গুৰু’ শব্দটো ‘গু’ আৰু ‘ৰু’ এই দুটা সংস্কৃত শব্দৰ দ্বাৰা গঠিত। ‘গু’ শব্দৰ অর্থ “অন্ধকাৰ” বা “অজ্ঞতা” আৰু ‘ৰু’ শব্দৰ অর্থ “যি অন্ধকাৰ দূৰ কৰে”। অর্থ্যাৎ, ‘গুৰু’ শব্দটোৰ দ্বাৰা এনে ব্যক্তিক বুজোৱা হৈছে যি সমাজত জ্ঞান বিতৰণৰ যোগেদি অন্ধকাৰ দূৰ কৰে। প্ৰতি ব্যক্তিৰ জীৱনেই পূৰ্ণাংগ হয় গুৰুৰ পৰা প্ৰাপ্ত জ্ঞানৰ মাধ্যমেৰে। সৰুতে শিকা শাস্ত্ৰীয় সংগীত এটা এই প্ৰসংগতে মনত পৰিল।
“गुरु बिन कैसे गुन गावे ,
गुरु न माने तो गुन नही आवे।
गुनियन मेवे गुनी कहवे।।”
আহাৰ মাহৰ পূর্ণিমা তিথিতেই গুৰুপূর্ণিমা পালন কৰা হয়। এই দিনটোত গুৰুৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰা হয় । ভাৰতত এই দিনটোক অত্যন্ত শুভ দিন বুলি মনা হয় । সনাতন ধর্মাবলম্বী সকলৰ উপৰিও বৌদ্ধ ধৰ্মীয় সকলেও এই দিনটোক মহা আৰম্বৰেৰে গুৰু পূজনৰ দিন ৰূপে উদযাপন কৰে। এইবাৰ ভাৰতত এই তিথি ইংৰাজী ৪ জুলাই,২০২০ তাৰিখৰ পুৱা ১১.৩৩ ৰ পৰা ৫ জুলাই,২০২০ তাৰিখৰ পুৱা ১০.১৩ বজালৈকে আছে।
গুৰুপূর্ণিমাক ব্যাস পূর্ণিমাও বোলা হয় । কাৰণ আহাৰ মাহৰ পূর্ণিমা তিথিতেই মহৰ্ষী ব্যাসদেবৰ জন্ম হৈছিল । সেয়েহে বহুতো লোকে ব্যসদেবৰ জন্মতিথি হিচাপে গুৰুপূর্ণিমা পালন কৰে। পিছে বৌদ্ধ ধর্মাবলম্বী সকলৰ মতে, এই গুৰুপূর্ণিমাৰ বিশেষ তিথিতেই গৌতম বুদ্ধই প্ৰথম বৌদ্ধ ধর্ম সংক্ৰান্তীয় উপদেশ দিয়া প্ৰাৰম্ভ কৰিছিল ।
নেপালত এই দিনটো বিশেষ আৰম্বৰেৰে পালন কৰা হয়। কাৰণ নেপালত এই বিশেষ দিনটো শিক্ষক দিবস হিচাপে পালন কৰা হয়। এই পবিত্র দিনটোতে নেপালী সকলে তেওঁলোকৰ গুৰুৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰে।
গুৰুপূর্ণিমাক লৈ আন এক প্রচলিত আখ্যানত কোৱা হয় যে , ভগবান শ্ৰী শ্ৰী শিবই এই তিথিতেই প্রথম জ্ঞান প্রদান কৰিছিল। আৰু তেতিয়াৰ পৰাই গুৰু জ্ঞান প্রথাৰ সৃষ্টি হ’ল। সেয়েহে ভগবান শিবক আদি গুৰু ৰূপে জ্ঞান কৰা হয়। গুৰুৰ বচনক পথেয় কৰি আগুৱাই গ’লে জীবনৰ মূল লক্ষ্য প্ৰাপ্ত কৰাত সফলতা পোৱা যায় । সেয়েহে হিন্দু শাস্ত্রেমতে এই দিনটোৰ বিশেষ মাহাত্ম্য আছে বুলি ধৰা হয় ।