News উপনিবেশিক, বাম মানসিকতাত ভাৰতৰ সাংবাদিকতা দিকভ্ৰান্তঃ ড° ত্ৰিপাঠী ADMIN June 1, 2025 1 min read উপনিবেশিক, বাম মানসিকতাত ভাৰতৰ সাংবাদিকতা দিকভ্ৰান্তঃ ড° ত্ৰিপাঠী উপনিবেশিক, বাম মানসিকতাত ভাৰতৰ সাংবাদিকতা দিকভ্ৰান্তঃ ড° ত্ৰিপাঠী নাৰদ বঁটা অসমীয়া শিশু সাহিত্যলৈ অনুপ্ৰেৰণাঃ শান্তনু তামূলী ১জুন গুৱাহাটীঃ “নাৰদৰ প্ৰাসাদ নাছিল আৰু ইন্দ্ৰৰ মহললৈ গৈ ৰাজ পৃষ্ঠপোষকতাৰ সাংবাদিকতাও কৰা নাছিল৷ কিন্তু ইয়াৰ এক বিপৰীত ছবি দি যোৱা ইংৰাজ শাসকৰ পথেৰে বৰ্তমানৰ সংবাদ ক্ষেত্ৰ আগুৱাই যোৱাৰ প্ৰচেষ্টা উদ্বেগজনক৷ সাম্প্ৰতিক যুদ্ধ কালীন পৰিৱেশত দেশৰ বিৰোধী আৰু একাংশ সংবাদগোষ্ঠীৰ ভূমিকা হতাশাজনক৷ ধৰ্ম সুধি সংহাৰ চলোৱা পেহেলগাম কাণ্ডক ইছলামিক সন্ত্ৰাসবাদ বুলি সত্যটো ক’বলৈ একাংশ সাংবাদিকৰ ভয় কিয়? আমেৰিকা, তুৰ্কী, চীনৰ বিশ্ববন্দিত অস্ত্ৰক পাকিস্তানৰ মাটিতে ধ্বংস কৰা ভাৰতীয় স্বদেশী প্ৰযুক্তিৰ অস্ত্ৰক ঝুমলা বুলি একালত সমালোচনা কৰিছিল ভাৰতৰে একাংশ নেতা- সাংবাদিকে৷ ভাৰতত প্ৰতিটো বৰ্গ-সম্প্ৰদায় সমান নীতিৰ পৰিপন্থী বাওপন্থীৰ প্ৰভাৱতে দেশত সাংবাদিকতা দিকভ্ৰান্ত৷ এনে কঠিন সময়ত নাৰদৰ দৰেই সাম্প্ৰতিক সাংবাদিকক নৈতিকতাৰ প্ৰয়োজন৷ অসমত ডিটেন্সন কেম্পৰ বিৰোধীসকল চীনৰ এনে কেম্পৰ ক্ষেত্ৰত মৌন৷ গান্ধীজী, আম্বেদকাৰৰ প্ৰকৃত দৰ্শনকো বিকৃত কৰা এনে নেতিবাচক সাংবাদিকতাই ভাৰতীয় বীৰ বীৰাংগনাক আওকাণ কৰাও পৰিলক্ষিত হয়৷ ফেক নিউজ আৰু ফেক্ট চেক(সত্যানুসন্ধান)ৰ কঠিন সময়ত সাংবাদিক নৈতিক ভাৱে শুদ্ধ হোৱাতো জৰুৰী৷’’ বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত আয়োজিত দেৱৰ্ষি নাৰদ জয়ন্তীত এই মন্তব্য কৰে দেশৰ প্ৰসিদ্ধ সাংবাদিক ড° হৰ্ষবৰ্ধন ত্ৰিপাঠীয়ে৷ পশ্চিমীয়া দৃষ্টিভংগীৰে ঔপনিবেশিক মানসিকতাৰ সাংবাদিকতাক পুনৰ ভাৰতীয় মানসিকতালৈ ঘূৰাই অনাত বিশ্ব সংবাদ কেন্দ্ৰ সফল বুলিও মন্তব্য কৰে ড° ত্ৰিপাঠীয়ে৷ নিৰ্বাচনত জনতাই নাকচ কৰা দল প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত দোষাৰোপ কৰা কাৰ্যক ন্যায্যতা দিবলৈ চেষ্টা কৰা সাংবাদিকতাক সমালোচনা কৰে মুখ্য বক্তাগৰাকীয়ে৷ কৰ্মযোগী গৌৰীশংকৰ চক্ৰৱৰ্তী প্ৰেক্ষাগৃহত মৌচাক আৰু নতুন আৱিষ্কাৰৰ সম্পাদক, বিশিষ্ট শিশু সাহিত্যিক-সম্পাদক