বিশ্ব সংবাদ কেন্দ্ৰৰ নাৰদ জয়ন্তী বঁটা গৌতম শৰ্মালৈ
“জাতি নৃগোষ্ঠীয় সমন্বয়েৰে জাতিটোক সমৃদ্ধ কৰিবলৈ হ’লে ৰাজপথৰ আন্দোলন বাদ দি মনৰ আন্দোলন আৰম্ভ কৰাটো জৰুৰী৷ অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ বাবে সকলো এক হোৱাৰ এই উপযুক্ত সময়৷ শংকৰদেৱ শিশু নিকেতনৰ ৰূপত আৰ এছ এছে অসমীয়া মাধ্যমৰ উন্নতিৰ বাবে যি কাম নীৰৱে কৰিছে, সেই প্ৰক্ৰিয়াৰ ভগ্নীবৎ ব্যবস্থা জাতীয় বিদ্যালয়৷’’ এই মন্তব্য বিশিষ্ট সাংবাদিক গৌতম শৰ্মাৰ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ সুদৰ্শনালয়ত বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ উদ্যোগত আয়োজিত হয় আদি সাংবাদিক নাৰদ জয়ন্তী৷ এই অনুষ্ঠানত ৰাষ্ট্ৰীয় কাকত অৰ্গেনাইজাৰৰ সম্পাদক, প্ৰসিদ্ধ সাংবাদিক প্ৰফুল্ল কেটকৰ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে৷ অপপ্ৰচাৰেৰে সমাজত বিভাজন আনিব বিচৰা ভাৰতীয় সাংবাদিকতাৰ বৰ্তমানৰ ফেশ্বনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি কেটকৰে কয়- ফেক হ’লে নিউজ নহয়, নিউজ হ’লে ফেক হ’ব নোৱাৰে৷ ১৮১৭ৰ পূৰ্বে কোনো তথ্যতে ভাৰত গাঁৱৰ দেশ বুলি উল্লেখ নাই আৰু ১৯৫৫ৰ পূৰ্বে দেশত ভাষাৰ ভিত্তিত সংঘৰ্ষ হোৱা নাছিল বুলি প্ৰফুল্ল কেটকৰে মন্তব্য কৰে৷ এইবাৰৰ দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা আগবঢ়োৱা হয় আমাৰ অসম কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মাক৷ এই বঁটাত আছে অংগবস্ত্ৰ, দেশমাতৃৰ প্ৰতিচ্ছবি৷ উল্লেখযোগ্য যে বঁটাৰ সৈতে দিয়া ৫০ হাজাৰ টকা গৌতম শৰ্মাই সেৱা ভাৰতীৰ ছাত্ৰাবাসৰ বাবে দান কৰে৷ অনুষ্ঠানটোত নিউজ লাইভৰ প্ৰাঞ্জল বৰুৱা, অসমীয়া খবৰৰ অৰুণিমা কলিতা আৰু অসমীয়া প্ৰতিদিনৰ হেমেন বৰ্মনক সম্বৰ্ধনা জনোৱা হয়৷ বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সভাপতি ড° গৌৰাংগ কুমাৰ শৰ্মা আৰু উপসভাপতি গুৰুপ্ৰসাদ মেধি, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা সহ বহু বিশিষ্ট লোক উপস্থিত থাকে৷ বিশ্ব সংবাদ কেন্দ্ৰৰ সম্পাদক কিশোৰ শিৱমে প্ৰাস্তাৱিক ভাষণ দিয়া অনুষ্ঠানটোৰ আত ধৰে নব বুজৰবৰুৱাই৷ কাৰ্যসূচীৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰা দয় আৰু বৰপেটা সত্ৰৰ প্ৰসংগত সততে শুনিবলৈ পোৱা মালিতা পৰিবেশন কৰা হয়৷