
অসমৰ গৌৰৱ ভাৰতৰ গৌৰৱ মহাৰাজা পৃথু ৰায়
সেইগৰাকীয়েই অসমৰ মহাপৰাক্ৰমী সাহসী ৰক্ষাকর্তা, যিয়ে দুষ্কৃতিকাৰী বখতিয়াৰ খিলিজিক পৰাস্ত কৰি ইছলামিক আগ্রাসনৰ পৰা এদিন পূৰ্বোত্তৰক ৰক্ষা কৰিছিল।
কিন্তু দূৰ্ভাগ্যজনক কথাযে মার্ক্সবাদী আৰু ইচলামিক ৰূপকথা লেখক ভাৰতৰ ইতিহাস ৰচয়িতাসকল আছিল সনাতন ধর্ম ৰক্ষাকর্তা জাতীয় বীৰসকলক জনসাধাৰণৰ স্মৃতিৰপৰা সন্তর্পণে আঁতৰাই ভাৰতীয় সভ্যতা সংস্কৃতিক ধ্বংস কৰা। এই সনাতন বিৰোধীসকলে উদ্দেশ্য প্ৰণোদিত ভাবে ভাৰতীয় সভ্যতা, কৃষ্টি-সংস্কৃতি ধ্বংস কৰা লোকসকলক অগ্ৰাধিকাৰ দি ভাৰতৰ মধ্যযুগৰ ইতিহাস ৰচনা কৰিছিল। সেয়ে আজিৰ পৰিস্থিতিলৈ লক্ষ্য কৰি আমি ক’ব পাৰো- আমাৰ সাহসী বীৰসকলক ৰোমন্থন নকৰাটো হ’ল দুঃখজনক বাস্তৱিক সত্য, সেয়ে ই আমাৰ এক মানসিক বিফলতা।
এক অত্যাচাৰী বিদেশী আক্ৰমণকাৰী বখতিয়াৰ খিলিজিৰ নামেৰে বিহাৰত বখতিয়াৰপুৰ নামৰ এখন চহৰ আছে, অথচ যিজন বীৰ যোদ্ধাই সেই বিদেশী আক্রমণকাৰীক এসেকা দি লাজ লগাকৈ পৰাজিত কৰিছিল, সেইগৰাকী ৰজা কামৰূপৰাজ পৃথু ৰায়ক আমি খুব কমেইহে জানো।
মহাৰজা পৃথু ৰায়-
অসমৰ বুৰঞ্জী কেইবাহাজাৰ বছৰ পুৰণি। ত্রয়োদশ শতিকাত কামৰূপ শাসন কৰিছিল মহাৰজা পৃথু ৰায়ে। খেন বংশৰ শাসনকর্তা সকলৰ অতীত আছিল আনৰ গৰ্ব খৰ্ব কৰি ৰখা আৰু সেই পৰম্পৰা নৰকাসুৰৰ দিনৰপৰাই আৰম্ভ হৈছিল। জন্মতে পৃথু ৰায়ৰ নাম ৰাখিছিল জল্পেশ্বৰ। কামৰূপৰ ৰজা পৃথু আছিল স্বাধীনচিতীয়া, স্বাভিমানী, যাৰ খ্যাতি ভাৰত বিয়পি আছিল কমতেশ্বৰী দেৱীৰ উপাসক। সেই কাৰণে তেওঁক কমতেশ্বৰ বুলিও বুলিও জনা যায়। কমতেশ্বৰী মা দুৰ্গাৰ অৱতাৰ বুলিও খ্যাত।
মহম্মদ বিন বখতিয়াৰ খিলিজি
