উত্তৰ প্ৰদেশত অবৈধ লাউডস্পীকাৰৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যজুৰি অবৈধ লাউডস্পীকাৰৰ বিৰুদ্ধে দ্ৰুতগতিত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । উত্তৰ প্ৰদেশত, শনিবাৰৰ আগলৈকে বিভিন্ন ধৰ্মীয় স্থানৰ পৰা 45,000 ৰো অধিক লাউডস্পীকাৰ আঁতৰ পেলুৱা হৈছে।
উত্তৰ প্ৰদেশৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় যে এতিয়ালৈকে ধৰ্মীয় স্থানৰ পৰা ৪৫,৭৭৩ টা লাউডস্পীকাৰ আঁতৰোৱা হৈছে। একে সময়তে, 58,861 টা লাউডস্পীকাৰৰ শব্দ কমাই দি্যা হৈছে , আনহাতে আত্যাধিক শব্দ হোৱা স্পীকাৰবোৰ আঁতৰাই দি্যা হৈছে।
প্ৰশাসনে উল্লেখ কৰিছে যে যিকোনো বৈষম্যৰ সকলো ধৰ্মীয় স্থানৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰা হৈছে। বৃহস্পতিবাৰৰ আগলৈকে মুঠ ২১,৯৬৩ টা লাউডস্পীকাৰ আঁতৰোৱা হৈছে আৰু ৪২,৩৩২ টা লাউডস্পীকাৰৰ শব্দ কমাই দিয়া হৈছে। লাউডস্পীকাৰ সন্দৰ্ভত যোগী চৰকাৰে এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশ জাৰি কৰিছিল ।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে সকলোৰে তেওঁলোকৰ ধৰ্মীয় বিশ্বাস অনুসৰি উপাসনা কৰাৰ স্বাধীনতা আছে, কিন্তু লাউডস্পীকাৰৰ শব্দ চৌহদৰ বাহিৰলৈ যাব নোৱাৰিব যাতে আন লোকসকলে কোনো সমস্যাৰ সন্মুখীন নহয়।
এই সিদ্ধান্তৰ পিছতই ৰাজ্যখনত অবৈধ লাউডস্পীকাৰৰ ওপৰত অভিযান অব্যাহত আছে।
ৰাজ্যৰ গৃহ বিভাগে অবৈধভাৱে স্থাপন কৰা লাউডস্পীকাৰবোৰ আঁতৰাবলৈ লোৱা পদক্ষেপক ৰাজ্যখনৰ একাংশ জনতাই আদৰি লোৱা পৰিলক্ষিত হৈছে ।