সমগ্ৰ ভাৰতৰ লগতে অসমৰ ভিন্ন স্থানতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে।সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ পৰা ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। গুৱাহাটীৰ বিভিন্ন স্থানৰ গণেশ মন্দিৰ সমূহৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানসমূহেও আয়োজন কৰিছে গণেশ চতুৰ্থীৰ পূজা, অৰ্চনা।গনেশ মন্দিৰ সমূহত আজি পুৱাৰ পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাত ব্যস্ত হৈছে অগণন ভক্ত। গণেশ চতুৰ্থী হৈছে হিন্দু দেৱতা গণেশৰ বাৰ্ষিক উপাসনা উৎসৱ।শিৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশক বুদ্ধিমত্তা, সমৃদ্ধি আৰু সৌভাগ্যৰ সৰ্বোচ্চ দেৱতা হিচাপে গণ্য কৰা হয়।বিশ্বাস অনুসৰি, এই বিশেষ দিনটোত ভগৱান গণেশ তেওঁৰ ভক্তসকলৰ আকাংক্ষা পূৰণ কৰিবলৈ পৃথিৱীলৈ নামি আহে।ভাৰতৰ বাহিৰেও এই উৎসৱ নেপালত উদযাপন কৰা হয়। শ্ৰীলংকাৰ তামিল হিন্দুসকলেও গণেশ চতুৰ্থী উদযাপন কৰে। গণেশ চতুৰ্থী ভগৱান গণেশৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হয়।হিন্দু বৰ্ষপঞ্জী অনুসৰি, ভাদ মাহত শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়। দহ দিনীয়া গণেশোৎসৱ অনন্ত চতুৰ্দশীত সমাপ্ত হয়।গণেশ উৎসৱৰ আৰম্ভণিতে গণেশৰ মূৰ্তি ঘৰলৈ আনি মন্দিৰত স্থাপন কৰা হয়। প্ৰাণপ্ৰতিষ্ঠাৰ দ্বাৰা গণেশ চতুৰ্থীৰ পূজা আৰম্ভ হৈ ৰীতি-নীতি-নিয়মৰ মাজৰে গণেশৰ উপাসনা কৰা হয়।
১০ দিনীয়া এই উৎসৱৰ শেষৰ দিনটোক অনন্ত চতুৰ্দশী বুলি জনা যায়। এই দিনটোতে ঢোল, ভক্তিমূলক গীত আৰু নৃত্যৰ সৈতে এক বিশাল শোভাযাত্ৰা কৰি নদীত ভক্তসকলে গণেশৰ মূৰ্তি বিসৰ্জন দিয়ে