কানাডাত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে হিন্দু বিদ্বেষৰ ঘটনা । দেওবাৰে দেশখনৰ ব্ৰেম্পটনস্থিত এটা হিন্দু মন্দিৰলৈ অহা ভক্তৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ চলাই একাংশ খালিস্তানী সমৰ্থকে। প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুডোৰ শাসনকালত কানাডা যে ক্ৰমান্বয়ে ভাৰত তথা হিন্দু বিৰোধী খালিস্তানী সন্ত্ৰাসবাদী তথা বিচ্ছিন্নতাবাদীৰ ৰম্যভূমিলৈ পৰ্যবসিত হৈছে, সেইয়া পুনৰবাৰ প্ৰতিপন্ন কৰিলে দেওবাৰৰ ঘটনাই। খালিস্তানী পতাকা উৰুৱাই অহা আক্ৰমণকাৰীয়ে লাঠিৰে হিন্দু ভক্তৰ ওপৰত নিৰ্মম অত্যাচাৰ তথা আক্ৰমণ চলায়। এই ঘটনাই চহৰখনত উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰধানমন্ত্ৰী ট্ৰুড’য়ে ঘটনাৰ অৰিহনা দিছে যদিও হিন্দু সকলৰ ক্ষেত্ৰত ব্ৰেম্পটন আৰক্ষীয়ে পক্ষপাতিত্ব মূলক আচৰণ কৰাৰ অভিযোগ উঠিছে। এই আক্ৰমণৰ ঘটনাক লৈ ভাৰতেও উদ্বেগ প্ৰকাশ কৰিছে। অট’ৱাত থকা ভাৰতীয় উচ্চায়ুক্তই পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰিছে । টৰন্টোৰ সমীপৰ ব্ৰেম্পটনস্থিত হিন্দু সভাৰ মন্দিৰত ভাৰত বিৰোধী উপাদানে ‘ইচ্ছাকৃত’ হিংসাত্মক ঘটনা সংঘটিত কৰিছিল বুলি ভাৰতীয় উচ্চায়ুক্তই জানিবলৈ দিয়ে। …ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ প্ৰতি আমি অত্যন্ত চিন্তিত।”ইয়াৰ পূৰ্বেও কানাডাত হিন্দু মন্দিৰত আক্ৰমণ কৰা হৈছিল”- উচ্চায়ুক্তই বিবৃতিটোত ক্ষোভেৰে উল্লেখ কৰে। ঘটনাক গৰিহণা দি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ছচিয়েল মিডিয়া যোগে কয়-“ ব্ৰেম্পটনৰ হিন্দু সভা মন্দিৰত আজি যি হিংসা সংঘটিত হৈছে সেয়া মানি ল’ব নোৱাৰি। প্ৰতিজন কানাডিয়ানৰ নিজৰ ধৰ্ম মুক্ত আৰু নিৰাপদে পালন কৰাৰ অধিকাৰ আছে। বিৰোধী নেতা পিয়েৰ পইলিভ্ৰেও স্পষ্ট কৰি দিয়ে এনে আক্ৰমণ গ্ৰহণযোগ্য নহয়। সকলো কানাডিয়ানে শান্তিৰে নিজৰ ধৰ্ম পালন কৰা উচিত। ব্ৰেম্পটনৰ মেয়ৰ পেট্ৰিক ব্ৰাউনেও ঘটনাক গৰিহনা দি কয়- “সকলোৱে নিজৰ পূজাস্থলীত নিৰাপত্তা অনুভৱ কৰা উচিত। পূজাস্থলীৰ বাহিৰত যিকোনো ধৰণৰ হিংসাক তীব্ৰ গৰিহণা দিছো। “ নেপিয়ান সাংসদ চন্দ্ৰ আৰ্য্যই কয় যে, মন্দিৰত ভক্তসকলৰ ওপৰত খালিস্তানীসকলে কৰা আক্ৰমণে দেখুৱাইছে যে কানাডাত উগ্ৰবাদ কিমান গভীৰ হৈ পৰিছে। সাংসদগৰাকীয়ে কয় যে বাক স্বাধীনতাৰ অধীনত খালিস্তানী উগ্ৰপন্থীয়ে মুক্ত হাত পাইছে। হিন্দু-কানাডিয়ানসকলে নিজকে ৰক্ষা কৰিবলৈ আৰু নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ আগবাঢ়ি আহিব লাগে। নেতাসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগিব।