আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংসদ জো উইলচনে মঙলবাৰে কৰোনা সংকটৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰে। তদুপৰি, ভাৰতে শীঘ্ৰেই কৰ’নাৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিব বুলিও সাংসদগৰাকীয়ে আশা ব্যক্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ অংশীদাৰীত্বৰ কথা উল্লেখ কৰি উইলচনে মন্তব্য কৰে যে মহামাৰীৰ বিৰুদ্ধে মোকাবিলাৰ বাবে ভাৰতক প্ৰয়োজনীয় সঁজুলি যোগান ধৰাৰ বাবে সংসদৰ সমৰ্থন আৰু প্ৰচেষ্টাৰ বাবে তেওঁ কৃতজ্ঞ। উইলচনে এক বিবৃতি প্ৰকাশ কৰি ভাৰতৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি কয় যে কৰোনা মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টা শলাগীবলীয়া।
“হাউচ ককাচ অৱ ইণ্ডিয়া আৰু ভাৰতীয়-আমেৰিকানৰ সদস্য আৰু ভাৰতৰ বন্ধু হিচাপে এই মুহূৰ্তত ভাৰতৰ মহান জনসাধাৰণৰ প্ৰতি মোৰ সমবেদনা আৰু সহানুভূতি আছে আৰু মই নিশ্চিত যে তেওঁলোকে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসী বুলি সাংসদ গৰাকীয়ে উল্লেখ কৰে ”।
“আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংসদ গৰাকীয়ে পুনৰ কয় যে যিসকলে ভাৰতক সহায় কৰে তেওঁলোকক স্বীকৃতি দিয়া উচিত বুলি সদৰি কৰি ভাৰতৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ সময়ত সহায় কৰা সকলক চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি ব্যক্ত কৰে। জো উইলচনে কয়, “ভাৰতীয়-আমেৰিকান ইণ্টাৰনেচনেল চেম্বাৰ অফ কমাৰ্চৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ কে ভি কুমাৰৰ নেতৃত্বত হোৱা বন্ধুত্বৰ বাবে আমি কৃতজ্ঞ। ভাৰতত চলি থকা মহামাৰী সংকটৰ প্ৰতিক্ৰিয়া স্বৰূপে, আই এ আই চি চিয়ে ড০ নৰসিংহুলু নীলাগ্ৰুৰ অধ্যক্ষতাত ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধু আৰু ভাৰতৰ কনচুল জেনেৰেল ড০ স্বাতী কুলকাৰ্ণী আৰু অমিত কুমাৰৰ সৈতে সমন্বয় কৰি ভাৰতক ইয়াক অতিক্ৰম কৰাত সহায় কৰিবলৈ এক বিশেষ কাৰ্যকৰী গোট গঠন কৰিছে। ‘
উইলচনে আৰু কয় যে এই সফল সহযোগিতামূলক প্ৰচেষ্টাৰ ফলত ভাৰতীয় পৰিয়ালৰ বাবে চিকিৎসা সঁজুলি আৰু যোগানত দুই মিলিয়ন আমেৰিকান ডলাৰৰ অধিক প্ৰাপ্ত হৈছে। কৰোনা মহামাৰীৰ ফলত যোৱা কেইবাদিনো ধৰি ভাৰতত ৪,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে, মহামাৰীৰ ফলত 2,78,719 জন লোকৰ মৃত্যু হৈছে। ইফালে, ভাৰতৰ বাবে সুখবৰ যে, দেশখনত এতিয়া কৰ’নাত সংক্ৰমিত লোকৰ সংখ্যা তিনি লাখৰো কম সংঘটিত হৈছে।Previous Post