
কিমান নিষ্ঠুৰ হব পাৰে মানুহ ?
কিমান হৃদয়হীন হব পাৰে মানুহ ?
কিমান কঠোৰ অন্তৰৰ হলে এজন মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে ।
নিজ মাতৃভূমিতে নৃশংসতাৰ বলি হব লগীয়া হল এজন অসমীয়া ।
পাঁচ জনকৈ নৰপিশাসৰ প্ৰহাৰত কৰুণ মৃত্যুক সাৱটি লব লগীয়া হল এজন অসমীয়াই ।
এজন স্বাভিমানি অসমীয়া হৈ কৰ্ম সংস্কৃতি
আকোৱালি লোৱাৰ বাবেই কাল হল সনাতন ডেকাৰ ।
আৰ্থিক সংকটৰ বাবে চাইকেলেৰে পাচলি বিক্ৰী কৰিবলৈ ওলাই যাওঁতেই
জীৱ শ্রেষ্টৰ বৰ্বৰ আক্ৰমণত চিৰদিনলৈ চকু মুদিলে সনাতন ডেকাই ।
কিয় আক্ৰমণৰ চিকাৰ হৈছিল সনাতন ডেকাই ?
কেনেকৈ সংঘটিত হৈছিল এই বৰ্বৰ,জঘন্য নাৰকীয় ঽত্যকাণ্ড ।
দেশত চলি থকা কৰণাৰ বিভীষিকাৰ সময়ছোৱাত আৰ্থিক শংকতে দেখা দিছিল সনাতন ডেকাৰ পৰিয়ালটোত আৰু সেইবাবেই নিজৰ ঘৰতে কৰা শাক পাচলি লৈ শনিবাৰে এখন চাইকেলেৰে পাচলি বিক্ৰী কৰিবলৈ যাওঁতেই ৰাজপথত এটা সাধাৰণ দুৰ্ঘটনাত সনাতন ডেকাৰ চাইকেলে খুন্দা মাৰিছিল লজলিল আলী আৰু ফাইজোল হকৰ গাড়ীত আৰু সেই সামান্য কথাতেই ফাইজোল আৰু লজলিল জঁপিয়াই পৰে অসহায় সনাতন ডেকাৰ ওপৰত ।
ইমানতো ক্ষান্ত নাথাকিল সেই হৃদয়হীন নিষ্ঠুৰ লোক দুজন ।
ফাইজোলে সনাতন ডেকাক হত্যা কৰিবলৈ মাটি আনে অন্য তিনিজন বন্ধু খবিৰ আলী, ইউচুব আলী আৰু ফিৰজাহান আলীক ।
আৰু পাঁচো জনে মিলি অতি নৃশংস ভাৱে হত্যা কৰিছিল এজন খাটি খোৱা অসমীয়া সনাতন ডেকাক ।
এই নাৰকীয় কাণ্ড সংঘটিত হৈ থকাৰ সময়ত কোনো এজন লোকেও সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল অসহায় সনাতন ডেকাক ।
এই অৱৰ্ণনীয় শোক সহিব নোৱাৰি শোকত ভাঙি পৰিছে সনাতন ডেকাৰ পৰিয়াল ।
হত্যাকাৰীক উচিত শাস্তিৰ দাবী তুলিছে পৰিয়ালৰ লগতে বিভিন্ন দল সংগঠনে ।
সনাতন ডেকাৰ হত্যাত জড়িত থকাৰ অভিযোগত দুই অভিযুক্ত ফইজুল হক আৰু ইউচুফুদ্দিন আহমেদক নিশা গ্ৰেপ্তাৰ কৰে হাজো আৰক্ষীয়ে। মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথৰ নেত্বতত হাজো আৰক্ষীয়ে হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ ভিচৰতে সফল অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়ো হত্যাকাৰীক। সম্প্ৰতি আন ৩জন হত্যাকাৰী বৰ্তমানেও পলাতক অৱস্থাত।আনহাতে এই হত্যা কাণ্ডৰ লগত জড়িত থকা আটাইকেইটা নৰ পিশাসকে ফাঁচীৰ দাবীত বিভিন্ন দল সংগঠনে হাজো আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।