কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পূণ্যতিথি উপলক্ষে গুৱাহাটী মহানগৰৰ চাফাই কৰ্মচাৰী বস্তিৰ শিশু তথা অভিভাৱক সকলৰ দ্বাৰা ১৮,১৯ আৰু ২০ জুনত তিনিদিনীয়াকৈ বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ অমৰ সৃষ্টিৰ নৃত্য, গীত মাতেৰে ৰাভা দিৱস পালন আজিৰ পৰা আৰম্ভ হৈছে। উল্লেখ্য, উত্তৰ পূৰ্বপূৰ্বাঞ্চলৰ অনগ্ৰসৰ ঠাইত শিক্ষা সংস্কাৰ আৰু স্ব্যাহ্যৰ বিকাশৰ বাবে ডা.হেডগেৱাৰ স্মাৰক সমিতিয়ে কেইবাটাও দশক ধৰি কাম কৰি আহিছে । ডা.হেডগেৱাৰ স্মাৰক সমিতি গুৱাহাটীৰ দ্বাৰা পৰিচালিত বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগত ১৬ টা চাফাই কৰ্মচাৰী বস্তিত কণ কণ ছাত্ৰ ছাত্ৰী সকলক সত্ৰীয়া নৃত্য, দেশপ্ৰেমমূলক নৃত্য আৰু লোক সংগীতৰ প্ৰশিক্ষন বিনামূলীয়াকৈ দি থকা হৈছে। সেই ছাত্ৰ ছাত্ৰীসকলে অহা ২০ জুনত বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ পূন্য তিথি উপলক্ষে আজি গোশালা , মৰাখালী – চলাপাৰা, চাবিপুল , ৰূপনগৰ , দিশপুৰ বস্তিকে ধৰি মুঠ ৫টা বস্তিত ৰাভা দিৱস উদযাপনৰ আৰম্ভণি কৰে। আজিৰ এই অনুষ্ঠানত অসমৰ বিভিন্ন দিশত জডিত কলা কৌশলী, সাহিত্যিক, লেখক, সাংবাদিক, সমাজ সেৱক, অধিবক্তা আদিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত মৰাখালি-চলাপাৰা বস্তিত আয়োজিত অনুষ্ঠানত বিশিষ্ট লেখিকা তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী , আমাৰ অসমৰ কাকতৰ কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই অংশগ্ৰহণ কৰে৷ আনহাতে, দিশপুৰ বস্তিত বিশিষ্ট অভিনেত্ৰী চেতনা দাস, অধিবক্তা বংকিম শৰ্মা, গোশালা বস্তিত অসম চলচ্ছিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ আলেক্ষ্য বৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই অংশগ্ৰহণ কৰে৷ আনহাতে, চাবিপুল বস্তিত বিশিষ্ট অভিনেতা মনমথ বৰুৱা , ভগৱৎ প্ৰীতম, ৰূপনগৰ বস্তি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট লেখিকা নম্ৰতা দত্ত উপস্হিত থাকে । এই অনুষ্ঠানত বাল্মিকী সংগীত বিদ্যালয়ৰ সমুহ কাৰ্য্যকৰ্তাৰ লগতে উপস্হিত থাকে বস্তি সমূহৰ বহুসংখ্যক ৰাইজ । উক্ত অনুষ্ঠানত ডা.হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ নৃত্য, গীত তথা ৰাভা দেৱৰ জীৱনীৰ ওপৰত চমু বক্তৃতা দি ৰাইজৰ মাজত মৰম বুটলিবলৈ সক্ষম হৈছে।