January 17, 2025

বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) –  ‘‘মহিলাসকল দেৱীও নহয়, দাসীও নহয়। ৰাষ্ট্ৰৰ বিকাশত পুৰুষৰ সৈতে সমানে আগুৱাই যোৱাৰ অংশীদাৰী তথা কৰ্তব্য আছে মহিলাসকলৰ । দেশভক্তি, পূৰ্বপুৰুষৰ গৌৰৱ আৰু সংস্কৃতিৰ প্ৰতি থকা ভালপোৱাই হ’ল হিন্দুত্ব।

হিন্দুত্ব অথাৎ পবিত্ৰ ‌জীৱনমূল্যৰ সমূদায়েই হ’ল এই দেশৰ আধাৰ আৰু প্ৰাণ। ইয়াৰ আলমতে সমতাপূৰ্ণ, শোষণমুক্ত সমাজ নিৰ্মাণ কৰা আৰু হিন্দু ৰাষ্ট্ৰক পৰম বৈভৱৰ স্থিতিলৈ পৰিবৰ্ত‌িত কৰাই হ’ল সংঘৰ লক্ষ্য। দেশপ্ৰেমী সকলো লোকেই সংঘৰ দৃষ্টিত হিন্দু।’’ এনে ধৰণেৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঁ. মোহন ভাগৱত ডাঙৰীয়াই ভৱিষ্যতৰ ভাৰত’ শীৰ্ষক দ্বিতীয় দিনাৰ আলোচনা চক্ৰত হিন্দুত্ব সম্পৰ্কীয় বিচাৰধাৰক স্পষ্ট ৰূপত ব্যাখ্যা কৰে। তেখেতে সংঘৰ লক্ষ্যক স্পষ্ট কৰি কৈছিল যে এখন সামৰ্থশীল, শক্তিশালী সম্পন্ন ভাৰত বিশ্বৰ প্ৰতিখন দুৰ্বল সমাজৰ সম্বল হ’ব। ই সামৰ্থশীল হোৱাৰ লগতে অনুশাসন আৰু একাত্মতাৰে প্ৰেৰণাদায়ক হ’ব।

সংঘৰ বিচাৰ হিন্দু্ত্বৰ বিচাৰ। পুৰণি আৰু সকলোৱে সন্মান কৰা এটা কাৰ্যপন্থা। সেয়ে আমি পূৰ্বপুৰুষে দেখুওৱা মাৰ্গদৰ্শন বা সংস্কাৰেৰে চলি আহিছো। যদি হিন্দুত্ব কি বুলি প্ৰশ্ন হয় তেন্তে ক’ব লাগিব যে সকলোৰে কল্যাণৰ মাজেৰে নিজৰ কল্যাণ, এনে জীৱন প্ৰৱৰ্ত্তনৰ অনুশাসন হিন্দুত্বই দিয়ে আৰু ইয়ে সমাজৰ বিবিধতাক স্বীকাৰ কৰে।

ৰাষ্ট্ৰৰ উন্নতিৰ বাবে সামাজিক অনুদান পুঁজিৰ আৱশ্যকতাৰ ওপৰত ৰেখাপাত তৈয়াৰ কৰি জাপানৰ উদাহৰণেৰে ডাঁ. ভাগৱত ডাঙৰীয়াই কয় যে সংঘই অনুশাসিত সামাজিক জীৱন আৰু সমাজহিতত প্ৰাধান্য দিয়ে। দেশৰ বাবে সাহসিকতা, ত্যাগ আৰু দেশৰ প্ৰত্যেক কাৰ্য উৎকৃষ্টতাৰে সম্পন্ন কৰি এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পৰা যায়। স্বয়ংসেৱক সকলে সমাজৰ আৱশ্যক কাৰ্য নিজৰ ক্ষমতা আৰু ইচ্ছা‌নুযায়ী বিভিন্ন অঞ্চলত সম্পন্ন কৰে। সংঘ আৰু স্বয়ংসেৱক সকলৰ পৰস্পৰ আলোচনা হয় যদিও স্বাৱলম্বী আৰু স্বতন্ত্ৰ ভাবে স্বয়ংসেৱক সকলে কাৰ্য সম্পন্ন কৰে।

