
ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱৰ এক সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ভাই-ভনী সকলো মিলি তেখেতসকলৰৰ মুঠ দহোটা সন্তান আছিল। পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা।
অসম তথা ভাৰতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল ড০ভূপেন হাজৰিকা। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল।ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। হাজৰিকাই সংগীত, সাহিত্য, পৰিৱেশ্য কলা , চলচ্চিত্ৰ আদিৰ বিভিন্ন অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত ভাগ লৈ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব