হৰিজন কলনীৰ শিশু সকলক সংগীত- নৃত্যৰ মাজেৰে সংস্কাৰ দিয়াৰ প্ৰয়াস ।
গুৱাহটীৰ : সংগীত আৰু নৃত্য কলাৰ জৰিয়তে সমাজ সংস্কাৰিত, বিকশিতৰ লগতে আহ্লাদিত হব পাৰে । সংগীত আৰু নৃত্য কলাই মানুহৰ মন প্ৰশান্তিৰে ভৰাই মানসিক স্তৰ বহু দূৰ আগুৱাই লৈ যোৱাত সহায় কৰে। নৃত্য আৰু সংগীত সমাজৰ এনে এক মাধ্যম যাৰ জৰিয়তে সকলো শ্ৰেনীৰ ব্যক্তিৰ উৎকৰ্ষ সাধিত হব পাৰে । এনে এক প্ৰচেষ্টাৰে ডা৹ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ সৌজন্যত বিগত এমাহ ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নৃত্য কৰ্মশালাৰ আয়োজন কৰি পৰিচালনা কৰি থকা বুলি ড: হেডগেৱাৰ স্মাৰক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। বিশেষকৈ গুৱাহাটী মহানগৰীৰ আৰ্থিকভাৱে পিছপৰা হৰিজন কলনীৰ কণ-কণ ছাত্ৰ ছাত্ৰী সকলক সংস্কাৰিত কৰাৰ উ্দেশ্যেৰে সম্পূর্ণভাবে বিনামূলীয়াকৈ বিভিন্ন অঞ্চলত এই কৰ্মশালা আয়োজন কৰা হৈছিল। উক্ত কৰ্মশালাত অসমৰ জাতীয় প্ৰাণ স্বৰূপ সত্ৰীয়া নৃত্যৰ লগতে ভোৰতাল নৃত্যৰ প্ৰশিক্ষণ দিয়া হয়। এমাহ ধৰি চলি থকা কৰ্মশালাৰ শুক্রবাৰে সন্ধিয়া সামৰণি পৰে । হেঙেৰাবাৰীস্থিত সুদৰ্শনালয়ত অনুষ্ঠিত কৰ্মশালা সামৰণী অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ ক্ষেত্ৰীয় প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই । ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ সভাপতি খগেন শইকীয়া, মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধি,জ্যেষ্ঠ প্ৰচাৰক ভাস্কৰ কুলকাৰণীকে ধৰি বহু সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কৰ্মশালাত আশগ্ৰহন কৰা ছাত্ৰ ছাত্ৰী সকলে এক মনোমোহা নৃত্যানুষ্ঠান পৰিবেশন কৰে ।
গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ভাষণত পংকজ চক্ৰৱৰ্তী দেৱে অসমৰ সভ্যতা-সংস্কৃতিৰ অন্যতম নৃত্য কলা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, সত্ৰীয়া নৃত্যৰ নৃত্য ভংগীমাত আৰু ইয়াৰ অন্তৰালত নিহিত হৈ থকা দিকদৰ্শনৰ বিষয়ে আয়ত্ত কৰি সুন্দৰ জীৱন গঢ়ি তুলিবৰ বাবে সকলোকে আহ্বান জনায়।
অনুষ্ঠানত হৰিজন সমাজৰ প্ৰমুখ ব্যক্তি সকলকো সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰা প্ৰশিক্ষক সকলো বিশেভাৱে সম্বৰ্ধনা জনোৱা হয় বুলিও উদ্যোগতা সকলে জানিবলৈ দিছে।