বি.চি.চি.আইৰ সচিব পদত অধিষ্ঠিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক ‘অধিবক্তা মিলন’ৰ উদ্যোগত এক বিশেষ সম্বর্ধনা জনোৱা হয়। ৬ ফ্ৰেব্ৰুৱাৰীৰ আবেলি কটন বিশ্ববিদ্যালয়ৰ এলমনাই ভৱনত অনুষ্ঠিত এই সম্বর্ধনা অনুষ্ঠানত অধিবক্তাসকলে গামোচা, চেলেং, শৰাই, প্রশংসাপত্ৰ আৰু স্মাৰক উপহাৰৰ জৰিয়তে শইকীয়াক সন্মানিত কৰে।
অধিবক্তা সমাজৰ মৰম আৰু শুভেচ্ছা গ্রহণ কৰি সচিব তথা মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতিৰ ক্ষেত্ৰখনৰ পৰা ক্ৰীড়াৰ ক্ষেত্ৰখনলৈকে তেওঁ জড়িত হোৱা ‘সন্দৰ্ভত ভাষণ প্রদান কৰে। তেওঁ কয় যে অধিবক্তাসকলৰ সুবিধাৰ স্বার্থতেই গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰৰ সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান উচ্চ ন্যায়ালয়ৰ অৱস্থিতিত পাৰ্কিঙৰ সুবিধা নাই, অধিবক্তাসকলৰ বহাৰ উপযুক্ত স্থানো নাই। সেই কাৰণে ন্যায়ালয় স্থানান্তৰ হ’লে অধিবক্তাসকলৰ যথেষ্ট সুবিধা হ’ব বুলি তেওঁ ব্যক্ত কৰে।
অনুষ্ঠানত অধিবক্তা বিজন কুমাৰ মহাজনে ভাষণ প্ৰদান কৰি কয় যে ক্ৰীড়া আৰু ওকালতি দুয়োটা ক্ষেত্ৰ একেলগে চম্ভালা সহজ নহয় , কিন্তু দেৱজিৎ শইকীয়াই দুয়োখন ক্ষেত্ৰতে নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছে। তেওঁ অসমীয়া সমাজৰ গৌৰৱ বৃদ্ধি কৰিছে বুলি মহাজনে ব্যক্ত কৰে। জ্যেষ্ঠ অধিবক্তা তন্ময় জ্যোতি মহন্তয়ো ভাষণ প্ৰদান কৰি দেৱজিৎ শইকীয়াক এজন আন্তর্জাতিক খ্যাতিসম্পন্ন ব্যক্তি হিচাপে গঢ়ি উঠাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে।
সম্বর্ধনা অনুষ্ঠানত অধিবক্তা ৰামচন্দ্র শইকীয়া, ৰঞ্জিত কুমাৰ দেৱচৌধুৰী, দিগন্ত দাস আদিয়ে ভাষণ প্ৰদান কৰে। বংকিম শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত জ্যেষ্ঠ অধিবক্তা আশিস দাশগুপ্ত, দিলীপ মজুমদাৰ, প্ৰাণ বৰা, প্রদীপসেন বৰুৱা, কুমুদ কোঁৱৰ, মাখন ফুকন আদি উপস্থিত থাকে।
