এক শৰণ নামধৰ্মৰ প্ৰতিষ্ঠাপক, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭৩ সংখ্যক আৱিৰ্ভাৱ তিথি। আজি পুৱাৰে পৰা ৰাজ্যৰ নামঘৰসমূহ ধ্বনিত হৈছে হৰিনামেৰে। যেন সমগ্ৰ ৰাজ্য বুৰ গৈছে ভক্তিৰসত ।
১৪৪৯ খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰীত জন্ম হৈছিল মহাপুৰুষ শংকৰদেৱৰ । পিতৃ কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যাসন্ধা দেৱী। পিছত, বুঢ়ীমাক খেৰসুতীয়ে তুলি-তালি ডাঙৰ দীঘল কৰিছিল শংকৰদেৱক । সৰুতে পঢ়াৰ প্ৰতি ধাউতি নথকা শংকৰক বুঢ়ীমাক খেৰখুতিয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত নাম লগাই দিয়ে। বৰ্ণমালাৰ প্ৰাৰম্ভিক জ্ঞান আহৰণ কৰিয়েই শংকৰদেৱে লিখিছিল “কৰতল কমল” শীৰ্ষক আকাৰ ইকাৰ অথবা যুক্তাক্ষৰ বিহীন এটি কবিতা । শিশু শংকৰৰ এই বিৰল প্ৰতিভাই সকলোকে আচৰিত কৰি তুলিছিল। পিছলৈ, গুৰু মহেন্দ্ৰ কন্দলিয়েই শংকৰক দিছিল ‘দেৱ’ উপাধি।
গুৰু মহেন্দ্ৰ কন্দলিৰ তত্বাৱধানত বেদ, পুৰাণ, সংহিতা, ব্যাকৰণ, দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠি শংকৰদেৱে কম সময়ৰ ভিতৰতে এজন বিদগ্ধ পণ্ডিত হিচাপে পৰিচিত হৈ পৰে। শংকৰদেৱ একেধাৰে ধৰ্ম প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, চিত্ৰশিল্পী, নৃত্যশিল্পী, গীতিকাৰ, সুৰকাৰ আদি বিভিন্ন গুণৰ আকৰ আছিল। ভক্তি আন্দোলন আৰম্ভ কৰি সমাজৰ পৰা কু-সংস্কাৰ, অন্ধ-বিশ্বাস আঁতৰাই এখন সুখময়, শান্তিময়, ভগৱান বৎসল সমাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল মহাপুৰুষজনায় ।
গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত ধৰ্মপ্ৰাণ ৰাইজে বন্তি-শৰাই নৈবেদ্য আগবঢ়াই গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছে।