ৰূপম বৰুৱা
এতিয়া চাৰিওফালে ‘হৰ ঘৰ তিৰংগা’ বা ‘ঘৰে-ঘৰে ত্ৰিৰংগ’ৰ ধ্বনি । ‘জাতীয় দিৱস’সমূহত আমাৰ ত্ৰিৰংগ জাতীয় পতাকাক কেনেকৈ, কিমান সন্মানেৰে ঘৰে-ঘৰে , চুবুৰীয়ে-চুবুৰীয়ে উত্তোলন কৰা হ’ব তাৰ বাবেই চাৰিওফালে উছৱমুখৰ পৰিবেশ ! ‘স্বাধীনতা দিৱস’ আৰু ‘গণৰাজ্য দিৱস’ বিশেষ জাকজমকতাৰে পালন কৰিবলৈ এতিয়া চৰকাৰৰ লগতে সৰ্বসাধাৰণ ৰাইজেও উছাহ-উদ্দীপনাৰে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে । তিনি-চাৰি দিন আগৰে পৰা মহানগৰীৰ চুকে-কোনে , ফুটপাথবোৰতো সৰু-ডাঙৰ কত ৰকমৰ জাতীয় পতাকা যে জিলিকি আছে ! সেইবোৰ কিনিবলৈ আৰু বেচিবলৈ ক্ৰেতা-বিক্ৰেতা সমানেই উৎসাহী !
জাতীয় দিৱস পালন আৰু জাতীয় পতাকাক সন্মান জনাবলৈ চাৰিওফালে এই যে আনন্দময় আৰু উছৱমুখৰ পৰিবেশ – এই পৰিবেশত মনটোৱে যেন উৰা মাৰি উভতি যায় আশী-নব্বৈ আৰু একবিংশ শতিকাৰ প্ৰথমটো দশকৰ কেতবোৰ ঘোৰ শংকাময় দিনলৈ – যেতিয়া অসমত ৰাজহুৱা কিয় , ঘৰৰ চৌহদৰ ভিতৰতো জাতীয় পতাকা উত্তোলন কৰাটো আছিল নিজৰ বাবে ভয়ংকৰ বিপদ মাতি অনাৰ ঘটনা । হয়তো সমগ্ৰ অসমতে আঙুলিৰ মূৰত লেখিব পৰা অত্যন্ত নৈতিক সাহসেৰে বলীয়ান কিছু লোকে জাতীয় দিৱস দুটাত নিজ গৃহত পতাকা উত্তোলন কৰি দেশমাতৃ আৰু দেশমাতৃক স্বাধীন কৰিবলৈ নিজৰ সৰ্বস্ব আনকি প্ৰাণ পৰ্যন্ত বিসৰ্জন দিয়া অগনন দেশপ্ৰেমিক মুক্তিযুঁজাৰুলৈ শ্ৰদ্ধা তৰ্পন কৰিছিল । কিন্তু ৰাজহুৱাভাৱে চুবুৰীয়ে-চুবুৰীয়ে জাতীয় পতাকা উত্তোলন তো তেতিয়া আছিল নিষিদ্ধ কাৰ্য । ‘আলফা’কে ধৰি উগ্ৰপন্থী আৰু দেশদ্ৰোহী নানা সংগঠনে তেতিয়া অসম তথা উত্তৰ-পূৰ্ব্বাঞ্চলৰ সৰ্বসাধাৰণক বন্দুকৰ ভাবুকিৰে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীৰ দৰে জাতীয় দিৱসত পতাকা উত্তোলনৰ দৰে কাৰ্যসূচীৰ পৰা বিৰত ৰখাৰ আসুৰিক চেষ্টা চলাইছিল । সৰ্বসাধাৰণৰো উপায় নাছিল , কাৰণ তেতিয়া বন্দুক-বাৰুদেৰে সৰ্বদাই দপদপাই থকা আলফা আৰু অন্যান্য দেশবিৰোধী সংগঠনসমূহৰ বিৰুদ্ধাচাৰণ কৰিবলৈ যোৱাটো নিৰীহ-নিৰস্ত্ৰ জনতাৰ বাবে নিজৰ মৰণ মাতি অনাৰ লেখীয়া কথাহে আছিল । তেতিয়া অসমত সন্ত্ৰাসবাদৰ ভৰপক । বিশেষকৈ ‘আলফা’ৰ দৰে বিচ্ছিন্নতাবাদী অপশক্তি