হিন্দু ৰাষ্ট সম্পৰ্কত তেখেতে কয় যে সংঘৰ উদ্দেশ্য হ’ল বন্ধুত্বভাৱ স্থাপন কৰা আৰু এই বন্ধুত্বভাৱৰ এটাই লক্ষ্য হ’ল ‘বিবিধতাৰ মাজত ঐক্য’। এই বিচাৰধাৰা নিৰন্তৰ সত্য আৰু বিশ্বই ইয়াক হিন্দুত্ব বুলি স্বীকাৰ কৰে। সেয়ে আমাৰ ৰাষ্ট্ৰ হিন্দু ৰাষ্ট্ৰ। হিন্দু ৰাষ্ট্ৰ মানে এইটো নহয় যে ইয়াত মুছলমানৰ উপস্থিতি অব:± কৰা, এইটো একেবাৰেই নহয়। যিদিনাই মুছলমানৰ উপস্থিতি নালাগে ব‌ুলি কোৱা হ’ব সেইদিনাই পৰাই হিন্দুত্ব নাইকিয়া হৈ পৰিব।

সংঘ আৰু ৰাজনীতিৰ সম্বন্ধত ডাঁ. ভাগৱত ডাঙৰীয়াই স্পষ্ট কৰি দিয়ে যে সংঘই জন্মলগ্মৰে পৰা ৰাজনীতিৰ সৈতে দূৰত্ব বজাই ৰাখিছে। সংঘৰ কোনো পদাধিকাৰীয়ে কোনো ৰাজনীতিক দলৰে পদাধিকাৰী হ’ব নোৱাৰিব। সংঘৰ কাম হ’ল সমাজক একত্ৰ‌িত কৰা। ৰাজশাসন কোনে চলাব তাৰ সিদ্ধান্ত জনতাৰ। কিন্তু ৰাষ্ট্ৰহিতৰ বাবে ৰাজ্য কেনেদৰে চলে ইয়াৰ মতামত সংঘই লোকতান্ত্ৰিকতাৰে প্ৰয়াস কৰে। সংঘই ৰাজনীতিৰ পৰা দূৰত থাকে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সংঘই অনুপ্ৰৱেশকাৰী সম্বন্ধে মৌন থাকিব। এনেবোৰ ৰাষ্ট্ৰীয় সমস্যাত ৰাজনীতিৰ মুখ্য ভূমিকা থাকে। কিন্তু সমস্য সমাধান হওক বা নহওক পৰিণাম সমগ্ৰ দেশে ভূগে সেয়ে এনে সমস্যাৰ ওপৰত সংঘই সদায়ে নিজৰ মন্তব্য উপস্থাপন কৰি আহিছে। লগতে সংঘই  স্বয়ংসেৱকক কোনো ‌বিশেষ দলৰ হৈ কাৰ্যকৰাৰ নিৰ্দেশনা দিয়া নাযায়। এই ক্ষেত্ৰত তেখেতসকল স্বাধীন।

মহিলা সকলৰ সম্বন্ধত মন্তব্য কৰি কয় যে আমাৰ সংস্কৃতিত মহিলাসকলক দেৱীৰ মান্যতা দি আহিছে। সমাজৰ এটি অংশ হোৱাৰ বাবেই মহিলাসকলকৰো সমাজ জীৱনৰ সকলোতে সমঅধিকাৰ আৰু কৰ্তব্য আছে। সেয়ে তেওঁলোকৰ লগত সমান ব্যৱহাৰ হোৱা উচিত। আজিৰ বহু অঞ্চলত পুৰুষতকৈয়ো মহিলাই ভাল কাম কৰি আহিছে। সেয়েহে মহিলা আৰু পুৰুষ এজনে আনজনৰ পুৰক।

 

ভৱিষ্যতৰ ভাৰতবৰ্ষ – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৃষ্টিভংগী

 

বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) –  ‘‘ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত বিষবাষ্প বিয়পোৱা সকলো ধৰণৰ পথ সম্পূৰ্ণৰূপে নাশ কৰিব লাগে। তেখেতৰ মতে সংৰক্ষণৰ পৰা লাভাম্বিত হোৱা লোকে স্বয়ং ইয়াৰ আৱশ্যকতাৰ বিৰোধ নকৰা পৰ্যন্ত সংৰক্ষণ ব্যৱস্থা প্ৰচলিত কৰি ৰাখিব লাগে। প্ৰয়োজন সাপেক্ষে ইয়াৰ বাবে ১০০-১৫০ বছৰ আৱশ্যক হ’লেও কোনো অসুবিধা নহ’ব। কাৰণ সংৰক্ষণ কোনো সাধাৰণ সমস্যা নহয়, ই হ’ল ৰাজনৈতিক সমস্যা।’’ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঁ. মোহন ভাগৱত ডাঙৰীয়াই দিল্লীৰ বিঞ্জান ভৱনত আযোজিত তিনিদিনীয়া ‘ভৱিষ্যতৰ ভাৰতবৰ্ষ’ শীৰ্ষক আলোচনা চক্ৰৰ অন্তিম চৰণৰ আম‌ন্ত্ৰ‌িত বিশিষ্ট লোকসকলৰ প্ৰশ্নৰ উত্তৰত এনেদৰে প্ৰকাশ কৰে।

তেখেতে পিছপৰা বৰ্গৰ বিবাহ পূৰ্ণ সমৰ্থন কৰে। সংঘৰ লগত সম্পৰ্কীত লোকসকলৰ মাজত সন্মতি সপক্ষে পিছপৰা বৰ্গৰ লোকৰ সৈতে বিবাহ সমাপন হৈ আহিছে।

ৰাম জনমভূমিৰ ওপৰত সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে ‘‘ৰাম জনমভূমি অয্যোধাত বহু পূৰ্বেই মন্দিৰ নিৰ্মাণ হৈ উঠিব লাগিছিল। ই সম্পূৰ্ণ হোৱাহেতেন ‘হিন্দু মুছলিমৰ একতা’ দৃঢ় হৈ পৰিলহেতেন আৰু মুছলিমৰ ওপৰত উঠা অপযশ নাইকিয়া হ’লহেতেন।

দেশ সুৰক্ষাৰ লগত জড়‌িত প্ৰশ্নৰ উত্তৰত কৈছিল যে ‘‘দেশত আভ্যন্তৰনত অশান্তি সৃষ্টি কৰিব খোজা ব্যক্তি সকলৰ লগত কঠোৰ ব্যৱহাৰ কৰিব লাগে। সমাজৰ কোনো লোকে এনে লোকক সমৰ্থন কৰিব নালাগে। সমাজৰ দুখীয়া-দুৰ্বল লোককো যাতে কোনেও অনিষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক হৈ থকা উচিত।

মুছলমান লোকৰ সৈতে সংঘৰ সম্পৰ্কৰ প্ৰশ্নৰ উত্তৰত সৰসংঘচালক ডাঙৰীয়াই উল্লেখ কৰিছিল যে ভাৰতবৰ্ষক মাতৃভূমি, তথা ইয়াৰ সংস্কৃতি আৰু পূৰ্বপুৰুষ সকলক নিজৰ বুলি ঞ্জান কৰা সকলো লোকক সংঘই হিন্দু হিচাবে আকোৱালি লয়।

এচ চি আৰু এচ টি এক্টৰ লগত জড়‌িত প্ৰশ্নৰ উত্তৰত কৈছিল যে ‘‘নিম্ন বৰ্গৰ লোকৰ ওপৰত অত্যাচাৰ চলে, এই কথা নুই কৰিব নোৱাৰি। এই অত্যাচাৰ ৰোধ কৰাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে। লগতে এই আইন অন্য লোকে দুৰোপয়োগ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। নোটবন্ধী সম্বন্ধীয় প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে যিকোনো ৰাজনৈতিক ব্যৱস্থাত ১০০ শতাংশ আ‌দৰ্শৰ বিকল্প অতি কঠিন। এনে অৱস্থাত যিটো সৰ্বশ্ৰেষ্ঠ বিকল্প সম্ভৱ সেইটোহে গ্ৰহণ কৰা উচিত।’’

তেখেতে মহাভাৰতৰ উদাহৰণ দি কৈছিল যে ‘‘কৌৰব আৰু পাণ্ডৱ সকলক সংগ দিয়াক লৈ যাদৱ সকলৰ মাজতো মতপাৰ্থক্য আছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণই স্পষ্ট কৰি দিছিল যে আমি সৰ্বশ্ৰেষ্ঠ বিকল্পৰ লগত থাকিব লাগে।’’