অসম আক্ৰমণ কৰিবলৈ বহিৰাক্ৰমণকাৰীয়ে কেইবাবাৰো চেষ্টা কৰিছিল। সেইসকলৰ ভিতৰত বখতিয়াৰ খিলিজিও এজন আছিল। দিল্লীৰ সম্ৰাট মহম্মদ ঘোৰীৰ নির্দেশ মতে ১২০৪ খৃষ্টাব্দত বখতিয়াৰ খিলিজিয়ে প্রথম অসম আক্রমণ কৰে। বখতিয়াৰ খিলিজি এজন ক্রুৰ প্ৰকৃতিৰ ধৰ্মোন্মাদ মুছলমান, যি ভাৰতৰ বৃহৎ অংশ এটাক ভাঙি-চিঙি চুৰমাৰ কৰিছিল আৰু ভাৰতীয় সভ্যতা-সংস্কৃতিক নকৈ সাজিব নোৱাৰাকৈ বিধস্ত কৰিছিল। দখলীকৃত সকলো ঠাইতে লুটপাত, লুণ্ঠন, মঠ-মন্দিৰ ধ্বংস আৰু অন্যান্য গাঁঠনি সমূহ সম্পূর্ণৰূপে ধ্বংস কৰিছিল। পৃথিৰাজ চৌহানৰ পতনৰ লগে লগে তুর্কীৰাজ্যৰ চুলতান কুতুবুদ্দিন আইবাকে লাহে লাহে ভাৰতত নিজৰ আধিপত্য বিস্তাৰ কৰিলে আৰু ভাৰতীয় সভ্যতা সংস্কৃতিক ধ্বংস কৰিবলৈ ধৰিলে। ভাৰতীয় সংস্কৃতিক ধ্বংস কৰিবলৈ কুতুবুদ্দিনে, বখতিয়াৰ খিলিজিক দায়িত্ব অর্পণ কৰিলে।
ইচলামীয় বৰ্বৰতা :
১১৯৩ খৃষ্টাব্দত বখতিয়াৰ খিলিজিয়ে বিহাৰ দখল কৰি উদান্তপুৰী বিশ্ববিদ্যালয়খন বলপূর্বক লুণ্ঠন কৰি বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো জ্বলাই দিছিল আৰু প্রায় ৩ মাহ ধৰি জ্বলি থকা জুয়ে জ্বলাইছিল পেলাইছিল ভাৰতীয় মহাজীৱনৰ অপূৰ্ব মণি-মুক্তা স্বৰূপ পুৰাতন সাহিত্যবৈভৱ সমূহ!! বিক্রমশীলা বিশ্ববিদ্যালয়খনৰ প্ৰায় ৯০ লাখমান বা ততোধিক পাণ্ডুলিপি আৰু ১০ হেজাৰতকৈ অধিক ছাত্র-ছাত্রী, নকল-নবিছক নির্বিচাৰে গণহত্যা কৰিছিল।
যুদ্ধত জয়ী হৈ লেবেজান হোৱা অৱস্থাতো দৃঢ়তাৰে বংগৰ দিশে অগ্ৰসৰ হৈ ১২০৪ খৃষ্টাব্দত বখতিয়াৰে নদীয়া আৰু শেষত সম্পূর্ণ বংগদেশ দখল কৰিছিল।
খিলিজিৰে ভেটাভেটি বা মুখামুখি :
১২০৫ খৃষ্টাব্দৰ শেষৰ ফাললৈ তেওঁ বৌদ্ধধৰ্ম্মী সকলে ৰাজত্ব কৰা তিব্বত আক্ৰমণ কৰিবলৈ মন মেলিলে। ১২,০০০ মান অশ্বাৰোহী সৈন্যৰে সন্মিৱিষ্ট প্রায় ৩০,০০০ মান ধর্মোন্মাদ সৈন্য লৈ দেৱকোট নামৰ ঠাইৰপৰা তিব্বতৰ ফালে আগুৱাই গ’ল। কিন্তু তেওঁ দেখিলে যে তিব্বত আক্ৰমণ কৰিবলৈ হ’লে প্রথমে কামৰূপ আৰু ছিকিম ৰাজ্যৰ বাধা অতিক্ৰম কৰিব লাগিব। বখতিয়াৰে ভালদৰে বুজিছিল যে কামৰূপৰ ৰজাজন সাধাৰণ যুজাৰু বীৰ নহয়, সেয়ে তেওঁ বুদ্ধিৰে নাক কাটিবলৈ ৰজা পৃথু ৰায়ক দক্ষিণ তিব্বত আক্রমণ কৰিবলৈ এক প্ৰস্তাৱ আগবঢ়ালে। মহাৰাজ পৃথুৱে সেই প্রস্তাৱ প্রথমে গ্রহণ কৰিলেও তাৰ কোনো উত্তৰ নিদি বাৰিষা অহালৈ বাট চালে।
