালে । জামচেদজী টাটাৰ তিনি সন্তানৰ ভিতৰত একমাত্ৰ কন্যা সন্তান ধুনবাই টাটা অবিবাহিত আছিল। প্ৰথম পুত্ৰ সন্তান তথা টাটা গ্ৰুপৰ দ্বিতীয়জন অধ্যক্ষ দোৰাবজী টাটাও আছিল নিঃসন্তান । তৃতীয় সন্তান ৰতনজী টাটাৰো নিঃসন্তান অৱস্থাতে মৃত্যু ঘটাত ৰতনজীৰ পত্নী নাৱাজবাই টাটাই ঘাট মাউৰা নাৱাল টাটাক তোলনীয়া পুত্ৰ হিচাপে গ্ৰহণ কৰে । নাৱাল টাটাৰ উপাধিও টাটাই আছিল যিহেতু তেওঁ জামচেদজী টাটাৰ বংশাৱলীৰে অন্য এটা শাখাৰ পৰিয়ালত জন্ম হৈছিল। ৰতন টাটাৰ মাতৃ তথা নাৱাল টাটাৰ প্ৰথমা পত্নী চুনি টাটা আছিল জামচেদজী টাটাৰ নিকটাত্মীয় । নাৱাল টাটা আৰু চুনি টাটাৰ দুটি পুত্ৰ সন্তান ৰতন টাটা আৰু জিমি টাটা । খুব কম বয়সতে ৰতন টাটা আৰু জিমি টাটাই মাক-দেউতাকৰ বিবাহ বিচ্ছেদৰ দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হয় । কোৱা হয়, শৈশৱতে সন্মুখীন হোৱা মাক-দেউতাকৰ মাজৰ পাৰিবাৰিক অশান্তিৰ বাবেই ৰতন টাটা আৰু জিমি টাটাই কেতিয়াও বৈবাহিক জীৱনৰ পৰা আতঁৰি আজীৱন অবিবাহিত হৈ ৰ’ল।
তেতিয়াৰ বোম্বেৰ কেম্পিয়ন স্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়ি ৰতন টাটাই পিছলৈ কেথেড্ৰেল এণ্ড জন কেনন স্কুল আৰু চিমলাৰ বিছপ কটন স্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৫৫ চনত আমেৰিকাৰ নিউ য়ৰ্ক চিটিৰ ৰিভাৰডেল কাউন্টী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰে। ১৯৫৯ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা স্থাপত্যবিদ্যাত স্নাতক ডিগ্ৰী আহৰণ কৰে ৰতন টাটায় ।
১৯৬১ চনত টাটা ষ্টীল কোম্পানীত কৰ্মজীৱনৰ পাতনি মেলি নিজৰ কৰ্মপটুতাৰ বিৰল চানেকি দাঙি ধৰে ৰতন টাটায় । ১৯৯১ চনত টাটা গোষ্ঠীৰ নিয়ন্ত্ৰণকাৰী সংস্থা টাটা চন্চৰ অধ্যক্ষ হিচাপে জে আৰ ডি টাটাৰ স্থলাভিষিক্ত হয় ৰতন টাটা। তেওঁৰ কাৰ্যকালত টাটা গোষ্ঠীয়ে ভাৰত কেন্দ্ৰিক কোম্পানীৰ ছবি আঁতৰাই, টেট্লি, জাগুৱাৰ লেণ্ড ৰোভাৰ আৰু কোৰাচৰ দৰে বহুজাতিক কোম্পানীৰ স্বত্ব ক্ৰয় কৰি, এটি বিশ্বজনীন কোম্পানী হিচাপে প্ৰতিষ্ঠা লাভ কৰে । টাটা গোষ্ঠীৰ অধ্যক্ষ হিচাপে ৰতন টাটাৰ ২১ বছৰীয়া কাৰ্যকালত টাটা গোষ্ঠীৰ ৰাজহ ৪০ গুণ তথা লাভালাভ ৫০ গুণ বৃদ্ধি পায় । ৭৫ বছৰ বয়সত ৰতন টাটাই টাটা গোষ্ঠীৰ মুৰব্বীৰ দায়িত্ব চাইৰাছ মিস্ত্ৰীলৈ হস্তান্তৰ কৰে যদিও এক বিতৰ্কমুলক পৰিস্থিতিত প্ৰায় চাৰি বছৰ পিছত পুনৰ তেওঁ টাটা গোষ্ঠীৰ অন্তৰ্ৱতীকালীন অধ্যক্ষ হয় ।
দেশৰ উদ্যোগখণ্ডত বৈপ্লৱিক পৰিবৰ্তন অনাৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ব ৰতন টাটা । বিশেষকৈ অটোমোবাইল খণ্ডত সাধাৰণ ভাৰতীয় গ্ৰাহকৰ বাবে গাড়ীৰ উপলব্ধতা সহজ কৰি তোলাৰ ক্ষেত্ৰত ৰতন টাটাই যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰতন টাটা ব্যৱসায়িক লাভালাভৰ লগতে ব্যৱসায়ৰ উৰ্ধত গৈ কেনেকৈ সমাজৰ হিত সাধন কৰিব পাৰি তাৰ চানেকি গঢ়ি তোলা এজন মহান ব্যক্তি হিচাপে সদায়ে দেশবাসীৰ বাবে নমস্য হৈ ৰ’ব ।
দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণেৰে সন্মানিত ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱেৰেও বিভূষিত কৰা হৈছে । এই মহান উদ্যোগপতিজনৰ অসমৰ লগত থকা আত্মিক সম্পৰ্কৰ বাবেই অসম চৰকাৰে সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰে । চাহ উদ্যোগৰ লগতে ৰাজ্যখনৰ বিভিন্ন খণ্ডত বিনিয়োগ কৰি ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা টাটা গোষ্ঠীয়ে শেহতীয়াকৈ ৰতন টাটাৰ উদ্যোগতে জাগীৰোডত আৰম্ভ কৰিছে ছেমি কণ্ডাক্টৰ নিৰ্মাণ উদ্যোগ। তদুপৰি অসমৰ কৰ্কট ৰোগৰ চিকিৎসা খণ্ডত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে টাটা গোষ্ঠীৰ অধীনৰ সমাজসেৱা মুলক সংস্থাই ।
ৰতন টাটাৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে দেশৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আদি সকলো খণ্ডৰ নেতৃস্থানীয় ব্যক্তিসকলে ৰতন টাটাৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।