এটাৰ উৎপাতত সৰ্বসাধাৰণৰ জীৱন অতিষ্ঠ । বন্দুকৰ নলীয়েদি মানুহক দমন কৰি ৰখাৰ চেষ্টা চলাইছিল এই অপশক্তিটোৱে । এটা সময় আছিল যেতিয়া মানুহে আলফাৰ নাম ল’বলৈয়ে ভয় খাইছিল । ‘স্বাধীনতা’ , ‘সাৰ্বভৌমত্ব’ৰ নামত নিৰীহৰ তেজেৰে ফাকু খেলা এনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমাৰ গৰিষ্ঠসংখ্যক লেখক-সাংবাদিক-বুদ্ধিজীৱীয়েই তেতিয়া নিমাত আছিল । মাত্ৰ আঙুলিৰ মূৰত গণিব পৰা কিছুৱেহে মৰ সাহ কৰি এনেবোৰ অপশক্তিক প্ৰত্যাহ্বান জনাই কলম হাতত তুলি ল’ব পাৰিছিল । কিন্তুু অপশক্তিয়ে যেতিয়া সীমা চেৰাই যায় তেতিয়া তাক প্ৰত্যাহ্বান জনোৱা শক্তিও জাগি উঠে । আলফাৰ জাতীয় দিৱস বৰ্জনৰ ভাবুকিৰ বিৰুদ্ধেও আঙুলিৰ মূৰত লেখিব পৰা হ’লেও মানুহ জাগি উঠিছিল আৰু আলফাৰ ৰক্তপাতৰ ফতোৱাক অগ্ৰাহ্য কৰি ত্ৰিৰংগ জাতীয় পতাকা উত্তোলন কৰি জাতীয় দিৱস পালন কৰিছিল । এই ঘটনাৰ প্ৰথম সূত্ৰপাত হৈছিল ১৯৯৮ চনত ।
সেইবাৰ ২৬ জানুৱাৰী ‘গণৰাজ্য দিৱস’ বৰ্জনৰ আহ্বান দি আলফাই ভাবুকি দিছিল যে এই দিৱস পালন কৰিলে ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হ’ব । মই তেতিয়া ‘আজিৰ বাতৰি’ কাকতত চাকৰি কৰোঁ । আমাৰ সম্পাদক আছিল নিৰ্ভীক দেশপ্ৰেমিক সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী ছাৰ । ২৪ জানুৱাৰীৰ দিনা আলফাৰ প্ৰেছ বিজ্ঞপ্তিটো পঢ়িয়েই মই ছাৰৰ ৰূমলৈ গৈ কৈছিলোঁ ,’ ছাৰ , এতিয়াই ইহঁতক বাধা নিদিলে যথেচ্ছাচাৰ আৰম্ভ হ’ব । আমি সাংবাদিক বিলাকেই কিবা এটা কৰিব লাগিব । আমি গুৱাহাটী প্ৰেছক্লাবত জাতীয় পতাকা উত্তোলন কৰি ইহঁতক প্ৰত্যাহ্বান জনাম আৰু আৰু ৰাইজকো স্বাধীনতা ৰণৰ শ্বহীদ সকলৰ প্ৰতি কৃতজ্ঞতা জনাই জাতীয় পতাকাক সন্মান কৰিবলৈ সাহস যোগাব পাৰিম ।’
ছাৰেও কথাটো চিন্তা কৰি আছিল । তেখেতে উৎসাহিত হৈ ক’লে ,’আমি দূই চাৰিজন মিলি হ’লেও সিদিনা জাতীয় পতাকা উৰুৱাম ।’
ছাৰৰ ৰূমত উপস্থিত আছিল অসমৰ আন এগৰাকী বিশিষ্ট আৰু সাহসী সাংবাদিক সবিতা গোস্বামী বাইদেউ । বাইদেৱে ক’লে ,’মই আছো তোমালোকৰ লগত । যদি মাত্ৰ আমি তিনিজনেও পতাকা উত্তোলন কৰিব লাগে , তেতিয়াহ’লেও আছোঁ ।’