অসমৰ ধৰ্মীয় মিত্ৰতা :
টেটোন খিলিজি কামৰূপৰ পৰা নাতিদূৰৈত অৱস্থান কৰি সেই ঠাইৰ স্থানীয় মেচ্ সম্প্ৰদায়ৰ মুখিয়াল এজনৰ লগত বন্ধুত্ব স্থাপন কৰি তেওঁক ইছলাম ধৰ্মত দীক্ষিত কৰি নাম থলে আলি মেচ। তেতিয়াৰপৰাই সেই আলিয়ে কিছুদিন ধৰি বাট-পথ দেখুৱাই দি আগুৱাই লৈ আহি থাকিল। আৰু আহোতে বাটত পোৱা ঘনবসতিপূর্ণ গাওঁসমূহত বখতিয়াৰে যধে- মধে দৌৰাত্ম্য চলালে। এনেকৈ আহি আহি শেষত কামৰূপৰ উপকণ্ঠ অঞ্চলৰ বৰনদীৰ ওপৰত থকা প্রকাণ্ড শিল সাকোঁৰ কাষ পায়হি। ৰজা পৃথুৱে পৰিস্থিতি বিষম যেন দেখি সেই অঞ্চলৰ সকলো জনগোষ্ঠীৰ, যেনে- ৰাজবংশী, বড়ো, কোচ, আদি সকলোকে সামৰি লৈ এটা বৃহৎ স্থানীয় সৈন্যবাহিনী গঠন কৰিলে আৰু শেষ নিশ্বাস থকালৈকে যাতে শতৰু তুর্কী সেনাক পৰাস্ত কৰিব পাৰে, তাৰ বাবে যুদ্ধ কৰাৰ সংকল্প ল’লে।
ধৰ্মৰ বাবে অসমৰ পণ :
ৰজা পৃথুৱে সৈন্যবল এনেভাবে শক্তিশালী কৰিছিল যে যিকোনো পৰিস্থিতিতে যাতে শত্রু সৈন্যৰ ওপৰত জঁপিয়াই পৰি যুদ্ধ কৰিব পাৰে। তেওঁ বাৰিষাৰ সময়টো যুদ্ধৰ বাবে বাছি ল’লে। তেওঁ বুজিছিল যে অসমৰ জলবায়ু বিশেষকৈ বাৰিষাৰ জলবায়ুত অনভিজ্ঞ তুর্কীৰ সৈন্যই পূৰ্বোত্তৰত টিকিব নোৱাৰিব। যুদ্ধৰ সবিশেষ জ্ঞান আৰু অভিজ্ঞতা পূর্ণতা প্রাপ্ত নহ’লে, বিশেষকৈ যুদ্ধত ক্ষেত্ৰত জয় লাভ কৰা অতি কঠিন, পূৰ্বোত্তৰৰ ক্ষেত্ৰত তুর্কী সৈন্যৰ দুয়োটাই নাই। তদুপৰি পূৰ্বোত্তৰ ভাৰতৰ অৱস্থিতি আৰু জনগোষ্ঠীসমূহৰ সনাতন সংস্কৃতিৰ যি একতাৰ বান্ধোন, সেই সম্পর্কেও তুর্কীসকলৰ জ্ঞান নাই।
১১২৭ শকৰ চ’ত মাহৰ ১৩ দিনৰ দিনা :
