
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী IAS বিষয়া, বোকা–পানী গচকি বানপীড়িতৰ কাষত কীৰ্তি জলি
দক্ষিণ ভাৰতৰ মানুহ বোৰৰ পৰা আমি শিকিবলৈ কিছু বিশেষ কথা আছে ব্যৱহাৰৰ পৰা আৰম্ভ কৰি নিজৰ পৰম্পৰা,সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা আৰু সৰলতা এগৰাকী IAS বিষয়াহৈও তেখেতৰ লেখমাত্ৰও অহংকাৰ নাই এখেতৰ সমাজ সচেতনতা , সৰলতা প্ৰশংসনীয় তথা অনুকৰণ কৰিব লগীয়া। ।
যথেষ্ট ত্যাগ আৰু কষ্টৰ সাধনাৰ ফলত IAS বিষয়া হোৱা কীর্তি জল্লিলৈ ২০১৯-২০ বৰ্ষৰ বাবে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে মুখ্যমন্ত্ৰী বঁটা কৰ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল। উক্ত সময়ছোৱাত কীৰ্তি জল্লি হাইলাকান্দি জিলাৰ উপায়ুক্ত আছিল। উপায়ুক্ত জল্লিয়ে ৰাজ্য, কেন্দ্রীয় চৰকাৰৰ আঁচনি ৰূপায়নত দক্ষ আৰু স্বচ্ছতাৰে বাস্তবায়ন কৰিছিল তদুপৰি হাইলাকান্দিৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লিয়ে “ৰক্তহীনতা-মুক্ত হাইলাকান্দি” আঁচনি গ্ৰহণ কৰিছিল। হাইলাকান্দি জিলাজুৰি ৰক্তহীনতাৰ স্তৰ হ্ৰাস কৰিবলৈ ‘আমলা-গুৰ কেণ্ডি’ প্ৰকল্পটোৰ বাবে অসামান্য প্ৰচেষ্টাৰ বাবে ৰাজ্য চৰকাৰে তেওঁক এই সন্মান প্ৰদান কৰে।
আৰু বৰ্তমানে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই গৰাকী IAS বিষয়া। দুৰ্যোগৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা গ’ল কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিক। বোকা–পানী গছকি নাৱত বানপীড়িত এলেকাৰ বুজ লোৱা উপায়ুক্তগৰাকীৰ ফটো বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ছচিয়েল মিডিয়াত জনপ্ৰিয় হোৱাৰ অসুস্থ প্ৰতিযোগিতা আৰু কৃতিত্ব দাবীৰ অশুভ পৰম্পৰাৰ মাজতে একাংশ লোকে নীৰৱে নিজৰ কাম কৰি যায়। বহু চৰকাৰী বিষয়া আছে যিসকলে পদ মৰ্যাদাৰ অহংকাৰৰত গদগদ হৈ নাথাকি নিজৰ কাৰ্য সম্পাদন কৰে নিৰবে । দুৰ্যোগৰ সময়ত দুৰ্গতৰ কাষত থিয় হৈ কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিয়ে দেখুৱালে কৰ্ম–সংস্কৃতিৰ নিদৰ্শন।
কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জলিয়ে এইদৰে বোকা পানী গছকি বান পীড়িত এলেকা ভ্ৰমণ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এগৰাকী সাধাৰণ লোকৰ দৰেই বোকা পানী গছকি বান বিধ্বস্ত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈছে কীৰ্তি জলিয়ে। উল্লেখযোগ্য যে বৰাক নৈৰ পানীয়ে কাছাৰ জিলাত সংহাৰৰ সৃষ্টি কৰিছে।