গুৱাহাটী : ১৮/০২/২০২২, আৰ এছ এছ ৰ প্ৰবীণ স্বয়ংসেৱক, বিশিষ্ট সমাজকৰ্মী তথা অসমৰ উদ্যোগী, দিপক কুমাৰ বৰঠাকুৰ দেৱে , বুধবাৰে অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত চেন্নাইৰ এখন হাস্পতালত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেখেত অসমৰ ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ প্ৰাধিকৰণ (এছ আই টি এ)ৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। বৃহস্পতিবাৰে তেখেতৰ মৃতদেহ চেন্নাইৰ পৰা গুৱাহাটীলৈ অনা হয় আৰু আজি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তেখেতৰ নিজৰ বাসগৃহত ৰখা হয়। কাইলৈ তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
শ্ৰী বৰঠাকুৰ দেৱে গুৱাহাটীৰ বিখ্যাত নিউ আৰ্ট প্লেয়াৰ, বিবেকানন্দ কেন্দ্ৰ, শংকৰদেৱ নেত্ৰালয়, বালাজী মন্দিৰ, নাগৰিক সমন্বয় সমিতি আৰু শংকৰদেৱ শিশু নিকেতন আদি প্ৰতিষ্ঠা কৰাত যথেষ্ট বৰঙণি আগবঢ়াইছিল ।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল অম্বেকাৰ জীয়ে কয়, ‘দীপক দাই বিগত পাচ দশক ধৰি অসমৰ বিভিন্ন সামাজিক কাম-কাজত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেখেতৰ নেতৃত্বত অসমৰ যুৱ প্ৰজন্মই অসমৰ সৰ্বাংগীন উন্নয়নৰ বাবে ইতিবাচক দিশত আগবাঢ়ি গৈছে আৰু অসমৰ নিজস্ব মান উন্নীত কৰি ৰাষ্ট্ৰীয় চেতনাক শক্তিশালী কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন ৰাষ্ট্ৰীয়তাবাদী আৰু সামাজিক সংগঠনৰ লগত জড়িত সকলোৰে বাবে তেখেত আছিল जी सी উত্তৰ-পূবৰ সাধাৰণ সম্পাদক নীৰজ গিলানীয়েও শ্ৰদ্ধা ৰ দীপক বৰঠাকুৰ দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই সংগঠনসমূহৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু সমাজৰ উন্নতিৰ বাবে এই সংগঠনসমূহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত যি কাম হাতত লৈছিল সেয়া সুদীৰ্ঘ কাললৈ স্মৰণীয় হৈ থাকিব। শিক্ষা, কলা-নাট্য, স্বাস্থ্যসেৱা, দক্ষতা বিকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবেই প্ৰয়াত বৰঠাকুৰ উত্তৰ-পূব, বিশেষকৈ অসমত অমৰ হৈ ৰ’ব। বৰঠাকুৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিশিষ্ট চিন্তাবিদ শ্ৰী এছ গুৰুমূৰ্তিয়ে লিখিছে,” ‘দীপক দা’ৰ দেহাৱসানৰ খবৰ পাই দুখ পাইছোঁ। বৰঠাকুৰ দেৱ আছিল এজন মহান ব্যক্তিত্ব আৰু এক বিৰল সংমিশ্ৰণৰ অধিকাৰী। বিবেকানন্দ কেন্দ্ৰ আৰু উত্তৰ-পূব ভাৰতৰ বাবে ইয়া এক বৃহৎ ক্ষতি। ভাৰত মাতৃয়ে হেৰুৱালে এগৰাকী সু-সন্তান। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁ আপোনাক আৰু পৰিয়ালৰ সকলো সদস্যক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি প্ৰদান কৰক”।
প্ৰয়াত দীপক বৰঠাকুৰে অসমত বিজেপিৰ মূলসুঁতি স্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ অসমৰ প্ৰথম বিজেপি চৰকাৰৰ দিনত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ প্ৰাধিকৰণ (এছ আই টি এ)ৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।