
আজি কিছু সময়ৰ আগত তিনিচুকীয়া জিলাত পুণৰ ১৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৪ জন ডুমডুমাৰ আৰু ৩ জন শদিয়াৰ ৷
আটাইকে তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰক্ৰিয়া যাতে সুক্ষ্মভাৱে হয় আৰু সেয়া সুনিশ্চিত কৰাৰ বাবে তিনিচুকীয়া জিলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত কিছু সময়ৰ আগত মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া
উপস্থিত থাকি পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে ।
কোভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰস্তুতি সুনিশ্চিত কৰাৰ অৰ্থে কেন্দ্ৰটিত উপলব্ধ পৰীক্ষণৰ বিভিন্ন সা-সুবিধা পৰিদৰ্শন কৰে ৷
তেও বিষয়াসকলক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়ে অসমত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হোৱা ১২৫ গৰাকী লোক আৰোগ্য হৈছে। আনহাতে ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪,৯৮০ জনলৈ। ঠিক তেনেদৰে ভাৰতত এতিয়ালৈকে কোৰোনাত মুঠ আক্ৰান্ত হৈছে ১,৭৩,৪৯১ গৰাকী লোক। ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৮২,৬২৭ গৰাকী লোক।