জনসংখ্যা নিয়ন্ত্ৰণ আৰু জনসাংখ্য‌িক পৰিৱৰ্তনৰ প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল-এটা সমুচিত আৰু সুবিধাদায়ক জনসংখ্যা নীতি প্ৰৱৰ্তন কৰিব লাগে। প্ৰযোজনীয়তা থকা অঞ্চলত ‌ইয়াক প্ৰয়োগ কৰিব লাগে। কিয়নো সমাজ ইয়াৰ বাবে দায়ীবদ্ধ।

ধৰ্মান্তৰণৰ সম্বন্ধত সোধা প্ৰশ্নৰ উত্তৰত ডাঁ. মোহন ভগৱত ডাঙৰীয়াই কৈছিল যে ‘‘সকলো ধৰ্ম সমান হ’লে ধৰ্মান্তৰণৰ প্ৰযোজনীয়তা ক’ত? পৃথিবীৰ সকলো ঠাইতেই ধৰ্ম পৰিৱৰ্তন হৈ আছে। ‌ইয়াৰ উদ্দেশ্য সন্দেহজনক। সেয়েহে ইয়াক বিৰোধ কৰা উচিত।’’

মহিলা সকলৰ সুৰক্ষা সম্পৰ্কীয় প্ৰশ্ন উত্তৰত কৈছিল যে ‘‘মহিলাসকলক আত্ম সুৰক্ষাৰ বাবে সজাগ তথা সক্ষম কৰি তুলিব লাগিব। লগতে সমাজ ব্যৱস্থাত মহিলাসকলৰ প্ৰতি থকা দৃষ্টিভংগী পৰিৱৰ্তিত কৰিব লাগিব।’’

শেষত সংঘৰ বিষয়ে ভুল সিদ্ধান্ত লোৱা লোকসকলক ডাঁ. মোহন ভগৱত ডাঙৰীয়াই আহ্বান জনায় যে ‘‘সংঘক বুজিবলৈ হ’লে প্ৰথমে সংঘক ওচৰৰ পৰা পৰ্যবেক্ষণ কৰক আৰু তাৰ অন্তত নিজৰ মন্তব্য ব্যক্ত কৰক। লগতে তেখেতে সকলোকে আহ্বান জনায় যে নিস্কৃয় হৈ থকাৰ পৰিবৰ্তে সকলোবে সমাজৰ প্ৰতি সেৱা আগবঢ়াব লাগে। ৰাষ্ট্ৰীয়সত্ত্বাক দৃঢ় কৰিবলৈ যৎপৰনাস্তি চেষ্টা কৰিব লাগে। তেখেতে লগতে কৈছিল যে সংকটেৰে আৱৰি থকা পৃথিবীখনক আজি তৃতীয় পথ এটিৰ আৱশ্যক আৰু এই পথ দেখুৱাবলৈ অন্তঃনিহিত শক্তি মাত্ৰ ভাৰতবৰ্ষৰ ওচৰত আছে।’’

 

10cric

bc game

dream11

1win

fun88

rummy apk

rs7sports

rummy

rummy culture

rummy gold

iplt20

pro kabaddi

pro kabaddi

betvisa login

betvisa app

crickex login

crickex app

iplwin

dafabet

raja567

rummycircle

my11circle

mostbet

paripesa

dafabet app

iplwin app

rummy joy

rummy mate

yono rummy

rummy star

rummy best

iplwin

iplwin

dafabet

ludo players

rummy mars

rummy most

rummy deity

rummy tour

dafabet app

https://rummysatta1.in/

https://rummyjoy1.in/

https://rummymate1.in/

https://rummynabob1.in/

https://rummymodern1.in/

https://rummygold1.com/

https://rummyola1.in/

https://rummyeast1.in/

https://holyrummy1.org/

https://rummydeity1.in/

https://rummytour1.in/

https://rummywealth1.in/

https://yonorummy1.in/

jeetbuzz

lotus365

91club

winbuzz

mahadevbook

jeetbuzz login

iplwin login

yono rummy apk

rummy deity apk

all rummy app

betvisa login

lotus365 login

betvisa login

https://yonorummy54.in/

https://rummyglee54.in/

https://rummyperfect54.in/

https://rummynabob54.in/

https://rummymodern54.in/

https://rummywealth54.in/

betvisa login

mostplay login

4rabet login

leonbet login

pin up aviator

mostbet login

Betvisa login

Babu88 login

jeetwin

nagad88

jaya9

joya 9

khela88

babu88

babu888

mostplay

marvelbet

baji999

abbabet

MCW Login

Jwin7 Login

Glory Casino Login

Khela88 App