অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সনাতন ডেকাৰ সত্যকাৰী দুই অভিযুক্তক
হাজোৰ মনাহকুচিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। সনাতন ডেকা নামৰ এজন পাচলি ব্যৱসায়ীক ৫ জন লোকে মিলি মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল।
হত্যাকাৰী ৫জন হৈছে ফইজুল আলী, লজলিল আলী, শবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলী। সনাতন ডেকাই শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত কিন্তু লকডাউনৰ সময় চোৱাত আৰ্থিক সংকটৰ বাবে পাচলি বিক্ৰী কৰিবলৈ লৈছিল।
আৰ্থিক সংকটৰ বাবে পাচলি বিক্ৰী কৰিবলৈ ওলাই যাওতেই ৰাজপথত এটা সাধাৰণ দুৰ্ঘটনাত সনাতন দাসৰ চাইকেলে খুন্দা মাৰে লজলিল আলী আৰু ফাইজুল হকৰ গাড়ীত। সেই সামান্য কথাতেই ফাইজুল আৰু লজলিল জপিয়াই পৰে সনাতন দাসৰ ওপৰত।
, ফাইজুলে সনাতন ডেকাক হত্যা কৰিবলৈ মাতি আনে অন্য তিনিজন বন্ধু খবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলীক।আৰু ৫ জনে মিলি অতি নৃশংসভাৱে হত্যা কৰিছিল এজন খাতি খুৱা অসমীয়া সনাতন ডেকাক ।
সনাতন ডেকাৰ হত্যাত জড়িত থকাৰ অভিযোগত দুই অভিযুক্ত ফইজুল হক আৰু ইউচুফুদ্দিন আহমেদক নিশা গ্ৰেপ্তাৰ কৰে হাজো আৰক্ষীয়ে। মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথৰ নেত্বতত হাজো আৰক্ষীয়ে হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ ভিচৰতে সফল অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়ো হত্যাকাৰীক। সম্প্ৰতি আন ৩জন হত্যাকাৰী বৰ্তমানেও পলাতক অৱস্থাত।আনহাতে এই হত্যা কাণ্ডৰ লগত জড়িত থকা আটাইকেইটা নৰ পিশাসকে ফাঁচীৰ দাবীত স্থানীয় ৰাইজে হাজো আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।