গুৱাহাটী ঃ এক অক্টোবৰ ঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথিৰ লগত সংগতি ৰাখি অসম ডাউন টাউন বিশ্ববিদ্যালয়ে অহা ৬ ৰ পৰা জ্৮ অক্টোবৰ ২০২১ লৈ মহাপুৰুষজনাৰ বৰগীতৰ এটি কৰ্মশালাৰ আয়োজন কৰিছে৷ ১৪ বছৰৰ ওপৰৰ আৰু সংগীতৰ প্ৰাথমিক জ্ঞান থকা সকলো ছাত্ৰ-ছাত্ৰী আৰু সংগীত অনুৰাগীয়ে এই কৰ্মশালাত যোগ দিব পাৰিব৷ বৰগীতৰ শিল্পী আৰু প্ৰশিক্ষক গৌতম বায়নৰ পৰিচালনাত অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ অনলাইন আৰু অফলাইন- উভয় ধৰণে সমান্তৰাল ভাবে অনুষ্ঠিত হ’ব৷ এই কৰ্মশালাত ভাগ লোৱা মাচুল এশ টকা৷ অৰ্থনৈতিকভাবে দুৰ্বল ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা অনা প্ৰমাণপত্ৰ দি আবেদন কৰিলে যোগদানৰ মাচুল ৰেহাই দিয়া হ’ব৷ প্ৰতিগৰাকী অংশগ্ৰহনকাৰীক প্ৰমাণ পত্ৰ দিয়া হ’ব৷ আবেদনৰ অন্তিম তাৰিখ পাঁচ অক্টোবৰ, ২০২১৷ এই বিষয়ে অধিক জানিবলৈ বিতোপন গগৈৰ সতে ৭০০২৭ ৯৯৮১৪ নম্বৰত যোগাযোগ কৰিব লাগিব৷
বিশ্ববিদ্যালয়ৰ মানৱতা আৰু সমাজবিজ্ঞান অনুষদৰ পৰিবেশ্য কলা শাখাৰ দ্বাৰা আয়োজিত আৰু বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালাত উপস্থিত থাকিব বিচৰাসকলে ক’ভিদ প্ৰটকল মানি দুয়োটা পালি ভেকচিন লোৱা প্ৰমাণপত্ৰ আবেদনৰ সময়তে জমা দিব লাগিব৷ অধিক জানিবলৈ শ্ৰী শৰৎ ৰাগৰ সতে ৭০০২৪ ৯৪০৯১ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ে আৰম্ভ কৰা পৰিৱেশ্য কলাৰ বিএ পাঠ্যক্ৰমত সংগীত, নৃত্য আৰু অভিনয়ৰ নামভৰ্তি চলি আছে আৰু ‘কুৱেৰ’সকল, অৰ্থনৈতিকভাবে দুৰ্বল আৰু দিব্যাংগসকলক মাচুলৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিয়া হৈছে৷