ভাৰতবৰ্ষ এনে এখন বিচিত্র দেশ যি সকলে বিচ্ছিন্নতাৰ কথা কয় তেওঁলোকক z+ নিৰাপত্তা প্ৰদান কৰা হয় , ৰাষ্ট্ৰৰ ৰক্ষক সকলক শিল নিক্ষেপ কৰা সকলক পুৰস্কৃত কৰা হ্য় । সন্ত্ৰাসবাদীৰ বাবে মাজনিশা আদালতৰ দুৱাৰ খুলি বিচাৰ কক্ষ স্হাপন কৰা হয় । এজন মানুহৰ কেৱল এটা নামক লৈ ইমান বিৰক্ত কিয় এচাম লোক ? বিগত ৭৫ বছৰ ধৰি তেওঁক একাংশই ঘৃণাৰ প্ৰতীক হিচাপে চিহ্নিত কৰাত অলপো ত্ৰুটি কৰা নাই। যি নামে ভাৰত বিভাজনৰ কৰুন ইতিহাসৰ বাবে চকুলো টুকিছিল, যি গৰাকী লোকে অখণ্ড ভাৰতবৰ্ষৰ সপোন বুকুত বান্ধি অহৰহ চেষ্টা অব্যাহত ৰাখিছিল । তেও আছিল অখণ্ড ভাৰতবৰ্ষৰ সপোনৰ স্ৰষ্টা নাথুৰাম গডছে। আৰু আমি আজি কম অখণ্ড ভাৰতৰ স্বপ্ন দ্ৰস্তা নাথুৰাম গডছেৰ বিষয়ে, যাৰ জ্ন্ম আজিৰ এই দিনটোতে হৈছিল । খুব কম লোকেই জানে যে কুখ্যাত কাশ্মীৰী সন্ত্ৰাসবাদীৰ মৃতদেহও তেওঁলোকৰ পৰিয়ালক হস্তান্তৰ কৰা হয়। সেনা বিৰোধী, ভাৰত বিৰোধী শ্ল’গান দি সন্ত্ৰাসবাদীয়ে তেওঁলোকক বন্দুকেৰে অভিবাদন জনোৱা কুখ্যাত সন্ত্রাসবাদী সকলৰ জীবনকলৈ এতিয়াও উদ্বিগ্ন এচাম ৰাষ্ট্ৰ বিৰোধী শক্তি। কিন্তু ৰাষ্ট্ৰৰ হকে, ৰাষ্ট্ৰৰ শুভচিন্তক নাথুৰাম গডছেৰ মৃতদেহ এই তথাকথিত মানৱতাৰ ঠিকাদাৰসকলে তেওঁৰ পৰিয়ালক দিয়া নাছিল। ইয়াৰ বিপৰীতে তেতিয়াৰ চৰকাৰৰ নিৰ্দেশত কাৰাগাৰ কৰ্তৃপক্ষই ঘাঘাৰ নদীৰ পাৰত জ্বলাই দিছিল ৰাষ্ট্ৰ নিৰ্মাণৰ সপোনত বিভোৰ হৈ পৰা গডছেৰ মৃতদেহ। আনকি নাথুৰাম আৰু আপ্তেক কাৰাগাৰত বি শ্ৰেণীৰ কোঠাত আবদ্ধ কৰি ৰখা হৈছিল। নাথুৰামে কফি খাবলৈ আৰু ডিটেকটিভ কিতাপ পঢ়িবলৈ ভাল পাইছিল। ১৯৪৯ চনৰ ১৫ নৱেম্বৰত গডছেক ফাঁচী দিয়াৰ আগদিনা পৰিয়ালটোৱে তেওঁক লগ কৰিবলৈ আম্বালা কাৰাগাৰলৈ গৈছিল।
গডছেৰ ভতিজী আৰু গোপাল গডছেৰ জীয়ৰী হিমানী সাভাৰকাৰে এটা সাক্ষাৎকাৰত কৈছিল যে মৃত্যুদণ্ডৰ আগদিনা তাই মাকৰ সৈতে নাথুৰাম গডছেক লগ কৰিবলৈ আম্বালা কাৰাগাৰলৈ গৈছিল।