লগে-লগে ছাৰে গুৱাহাটীৰ সমূহ সাংবাদিক আৰু নাগৰিকক ২৬ জানুৱাৰীৰ দিনা গুৱাহাটী প্ৰেছক্লাবত সমবেত হৈ জাতীয় পতাকা উত্তোলনেৰে শ্বহীদসকলক স্মৰণ কৰিবলৈ বলিষ্ঠ আৰু উদাত্ত আহ্বান জনাই এটি প্ৰেছ টোকা লিখিলে । তাৰপিছত ছাৰৰ সেই আহ্বানৰ ফটোষ্টেট কপি কৰি সন্ত্ৰাস-জৰ্জৰিত সেই সময়ৰ ২৪ জানুৱাৰীৰ নিশা বাইদেউ , ভিনিদেউ (ভৱানী প্ৰসাদ গোস্বামী) আৰু মই কেনেকৈ কাকতৰ অফিচে-অফিচে ঘূৰি ঘূৰি বিতৰণ কৰিলো সি আৰু এক কাহিনী । ‘আছাম ট্ৰিবিউন’ কাৰ্যালয়ত সাংবাদিক বন্ধু অজিত পাটোৱাৰীয়ে এই কাৰ্য্যসূচীক সমৰ্থন কৰা সাংবাদিকসকলৰ চহী সংগ্ৰহ কৰাৰ কামত যথেষ্ট সহায় কৰি দিছিল । মুঠতে ছাৰৰ সেই আহ্বান বিভিন্ন সাংবাদিকৰ সমৰ্থনপুষ্ট হৈ ২৫ জানুৱাৰীৰ কেইবাখনো কাকতত ওলাল , আৰু ২৬ জানুৱাৰীৰ দিনা আলফাৰ বন্ধ-ভাবুকিক অগ্ৰাহ্য কৰি সাংবাদিক সকলে প্ৰেছক্লাব চৌহদত ত্ৰিৰংগ জাতীয় পতাকা উত্তোলন কৰি ৰাজপথত সমদলো উলিয়ালে । সেইসময়ত প্ৰায় দুষ্প্ৰাপ্য ডাঙৰ এখন জাতীয় পতাকা সবিতা গোস্বামী বাইদেৱেই যোগাৰ কৰি দিছিল । সেইদিনা আমাৰ জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচীত উপস্থিত আছিল নিৰুপমা বৰগোহাঞি, প্ৰীতি বৰুৱা, নৰেশ ৰাজখোৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, কনকসেন ডেকা , প্ৰেমধৰ শৰ্মা, এম এছ প্ৰভাকৰৰ দৰে বয়োজ্যেষ্ঠ লেখক-সাংবাদিকৰ লগতে হিতেন মহন্ত , অজিত পাটোৱাৰী , ৰণেন কুমাৰ গোস্বামী, অনিতা কলিতা , গীতাৰ্থ পাঠক , মুনীন বায়ন , দিৱস ফুকন, পৱিত্ৰ ডেকাকে ধৰি বহুতো ডেকা সাংবাদিক । অজয় দত্ত, প্ৰদীপ ঠাকুৰীয়াসহ ওচৰ-পাঁজৰৰ পৰা বহু বিশিষ্ট নাগৰিকে অংশ গ্ৰহণ কৰিছিল এই অনুষ্ঠানত । সকলোৰে নাম এই মুহুৰ্তত মনত পেলাব পৰা নাই বাবে দুঃখিত আৰু ক্ষমাপ্ৰাৰ্থী । উপস্থিত সাংবাদিক সকলৰ মাজত সবাতোকৈ বয়োজ্যেষ্ঠ নৰেশ ৰাজখোৱাদেৱে জাতীয় পতাকা উত্তোলন কৰিছিল আৰু চক্ৰৱৰ্তী ছাৰে দিছিল সাহস আৰু প্ৰত্যয়ভৰা উদাত্ত ভাষণ । সেই ভাষণে সন্ত্ৰাসৰ পোষকতা কৰা বিচ্ছিন্নতাবাদী অপশক্তিৰ বিৰুদ্ধে সকলোৰে অন্তৰত দেশপ্ৰেমৰ জুই জ্বলাই তুলিছিল । সেয়াই আৰম্ভণি । তাৰপিছৰে পৰা গুৱাহাটী প্ৰেছক্লাবত বিচ্ছিন্নতাবাদী উগ্ৰপন্থীৰ ভয়-ভাবুকিক অগ্ৰাহ্য