চাইনীজ ভাইৰাছ আৰু ইয়াৰ বিশ্ব ৰাজনীতি আৰু অৰ্থনীতিত প্ৰভাৱ
এবিধ শ্বাস সংক্ৰমিত বেমাৰ যিয়ে এতিয়ালৈকে বিশ্বৰ প্ৰায় সকলো দেশতে বিয়পিছে আৰু যিয়ে প্ৰতি মুহূৰ্ততে মানৱ জাতিক আজি শংকিত কৰি তুলিছে।| এই ৰোগে স্বাস্থ্যবিভাগৰ লগতে ৰাজিনৈতিক আৰু অৰ্থনৈতিক দিশটো গুৰুতৰ প্ৰভাৱ পেলোৱা দেখা গৈছে। এই বেমাৰক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভৌগোলিক ভাৱে নামাকৰণ কৰি চাইনীজ ভাইৰাছ বুলি অভীষিত কৰিছে, ইয়াৰ অন্তৰালত অকল স্বাস্থ্যজনীত দিশটোৰ লগত ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্যান্য দিশবোৰো সাঙোৰ খাই আছে । অৰ্থনীতিৰ ফালৰ পৰা বিশ্ববেংকে পূৰ্বনুমান কৰা মতে এই মহামাৰীৰ সময়ছোৱাক কেন্দ্ৰ কৰি পৰৱৰ্তী সময়ত বিশ্বৰ বহু সংখ্যক দেশৰ অৰ্থনীতিৰ বৃদ্ধি হাৰ নকৰাত্মক দিশে গতি কৰিব , ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই হাৰ 2.8%ৰ পৰা 1.5% লৈ ইতিমধ্যে অৱনমিত হৈছে । আনহাতে চীনে এই ৰোগৰ পৰা সোনকালে আৰোগ্য বা নিয়ন্ত্ৰণ লাভ কৰা হেতু গোটেই বিশ্ববাসীৰ ওপৰত ইয়াৰ সুবিধা গ্ৰহণ কৰাও দেখা গৈছে , ই প্লাজমা থেৰাপি হওক বা অন্য মেডিকেল সামগ্ৰী তৈয়াৰ কৰাৰ বৃহৎ উৎপাদক হিচাপে হওক । চীনৰ লক্ষ এতিয়া দক্ষিণ পূব এছিয়া আৰু পূব এছিয়াৰ বজাৰ শোষণ কৰা কিয়নো এই মহামাৰীয়ে পত্যক্ষ আৰু পৰোক্ষ ভাৱে এইবোৰ দেশৰ উৎপাদনশীলতা নিম্নগামী কৰিছে আৰু চীনে Regional Comprehensive Economic Partner (RCEP) হিচাপে আগবাঢ়ি আহিছে । আকৌ চীনৰ আন এক উদ্দেশ্য হল মহামাৰীৰ ফলত বিশ্বৰ কোম্পানী সমূহৰ এতিয়া সম্পত্তিৰ মূল্য হ্ৰাস পোৱা হেতু এই কোম্পানী বোৰৰ অংশ ক্ৰয় কৰি নিজ হাতলৈ অনা । ইয়াৰোপৰি চীনে অন্য দেশক ৰোড এণ্ড বেল্ট ৰ নিৰ্মান কাৰ্য্যৰ সহায়েৰে চিনি নির্ভৰশীলতাৰ ভাৱধাৰা বিয়পোৱা কাৰ্য ও সঘনাই দেখা পোৱা যায় যেনে পাকিস্তান, নেপাল । পশ্চিম এছিয়াত খনিজ তেলৰ মূল্য হ্ৰাস পোৱা আৰু আমেৰিকাৰ অনুমোদনৰ হস্তক্ষেপে আৰ্থিক অৱস্থা এইবোৰ দেশৰ অৱনমিত হৈছে আৰু চীন দেশে ইয়াৰ সুবিধা গ্ৰহণ কৰাৰ দিশত আগবাঢ়িছে। ৰাজনৈতিক ক্ষেত্ৰতো চীনৰ বৃহৎ কুটিল চৰিত্ৰ প্ৰকাশ পাইছে । আন্তৰাষ্ট্ৰীয় পৰ্যায়ত আমেৰিকা পূৰ্বৰ শক্তিশালী স্থিতি লৰচৰ হোৱা দেখা গৈছে যেনে আমেৰিকা-তালিবান সন্ধি । আনহাতে ইউৰোপীয় দেশ সমূহে চীনৰ দৰে ব্যক্তিগত স্বাধীনতাক আওকান কৰি দেশ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া অৱলম্বন কৰাৰ ইচ্ছুক হৈছে । বিশ্বৰ অন্যতম শক্তি হিচাপে ৰাছিয়াৰ সক্ষমতা এই মহামাৰী কালত অন্যতম হৈ আছে যদিও ভাবিলগীয়া কথা হল ৰাছিয়া আৰু চীনৰ এক নীতিৰ চৰকাৰ প্ৰচলন বিৰাজ কৰে । ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে আৰোপ কৰিছিল যে চীনে এই পৰিস্থিতিৰ লগত লেহেমীয়া গতিৰে যুজঁ দিছে যিটো কোনো দেশৰ সামৰিক আক্ৰমণৰ ভাবুকিৎকৈ ও ভয়ানক হব পাৰে । এই নিৰাপত্তা পৰিষদৰ মাৰ্চ মাহত হৈ যোৱা বৈঠকত কৰোনা মহামাৰিৰ বিষয়ে কোনো ধৰণৰ আলোচনা কৰা নহল কিয়নো এই নিৰাপত্তা পৰিষদৰ সভাপতিত্ব চীন দেশৰ হাতত আছিল । আকৌ বিশ্ব স্বাস্থ্য সংস্থায়ো চীন দেশৰ হেঁচাত কৰোনাক মহামাৰী হিচাপে বহু দেৰিকৈ ঘোষণা কৰিছে যাৰ ফলত চীন দেশৰ পৰা ইতিমধ্যে বিভিন্ন দেশলৈ এই বেমাৰ সিঁচৰতি হৈ গৈছে । এতিয়া প্ৰশ্ন হল চীন দেশৰ এই জৈৱিক অস্ত্ৰৰে কি লাভালাভ হোৱাৰ সম্ভৱনা আছে-
১. চীনে পৰ্যাপ্ত পৰিমাণৰ মেডিকেল সেৱাৰে বিভিন্ন দেশত নিজৰ চাইনীজ ভাইৰাছ নামৰ বদনামক সুনামলৈ ৰূপান্তৰিত কৰিব আৰু এই সেৱা গ্ৰহণকাৰি দেশ সমূহেও চিনি চৰকাৰৰ(one party rule)অনুগামী হব ।
২. Lock down এ গোটেই বিশ্বৰ উদ্যোগ খণ্ড স্তব্ধ ৰখাৰ সময়ত চীনে মেডিকেল সামগ্ৰীৰ উদ্যোগ চলাই ৰাখিলে ।
৩. খনিজ তেলৰ মূল্য হ্ৰাস হোৱাৰ বাবে চীনৰ অৰ্থনিতি অতিশীঘ্ৰে সবল হল ।
৪. উদ্যোগ খণ্ডৰ উৎপাদনশীলতাৰ ক্ষমতা বৃদ্ধিৰে বেইজিংএ আকৌ global leader হিচাবে দাবি কৰিছে ।
৫. যোৱা কেইবা বছৰ ধৰি চীনৰ ৰাজনৈতিক কৌশল হল মিত্ৰ দেশৰ লগত belt এণ্ড road ৰ চুক্তি কৰোৱা , ইয়াৰ উদ্দেশ্য এয়ে নেকি যে ভৱিষ্যতে চীনে বিশ্বলৈ সকলো ধৰণৰ সামগ্ৰীৰ ৰপ্তানিৰ ৰমৰমিয়া বেহা কৰিব এই belt and road ৰে আৰু বিশ্বত super power হৈ পৰিব ।
৬. আটাইতকৈ ভয়ানক চিন্তাৰ বিষয় হব যদিহে এই বেমাৰৰ নিয়ন্ত্ৰণ আৰু নিৰাময়ৰ উপায় যদি চীনৰ হাতত থাকে তেতিয়া অৰ্থনৈতিক ভাবে চীন সৰ্বশক্তিমান টো হবই ই আকৌ চীনৰ কমিউনিষ্ট চৰকাৰৰ ভাৱধাৰাকো বিশ্ববাসীয়ে আঁকোৱালি লব ধৰিব , ফলস্বৰূপে ভাৰতবৰ্ষও হিন্দু ৰাষ্ট্ৰঃ হিচাপে পৰিগণিত হোৱা ৰ পৰিবৰ্তে এখন কমিউনিষ্ট ৰাষ্ট্রলৈ পৰিগণিত হোৱাৰ দিশে গতি কৰা দেখা যাব উদাহৰণ স্বৰূপে বৰ্তমানৰ নেপাল দেশ ।
এই বেমাৰক অকল বেমাৰ বুলি গণ্য কৰাটো উচিত বুলি মই নাভাবো কিয়নো যেনেকৈ
magna carta (1215)চুক্তিয়ে বিশ্বত গণতন্ত্ৰৰ জন্ম দিছিলে এই মহমাৰীৰ সূত্ৰপাত লৈও বিশ্বত সত্বাবাদী ৰ শ্ৰেষ্ঠত্ব(Superiority of Authoritarian) জন্ম হোৱা অধিক সম্ভাৱনা আছে ।
মানস দা