আৰম্ভ কৰা হৈছে পুৰীত ভগৱান জগন্নাথৰ ৰথযাত্ৰা ।
SCৰ সম্পূৰ্ণ আদেশ মানি চলিব লাগিব ।
ৰথযাত্ৰা আগদিনা সন্ধিয়াৰ পৰা ১৪৪ ধৰা জাৰি কৰা হৈছে চহৰত ।
উচ্চতম ন্যায়ালয়ৰ অনুমতি লাভ কৰাৰ পাছতে উৎফুল্লিত হৈছে ভক্ত প্ৰাণ ৰাইজ ।
মঙ্গলবাৰে উলিওৱা হৈছে ভগৱান জগন্নাথৰ ৰথযাত্ৰা । পূৰ্বতে দিয়া আদেশ সলনি কৰি উচ্চতম ন্যায়ালয়ে কয় যে কৰণা মহামাৰীৰ বাবে কোনো ভক্তকে এই ৰথযাত্ৰাত অংশগ্রহন কৰিবলৈ দিয়া নহয় । আদালতে নিৰ্দেশ প্ৰদান কৰিছে যে পুৰীত কাৰ্ফিউ দিব লাগে ।
ৰথখন ৫০০ত কৈ অধিক লোকে টানিব নোৱাৰিব , ৰথ টনা সকলোৱে কৰণা টেষ্ট কৰাটো বাধ্যতামূলক মূলক আৰু ছচিয়েল ডিছতেনসিং পালন কৰিব লাগিব ।
আৰু সেইকাৰণেই ৰথ যাত্ৰাৰ আগদিনা সন্ধিয়াৰ পৰাই সমগ্র চহৰতে সন্ধ্য অইন দিয়া হৈছে ।
মঙ্গলবাৰে পুৱা ৯:০০ বজাৰ পৰা ৰথযাত্ৰা আৰম্ভ হয় যদিও আদালতে উৰিষ্যা চৰকাৰক অৱগত কৰাই জ যদি কোনো কাৰণত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয় তেনেহলে ৰথযাত্ৰা ৰখাই দিবও লগীয়া হব পাৰে ।
আৰু পুৰীৰ বাহিৰে উৰিষ্যাৰ কোনো ঠাইতে ৰথ যাত্ৰা উলিয়াব নোৱাৰিব ।