সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১০ আগষ্টত বিশ্ব সিংহ দিৱস পালন কৰা হয়। সিংহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰা এই দিৱসৰ মূল উদ্দেশ্য । এই দিৱসৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বতে এই জন্তুটোৱে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু সিংহৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা।বাসস্থানৰ অভাৱ, জলবায়ু পৰিৱৰ্তন আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায় আদিৰ বাবে সিংহৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে ।তথ্য অনুসৰি বৰ্তমান বিশ্বত সিংহৰ জনসংখ্যা ৩০,০০০ৰ পৰা এক লাখৰ ভিতৰত ।
২০১৩চনৰ পৰা বিশ্ব সিংহ দিৱস পালন কৰি অহা হৈছে। এই দিৱসটো আৰম্ভ কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিৱেশবিদ ডেৰেক আৰু বেভাৰ্লি জৌবাৰ্টে । সিংহৰ ৰক্ষাৰ লক্ষ্যৰে ২০০৯ চনত বিগ কেট ইনিচিয়েটিভ (বিচিআই) প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে সমগ্ৰ বিশ্বত বনৰজাৰ সংখ্যা হ্ৰাস হৈ অহাৰ দিশটোৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।উল্লেযোগ্য যে ভাৰত এছিয়াটিক সিংহৰ শেষৰটো বাকী থকা জনসংখ্যাৰ বাসস্থান । এই সিংহবিধ কেৱল গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা যায় ।