“বিশ্ব পৰিবেশ দিৱস ” প্ৰতি বছৰে 5 জুনত বিশাল ভাবে আয়োজন কৰা এটা বিশেষ দিন। প্ৰতি বছৰে 100 ৰো অধিক দেশে এই দিৱস অতি সহ হৃদয়তাৰে পালন কৰি আহিছে।বৰ্তমান সময়ত দেখা দিয়া পৰিবেশ প্ৰদূষণ বোৰৰ ভিতৰত বায়ু প্ৰদূষণ ভয়ানক। এই প্ৰদূষণৰ পৰা মুক্ত হবৰ বাবে বৃক্ষ ৰোপণ এটা উত্তম উপায়।
যিমানে বৃক্ষ হব সিমানে পৰিবেশ বিশুদ্ধ হব।
এনে প্ৰচেষ্টা এদিন ৰ নহয় বাবে বছৰি প্ৰতিবাৰ প্ৰতিখন দেখে 5 জুন তাৰিখে বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লয়।
এই বছৰো কৰ’ণা মহামাৰীৰ প্ৰলয়ৰ সময়তো , বিভিন্ন দেশৰ সমান্তৰালকৈ ভাৰততো বিভিন্ন প্রান্তত এই দিৱস পালন কৰা হৈছে। বিশেষ ভাৱে আজিৰ দিনটোত ক্ৰীড়া ভাৰতী অসম প্ৰদেশৰ উদ্যোগত অসমৰ বিভিন্ন জিলাত বৃক্ষৰোপন কাৰ্যসূচী পালন কৰাৰ উপৰিও কেইবাহাজাৰ গছ পুলি বিতৰণ কৰা পৰিলক্ষিত হয়।