ডাঃ হেডগেৱাৰ স্মাৰক সমিতি আৰু যুৱ সংকল্প, অসমৰ সৌজন্যত অইন বেলিৰ দৰে এই বেলিও “How to Prepare UPSC/APSC” এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি বৰবৰীস্হ সুদৰ্শনালয়ত অনুষ্ঠিত উদ্বোধনী অনুস্থানত উপস্থিত থাকে পশ্চিম গুৱাহাটীৰ ডি চি পি নৱনীত মহন্ত,, গুৱাহাটী মহানগৰৰ অতিৰিক্ত উপায়ুক্ত অনুৰাগ ৰুদ্ৰা লগতে উপস্থিত থাকে ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ সম্পাদক খগেন শইকীয়া আৰু যুৱ-সংকল্প, অসমৰ সভাপতি জিতু মেধি লগতে অন্যান্য কাৰ্যকৰ্তা। উক্ত উদ্বোধনী ভাষণত নৱনীত মহন্তই কয় যে, ছাত্ৰ-ছাত্ৰী সকলে অত্যন্ত গুৰুত্ব সহাকাৰে নিজৰ লক্ষ্যত উপনীত হ’বলৈ একাগ্ৰতাৰে আৰু বিশ্বাসেৰে পঢ়িব লাগে। ভাষা কেতিয়াও সফলতাৰ পঠত হেঙাৰ হব নোৱাৰে , নিজ মাতৃভাষাৰ জৰিয়তেও প্ৰতিযোগিতামুলক পৰিক্ষা সমূহত সুখ্যাতিৰে অবতীৰ্ণ হব পাৰে বুলি তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । আনহাতে, মুখ্য অতিথি আই জি পি অনুৰাগ আগৰৱাল নিজৰ বক্তব্যত উল্লেখ কৰে যে, ছাত্ৰ ছাত্ৰী সকলে লোকসেৱা আয়োগৰ প্ৰতিযোগিতা সমূহত সফলতা অৰ্জন কৰিবলৈ হলে নিজ পাঠ্যক্ৰম খৰচি মাৰি অধ্যয়ন কৰাৰ লগতে সামাজিক মাধ্যম যেনে ফেচবুক, ইনচ্টা আদিৰে পৰা নিজকে দুৰত ৰাখি কেবল পঢ়াৰ প্ৰতি মনোনিবেশ কৰিব লাগিব। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই যুৱ-সংকল্প, অসমৰ সভাপতি জিতু মেধিয়ে ।