গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ প্ৰতিখন সত্ৰ নামঘৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে । হৰিনামৰ আমিয়াৰসত বোৰ গৈছে ৰজ্যবাসী
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি আৰু মনোৰমা আইৰ ঔৰসত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰন কৰে। বাৰকুৰি বৰগীতৰ (বৰ্তমান ১৫৭টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।
ভক্তিচেতনা আৰু অনুপম সৃষ্টিৰাজিৰে বৃহত্তৰ অসমীয়া জাতিক প্ৰাণৱন্ত কৰি যোৱা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে মানৱতাবোধ, শান্তি-সমন্বয় আৰু আধ্যাত্মিকতাৰ মাজেৰে এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়াৰ আদৰ্শ দেখুৱাই থৈ গৈছে। আজি তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম জনালোঁ। গুৰুজনাৰ পদধূলিৰে ধন্য পৱিত্ৰ ভাৰত ভূমিক অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিবলৈ সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। গুৰুজনাৰ জীৱনাদৰ্শ আৰু মহান বাণীসমূহ হ’ল আমাৰ বাবে পথ-প্ৰদৰ্শকস্বৰূপ।
আধ্যাত্মিকতা, ভাতৃত্ববোধ আৰু সমন্বয়ৰ ভাৱধাৰাৰে মহাপুৰুষজনাই বৃহত্তৰ অসমীয়া সমাজক শক্তিশালী কৰি গৈছে। গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰসাৰৰদ্বাৰা এখন নতুন ভাৰত গঢ়াৰ বাবে জাতি-জনগোষ্ঠীসমূহে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা-চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।