প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কালি বিয়লি নতুন দিল্লীত
প্ৰধানমন্ত্ৰীক সাক্ষাৎৰ সময়ত অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়টো অৱগত কৰে মুখ্যমন্ত্ৰী শর্মায়৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ এনে সাক্ষাৎৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত সকলক সহায় আৰু পুনৰ্সংস্থাপনৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী গৰাকীক ৷ ইপিনে ৰাজ্য চৰকাৰে এই সময়ত গ্ৰহণ কৰা কেইবাটাও ব্যৱস্থাৰ বিষয়েও অৱগত কৰে প্ৰধানমন্ত্ৰী গৰাকীক ৷ প্ৰধানমন্ত্ৰীয়ে বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিস্তৃত তথ্য লয় আৰু এই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক প্ৰশংসা কৰা বুলিও এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শেহতীয়া কেইবাটাও উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে এই সাক্ষাৎ পৰ্বত।