কিছুদিন অগ্ৰসৰ হোৱাৰ পাছত বখতিয়াৰ খিলিজিৰ সৈন্যই কামৰূপ পাই দেখিলে যে ঘনবসতি অঞ্চলটো শক্তিশালী দুর্গ সদৃশ। খিলিজিয়ে তৎক্ষণাৎ সৈন্যসকলক গাওঁসমূহ আক্ৰমণ কৰি লুটপাত কৰিবলৈ নিৰ্দেশ দিলে। ৰজা পৃথুৱেও কামৰূপত মিলিত সৈন্যসকলক ব্রহ্মপুত্ৰৰ পাৰৰ যুদ্ধক্ষেত্ৰত অৱস্থান কৰি থকা তুর্কী সৈন্যসকলক আক্ৰমণ কৰি পোটক তুলিবলৈ নির্দেশ দিলে। জনগোষ্ঠীসমূহৰ সৈন্যবলৰ পৰাক্ৰমত দুৰ্বল তুর্কী সৈন্যবোৰ টিকিব নোৱাৰি যেনি তেনি পলাবলৈ চেষ্টা কৰিলে, তাৰে কিছুমানক কাটিলে আৰু আন কিছুমানক বন্দী কৰিলে। সন্মুখত পৰাজয় দেখি খিলিজিয়ে সৈন্যসহ পিছ হুহকিবলৈ ধৰিলে, ইফালে ৰজা পৃথুৱে দৃঢ়সংকল্প হৈ থাকি অবিৰাম যুদ্ধ কৰি পশ্চাদগামী বহু তুর্কী সৈন্যক নিধন কৰিলে।
তুর্কীসকলৰ অপমান :
খিলিজি আৰু কেইশমান ইছলামিক সৈন্যক ৰজা পৃথু ৰায়ে এৰি দিছিল। ৰজা পৃথু ৰায় এজন ধার্মিক লোক আছিল বুলি সেই সৈন্যসকলক এৰি দিয়া নাছিল, তেওঁ বুজিছিল যে এৰি দিয়াৰ অৰ্থ হ’ব তুর্কীসকলে পোৱা অপমানৰ দৰে অন্য আক্রমণকাৰীলৈ এক সকীয়নি আৰু লুণ্ঠনকাৰী বখতিয়াৰ খিলিজি যি সপোনলৈ পূৰ্বোত্তৰ আৰু তিব্বত জয় কৰিবলৈ অভিযান চলাইছিল। অথচ পৰাজিত হৈ অপমান লৈহে ঘুৰি যাব লগা হ’ল আৰু কেতিয়াও এইফালে মুখ দেখুৱাবলৈ আহিবলৈ সমর্থ নহ’ব। কিন্তু গা বচাই বংগদেশলৈ পলাই যোৱাৰ পাছত , ইছলামিক ধর্মান্ধতাৰে বলিয়ান ক্রুৰ তুর্কীসৈন্যৰ বেয়াকৈ অপমান হোৱাত, ইয়াৰ বাবে বখতিয়াৰ খিলিজিক দায়ী কৰি তেওঁৰেই এজন সেনাপতি আলি মৰদানে হত্যা কৰিছিল।
উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলত কটা লিপিয়ে প্ৰমাণ কৰে যে-
১২০৬ খৃষ্টাব্দত কামৰূপ আক্ৰমণ কৰিবলৈ অহা তুর্কীসকল ধ্বংস প্রাপ্ত হয়।
#কানাই_বৰশী_বোৱা শিলত লিখা বাক্য (শিলালিপি)
শাকে তুৰগ যুগ্মেশে মধু মাস ত্রয়োদশে।
কামৰূপম্ সমাগত্য তুৰস্কাঃ ক্ষয়মাযয়ুঃ।।
★ (মূল ইংৰাজীৰ পৰা মুকুল চন্দ্ৰ বড়াই কৰা অনুবাদৰ সম্পাদিত ৰূপ) -সোমনাথ তালুকদাৰ।