সেই সময়ত তাইৰ বয়স আছিল আঢ়ৈ বছৰ। গ্ৰেপ্তাৰ হোৱাৰ পিছত গডছেক গান্ধীৰ পুত্ৰ দেৱদাস গান্ধীয়ে লগ কৰিবলৈ আৰক্ষী থানাত উপস্থিত হৈছিল। এই সাখ্যাত্কাৰৰ কথা নাথুৰামৰ ভাতৃ তথা সহ-অভিযুক্ত গোপাল গডছে তেওঁৰ গান্ধী হ্ত্যা কিয় ? নামৰ কিতাপখনত উল্লেখ কৰিছিল। গোপাল গডছে তেওঁৰ কিতাপখনত লিখিছিল, দেৱদাসে হয়তো এই আশাত আহিছিল যে তেওঁ এক ভয়ংকৰ মুখ, গান্ধীৰ ৰক্ত তৃষ্ণাতুৰ হত্যাকাৰী দেখিব, কিন্তু নাথুৰাম স্ব্ভাভিক ভাবেই নম্ৰ হৈয়ে আছিল। নিজৰ ওপৰত তেওঁৰ যথেস্থ আত্মবিশ্বাস আছিল । দেৱদাসে যি ভাবিছিল তাৰ একেবাৰে বিপৰীত ছবি নাথুৰামৰ চকুত দেখা পাইছিল। কিয়নো নাথুৰাম মনত তেতিয়াও শান্তি, মৃদুতা আৰু সন্তুষ্টিৰ অনুভূতি আছিল।
নাথুৰামে দেৱদাস গান্ধীক কৈছিল, “মই নাথুৰাম বিনায়ক গডছে। হিন্দী বাতৰি কাকত হিন্দু ৰাষ্ট্ৰৰ সম্পাদক। মইও তাত আছিলো (য’ত গান্ধীক হত্যা কৰা হৈছিল)। আজি আপুনি আপোনাৰ দেউতাকহে হেৰুৱাইছে। মোৰ কাৰণে তুমি আঘাত পাইছা। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে হোৱা বেদনাৰ বাবে মই গভীৰভাৱে দুখিত। অনুগ্ৰহ কৰি মোক বিশ্বাস কৰক, মই কোনো ব্যক্তিগত প্ৰতিদ্বন্দিতাৰ বাবে এইটো কৰা নাই। মই আপোনাক ঘৃণা নকৰোঁ বা কোনো বেয়া ভাব পোষণ নকৰো।
আজি আদালতত প্ৰশ্ন কৰা সকলৰ সময়ত আদালতত নাথুৰাম গডছেৰ বক্তব্য নিষিদ্ধ কৰা হৈছিল। আনহাতে একেকেইজন লোকেই মুম্বাই বিস্ফোৰণৰ দোষী জেকবৰ এটা এটাকৈ বিবৃতি ৰাইজৰক আৱেগিক কৰাৰ বাৱে প্ৰস্তুত কৰিছিল।
গোপাল গডছে তেওঁৰ কিতাপখনৰ প্ৰবন্ধত নাথুৰামৰ ইচ্ছাৰ কথা উল্লেখ কৰিছে। শেষ শাৰীটোত লিখা হৈছিল যে “যদি চৰকাৰে আদালতত মোৰ বক্তব্যৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰ কৰে, যেতিয়াই এনে হয়, মই আপোনাক ইয়াক প্ৰকাশ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিম ।” নাথুৰাম গডছেৰ বক্তব্যত এইটোও কোৱা হৈছিল যে বিশ্ব নাগৰিক হিছাপে মোৰ প্ৰথম দায়িত্ব হিন্দুত্ব আৰু হিন্দুসকলৰ বাবে এজন দেশপ্ৰেমী হোৱা।
