বিধানসভা নিৰ্বাচনৰ ফলাফল ওলাই অহাৰ পাছৰে পৰা সমগ্ৰ বংগত তৃণমূল কংগ্ৰেছৰ হিংসাত্মক প্ৰৱণতা আৰু গুণ্ডামি মুকলিকৈ দেখা গৈছে। দেওবাৰৰ পৰা মমতা বেনাৰ্জীৰ গুণ্ডাসকলে বিৰোধীসকলক চিনাক্ত কৰা আৰু তেওঁলোকৰ ওপৰত বোমা নিক্ষেপ কৰাৰ পৰা সকলো ধৰণে ৰাজ্যজুৰি বিশৃংখলতাৰ সৃষ্টি কৰি আহিছে। আজি ১৫-২০ জন তৃণমূলৰ গুণ্ডাই কলকাতাৰ ABVPৰ প্ৰদেশ কাৰ্যালয়ত আক্ৰমণ কৰে আৰু তাত উপস্থিত শ্ৰমিকসকলক দুৰ্ব্যৱহাৰ কৰাৰ লগতে, ABVPৰ প্ৰদেশ কাৰ্যালয় লণ্ডভণ্ড কৰে।
তৃণমূল কংগ্ৰেছৰ গুণ্ডাসকলে কাৰ্যালয়ত মা কালী আৰু হনুমানজীৰ প্ৰতিমূৰ্তি দলিয়াই দিয়ে আৰু কাৰ্যালয়ত উপস্থিত থকা কাৰ্য্যকৰ্তাক প্ৰহাৰ কৰি তেওঁলোকক ক্ষতিগ্ৰস্ত কৰে, ৰাষ্ট্ৰীয় সহ-সংগঠন মন্ত্ৰী শ্ৰীনিবাস, আঞ্চলিক সংগঠন মন্ত্ৰী গোবিন্দ নায়েক, সহ-আঞ্চলিক সংগঠন মন্ত্ৰী অংশু শেখৰ শীল, কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য সুমন চন্দ্ৰ দাস আৰু আন ৫-৬ জন কৰ্মীক প্ৰহাৰ কৰে। একে সময়তে, ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্যামা প্ৰসাদ মুখাৰ্জী, সুভাষ চন্দ্ৰ বসু আৰু অন্যান্য মহাপুৰুষসকলৰ আলোকচিত্ৰও এই গুণ্ডাসকলে লাথিৰে কোবাই ক্ষতিগ্ৰস্ত কৰিছিল। বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰি গুণ্ডাসকলে মুখ্যমন্ত্ৰীৰ নাম লৈ কয় যে মমতা বেনাৰ্জীৰ পৰাজয়ৰ বাবে বিৰোধী দায়ী আৰু মমতাৰ বিৰুদ্ধে থিয় হোৱা কোনো লোককে বংগত থাকিবলৈ দিয়া নহ’ব।
দুপৰীয়া প্ৰায় ১ বজাত ১৫-২০ মিনিটৰ দাঙ্গাৰ প্ৰস্তুতিৰ বাবে কালিৰ পৰা তৃণমূল কংগ্ৰেছৰ গুণ্ডাসকল সাজু হৈ আছিল আৰু প্ৰায় ১৫০ জন লোকক নিশা বাইকেৰে প্ৰদেশকাৰ্যালয়ৰ বাহিৰত হুলস্থুল কৰা দেখা গৈছিল। বাতৰিটো লিখা সময়্লৈকে স্থানীয় কৰ্মীসকলে জনাই যে ১০০ তকৈও অধিক মমতাৰ গুণ্ডাই এতিয়াও কাৰ্যালয়টো ঘেৰাও কৰি আছে, ।
বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ গুণ্ডাসকলে যি ধৰণৰ হিংসাত্মক আচৰণ দেখুৱাই আহিছে সেয়া অত্যন্ত নিন্দনীয়,” ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিধি ত্ৰিপাঠীয়ে কয়। আহিবলগীয়া সময়ত, আমি আমাৰ নিৰাপত্তাৰ কথা মনত ৰাখি ঐক্যবদ্ধ হৈ আৰু সকলো পৰিস্থিতিত জাতীয়তাবাদৰ মশাল জ্বলাই ৰাখিব লাগিব। মমতা আৰু তেওঁৰ গুণ্ডাসকলে অদূৰ ভৱিষ্যতে বংগত কেনে পৰিস্থিতি হ’ব তাৰ এক উদাহৰণ দাঙি ধৰিছে, আমি দীঘলীয়া সংগ্ৰামৰ বাবে সাজু থাকিব লাগিব।”