
চীনে ৰচিছে নতুন ষড়যন্ত্ৰ, ৱেষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডত মোতায়েন কৰিছে ৰকেট লঞ্চাৰ ।

ডিজিটেল ডেস্ক: চীনা কমিউনিষ্ট পাৰ্টিৰ পিপলছ লিবাৰেচন আৰ্মীয়ে লাডাখৰ পাংগং হ্ৰদত যোৱা বছৰৰ স্থিতি পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হৈছিল যদিও সম্প্রতি চীনে চতুৰালীৰে ৱেষ্টাৰ্থ থিয়েটাৰ কমাণ্ডত ৰকেট লঞ্চাৰ মোতায়েন কৰি যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰিছে।
চীনে ভাৰতৰ সীমান্তত ১৭,০০০ ফুট উচ্চতাৰ এলেকাত অস্ত্ৰ-শস্ত্ৰ মোতায়েন কৰাৰ ফলত নিৰাপত্তা ৰক্ষাৰ দিশত ক্ৰমে চিন্তা বৃদ্ধি পাইছে।
বিশেষজ্ঞসকলে অনুমান কৰিছে যে চীনা কমিউনিষ্ট পাৰ্টিয়ে আকৌ এবাৰ সীমান্ত ৰাষ্ট্ৰসমূহৰ সৈতে বিবাদ সৃষ্টি কৰিব পাৰে। ভাৰতৰ কাষৰীয়া সীমান্ত অঞ্চলৰ ওচৰত চীনা কমিউনিষ্ট পাৰ্টিৰ এনে কাৰ্যকলাপে ভাৰতৰ বিৰুদ্ধে চলোৱা এক গভীৰ ষড়যন্ত্ৰ যেন অনুমান হৈছে।এই তথ্য চীনা সেনাৰ চৰকাৰী বাতৰি কাকত পি এল এ ডেইলীত প্ৰকাশিত হৈছিল। বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাত কোৱা হৈছে যে চীনা সেনাৰ আৰ্টিলাৰী ব্ৰিগেড সাগৰ পৃষ্ঠৰ পৰা ৫২০০ মিটাৰ উচ্চতাত মোতায়েন কৰা হৈছে।
যদিও বাতৰি কাকতখনে উল্লেখ কৰিছে যে উইগুৰ মুছলমান অধ্যুষিত ৰাজ্য জিনজিয়াঙত এই স্হাপন কৰা হৈছে যদিও সঠিক অৱস্থান প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৰঙা চীন।
প্লাৰ আৰ্টিলাৰী কৰ্পৰ এজন প্ৰশিক্ষক চং ঝংপিঙে কৈছিল যে নতুন অস্ত্ৰ প্ৰণালীটো এটা দীঘলীয়া দূৰত্বৰ ৰকেট লঞ্চাৰৰ হ’ব পাৰে।
ই ১২ ইঞ্চি বা তাতকৈ ডাঙৰ ৰকেট কঢ়িয়াব পৰাৰ লগতে ১০০ কিলোমিটাৰ দূৰত্ব লৈকে শত্ৰুক আঘাত কৰিব পাৰে। চং ঝংপিঙে এইবুলিও কৈছিল যে এই মিছাইলৰ জৰিয়তে ভাৰতক বহু দূৰৰ পৰাই লক্ষ্য ভেদ কৰিব পৰা যাব।
আনহাতে ভাৰতেও নিজৰ সীমান্তত সৈন্য মোতায়েন বৃদ্ধি কৰিছে। এক বিশেষ সুত্ৰৰ ইংগিত মতে শীত কাল কমি অহাৰ লগে লগে চীনে অঞ্চলটোত সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰৰ মোতায়েন বৃদ্ধি কৰিছে।
ভাৰতে ফেব্ৰুৱাৰীত চীনা সেনাক পাংগং হ্ৰদৰ পৰা পিছহুহকী যাবলৈ বাধ্য কৰিছিল। ইয়াৰ উপৰিও, চীনা সেনা প্ৰত্যাহাৰ কৰিবলৈ গোগ্ৰা, হট স্প্ৰিংছ আৰু ডেপচাং প্লেইনছৰ সৈতে আলোচনা চলি আছে যদিও পিএলএ-য়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো ইংগিত দিয়া নাই।