শান্তনু তামূলীক দেৱৰ্ষি নাৰদ বঁটা প্ৰদান কৰা হয়৷ মোলৈ আগবঢ়োৱা দেৱৰ্ষি নাৰদ বঁটাৰে অসমৰ শিশু সাহিত্য ক্ষেত্ৰলৈ যুগমীয়া অনুপ্ৰেৰণা যঁচা বুলি মন্তব্য কৰে শান্তনু তামূলীয়ে৷ দেৱৰ্ষি নাৰদ বঁটাত মৌচাকৰ সম্পাদক শান্তনু তামূলীক চেলেং চাদৰ, স্মৃতিচিহ্ন, গ্ৰন্থ, ভাৰতমাতৃৰ প্ৰতিচ্ছবি, মানপত্ৰ আৰু ৫০ হাজাৰ টকাৰ চেক আগবঢ়াই ড° হৰ্ষবৰ্ধন ত্ৰিপাঠীয়ে৷ অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি ড° হৰ্ষবৰ্ধন ত্ৰিপাঠীক ফুলাম গামোচা, আৰ্নাই, শৰাই, গ্ৰন্থৰে সম্বৰ্ধনা যাচে বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উপ সভাপতি গুৰুপ্ৰসাদ মেধিয়ে৷ ৷ অনুষ্ঠানত অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ উপসম্পাদক হিমাংশু পাঠক, প্ৰাগ নিউজৰ ইনপুট এডিটৰ দিগন্ত চহৰীয়া আৰু নিয়মীয়া বাৰ্তাৰ ষ্টাফ ৰিপোৰ্টাৰ খনীন ডেকাক মানপত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা, ফুলাম গামোচা, ভাৰতমাতৃৰ প্ৰতিচ্ছবিৰে বিশেষ সম্বৰ্ধনা যঁচা হয়৷ বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সম্পাদক কিশোৰ শিৱমে প্ৰাস্তাৱিক ভাষণত ভাৰতীয় সংস্কৃতিত নাৰদ শব্দৰ বাখ্যা আৰু সংবাদ সাধনাত তেওঁৰ গুৰুত্ব বাখ্যা কৰে৷ বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সভাপতি ড° গৌৰাঙ্গ শৰ্মা, আৰ এছ এছৰ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড° সুনীল মহান্তি, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাসহ বহু বিশিষ্টজন উপস্থিত থকা সভাখন আঁত ধৰে নৱ বুজৰবৰুৱাই৷ ভাৰতমাতৃৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ গাম্ভীৰ্যতা বঢ়াই শিল্পী শৰত ৰাগৰ নাৰদ স্ত্ৰোতে৷ Tags: Narad Jayanti Assam Vsk Narad Jayanti Assam Continue Reading Previous Previous post: VSK Assam celebrating Narad Jayanti on 1 June.Next Next post: Devarshi Narad Jayanti 2025: A Call for Fearless, Value-Based Indian Journalism Related News সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা সংস্কাৰ ভাৰতী, কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা June 27, 2025 Satyagrah during the Emergency Satyagrah during the Emergency June 26, 2025