অসমীয়া ভাষা-সাহিত্যক বিশ্বমুখী প্ৰাণ দিয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড° মামনি ৰয়ছম গোস্বামীৰ আজি পবিত্ৰ পুণ্য তিথি।
মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।
মামণি ৰয়ছম গোস্বামী এগৰাকী বিশিষ্ট লেখিকাই নাছিল, তেখেত আছিল এগৰাকী মানৱতাবাদী, যাৰ সাহিত্যিক আৰু সামাজিক অৱদানে কেৱল অসমতেই নহয়, ভাৰত তথা আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চিৰ যুগমীয়া স্বাক্ষৰ ৰাখি থৈ গৈছে। ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ গৱেষক ড° ইন্দিৰা গোস্বামীয়ে তেখেতৰ অসামান্য প্ৰতিভাৰে অসমীয়া সাহিত্যক দেশ আৰু বিশ্বৰ বুকুত স্বকীয় মৰ্যাদাৰে চিনাকি কৰাই দি আমাক চহকী কৰি গৈছে৷ মামণি ৰয়ছম গোস্বামীৰ অৱদানক উত্তৰপ্ৰজন্মই চিৰদিন মান্যতা প্ৰদান কৰিব৷
আজি পুণ্যতিথিত এইগৰাকী মহীয়সী নাৰীক অসীম শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ৷