30 কোটি হিন্দুৰ স্বাধীনতা আৰু স্বাৰ্থ সুৰক্ষিত কৰিলে সমগ্ৰ ভাৰত স্বয়ংক্ৰিয় ভাৱে সুৰক্ষিত হ’ব, য’ত বিশ্বৰ প্ৰতিজন পঞ্চম ব্যক্তি বাস কৰে। এই চিন্তাই মোক হিন্দু সংগঠনৰ আদৰ্শ আৰু কাৰ্যসূচীৰ ওচৰলৈ লৈ গ’ল। মই ভাবো এই আদৰ্শই ভাৰতক স্বাধীনতা দিব পাৰে আৰু ইয়াক বজাই ৰাখিব পাৰে।”তদুপৰি, গডছে গান্ধীৰ কাৰ্যশৈলী আৰু একপক্ষীয় তোষণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি লিখিছিল: “যেতিয়া গান্ধীয়ে, যি ৩২ বছৰ ধৰি তেওঁৰ চিন্তাধাৰাত উত্তেজনা সৃষ্টি কৰি আহিছিল, মুছলমানসকলৰ সপক্ষে তেওঁ অন্তিম উপবাস পালন কৰিছিল। যেতিয়া প্ৰবীণ কংগ্ৰেছ নেতা সকলে গান্ধীৰ সন্মতিৰে দেশখন বিভাজন কৰাৰ সিদ্ধান্ত লৈছিল । তেতি্যাই মই সিদ্ধান্ত লৈছিলো যে এতি্যাই গান্ধীৰ অস্তিত্ব তৎক্ষণাৎ বিলুপ্ত কৰিব লাগিব। আমাৰ পুজিত মাতৃভূমিক কেতিয়াও দ্বিখণ্ডিত হব দিয়া নহব আৰু এই সংকল্পই মোক অস্থিৰ কৰি তোলাৰ উপৰি মই ভয়ানক খঙত উত্ৰাবল হৈছিলো। মোৰ ব্যক্তিগতভাৱে কাৰো প্ৰতি কোনো বিদ্বেষ নাই, কিন্তু মই ক’ব বিচাৰো যে মই বৰ্তমানৰ চৰকাৰক সন্মান নকৰো, কিয়নো তেওঁলোকৰ নীতি মুছলমানসকলৰ পক্ষত আছিল। কিন্তু একে সময়তে, মই স্পষ্টভাৱে দেখিছোঁ যে এই নীতিবোৰ কেৱল গান্ধীৰ উপস্থিতিৰ বাবেহে হৈছিল।”
১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে প্ৰাৰ্থনা সভাৰ ৪০ মিনিট আগতে দিল্লীৰ বিৰলা ভৱনত উপস্থিত হয়। গান্ধীয়ে প্ৰাৰ্থনা সভাৰ বাবে চৌহদত প্ৰৱেশ কৰাৰ লগে লগে নাথুৰামে প্ৰথমে হাত জোৰ কৰি তেওঁৰ ওচৰত নমস্কাৰ জনাই , নিজৰ লগত থকা পিষ্টলেৰে গান্ধীক তিনিটা গুলীৰে থকাসৰকা কৰে। মহাত্মা গান্ধীক হত্যা কৰাৰ পিছত গডছে তাৰ পলাই যাবলৈ কোনো প্ৰয়াস কৰা নাছিল। উল্লেখ্য, নাথুৰাম গডছেক প্ৰথমে গোচৰটোৰ বাবে পঞ্জাৱ উচ্চ ন্যায়ালয়ত হাজিৰ কৰোৱা হৈছিল। ১৯৪৯ চনৰ ৮ নৱেম্বৰত এবছৰতকৈও অধিক সময় বিচাৰৰ পিছত তেওঁক মৃত্যুদণ্ড দিয়া হয়। নাথুৰাম গডছেৰ এটা বাক্য আছিল: “যিদিনা সঁচা ইতিহাস লিখা হ’ব সেইদিনা মোৰ কাৰ্য্যক প্ৰশংসা কৰা হ’ব। আৰু যেতিয়া পাকিস্তানলৈ বৈ যোৱা সিন্ধু নদী ভাৰতৰ পতাকাৰ তলেদি ববলৈ আৰম্ভ কৰিব, মোৰ হাড়বোৰ ইয়াত প্ৰবাহিত কৰি দিবা । যদিওবা কেইটামান প্ৰজন্মৰ বাবে অপেক্ষা কৰিব লগা হ’লেও এইটো কৰা উচিত । নাথুৰাম গডছেৰ চিতাভস্ম এতিয়াও নাগপুৰত অপেক্ষা কৰি আছে।