ডিজিটেল ডেস্ক : আজি পহিলা ব’হাগ । অসমীয়া নৱ বৰ্ষৰ প্রথম দিন। ৰাজ্যৰ চৌদিশে ৰঙালী বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী । পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে ৰাজ্যবাসীয়ে পালন কৰে ।
গৰু বিহুৰ পিছদিনা উদযাপন কৰা হয় মানুহ বিহু ।বৃহস্পতি বাৰে পহিলা ব’হাগ বা মানুহ বিহু উপলক্ষে পুৱা মাহ-হালধিৰে গা-পা ধুই সৰুৱে ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্বাদ দিয়াৰ উপৰিও বিহুৱান প্ৰদান কৰে । নতুন বছৰ উপলক্ষে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত বিহুৱান প্ৰদান কৰা হয় । ইফালে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ মন্দিৰ সমূহত ব্যাপক ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ।
অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত বিভিন্ন জনে বছৰটোৰ কুশল কামনা কৰি ভগবানৰ চৰনত মূৰ দোৱাই প্ৰাৰ্থনা কৰে । মহানগৰীৰ উগ্ৰতৰা দেৱালয়, কামাখ্যা, গনেশ মন্দিৰ আদিতো ভক্তৰ ভিৰ দেখা গৈছে ।