কৰি ২৬ জানুৱাৰী আৰু ১৫ আগষ্টৰ দৰে জাতীয় দিৱসত জাতীয় পতাকা উত্তোলন হ’বলৈ ধৰিলে । সাহসী সাংবাদিক নৱ ঠাকুৰীয়াই গুৱাহাটী প্ৰেছক্লাবৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে-লগে এই অনুষ্ঠানে এক নতুন মাত্ৰা লাভ কৰি ক্ৰমান্বয়ে অধিক শক্তিশালী হৈ উঠে । তেতিয়াৰে পৰা বহুদিনলৈ এই প্ৰেছক্লাবেই আছিল বিচ্ছিন্নতাবাদী উগ্ৰপন্থীক প্ৰত্যাহ্বান জনাই বেচৰকাৰী জাতীয় পতাকা উত্তোলনৰ একমাত্ৰ অনুষ্ঠান । আজি কিছু বছৰমানৰ পৰাহে গুৱাহাটী আৰু অসমৰো বিভিন্ন ঠাইত ৰাজহুৱাভাৱে জাতীয় পতাকা উত্তোলনৰ অনুষ্ঠান হ’বলৈ ধৰা দেখা গৈছে । গতিকে ১৯৯৮ চনত চক্ৰৱৰ্তী ছাৰৰ সেই আহ্বানেই আছিল ইয়াৰ আৰম্ভণি । সেই দিনবোৰত চক্ৰৱৰ্তীছাৰ আৰু নিৰুপমা বৰগোহাঞি বাইদেৱে আমাক নেতৃত্ব দিয়াৰ ভূমিকা পালন কৰিছিল ৷ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী বা সন্ত্ৰাসবাদীক প্ৰত্যাহ্বান জনাই আমি যিবোৰ আহ্বান দিছিলো সেইবোৰত প্ৰথমতে চহী কৰা ব্যক্তি দুগৰাকী আছিল চক্ৰৱৰ্তী ছাৰ আৰু বৰগোহাঞি বাইদেউ ৷ দুয়ো আমাক কৈছিল ,’তোমালোকৰ ব্যস্ততাৰ মাজত আমাৰ ঘৰলৈ আহি চহী নল’লেও হ’ব ৷ প্ৰয়োজনত তোমালোকেই আমাৰ হৈ চহী দি দিবা ৷ এনে কামত আমি সদায় তোমালোকৰ লগত আছোঁ ৷’ সেইসময়ত আলফাজাতীয় সংগঠনবোৰৰ ভয়তেই হওক বা সমৰ্থনতেই হওক , সন্ত্ৰাসৰ বিৰুদ্ধে লোৱা কাৰ্যসূচীত চহী দিবলৈ ইতস্তত কৰা বহু লেখক-বুদ্ধিজীৱীৰ তুলনাত চক্ৰৱৰ্তী ছাৰ আৰু বৰগোহাঞি বাইদেউ আছিল বিৰল ব্যতিক্ৰম ৷
নৱ ঠাকুৰীয়াৰ আগ্ৰহ আৰু সবল নেতৃত্বৰ বাবেই দীৰ্ঘদিন ধৰি প্ৰেছ ক্লাবত জাতীয় পতাকা উত্তোলনৰ কাৰ্যসূচীয়ে এক আন্দোলনৰ ৰূপ ধাৰণ কৰিব পাৰিছিল । ক’বলৈ গ’লে নৱ ঠাকুৰীয়াই প্ৰেছক্লাব চৌহদত এই জাতীয় দিৱস পালনৰ অনুষ্ঠানক এক প্ৰকাৰ উৎসৱলৈ পৰিণত কৰিছিল । সৰ্বসাধাৰণৰ মনলৈ দেশপ্ৰেমবোধ জাগৃত কৰা আৰু সাহসৰ যোগান ধৰিবলৈ জাতীয় পতাকা উত্তোলনমূলক এনে ‘মিশ্যন’ বা আন্দোলন যে কিমান প্ৰয়োজনীয় আছিল সেয়া আমি ধীৰে-ধীৰে নিজ চকুৰে দেখিবলৈ আৰম্ভ কৰিছিলোঁ । প্ৰতিবছৰে এই দিৱস সমূহ পালন কৰিবলৈ দিয়া আহ্বানত আমি সদায় ৰাইজক ঘৰে-ঘৰে , চুবুৰীয়ে-চুবুৰীয়ে জাতীয় পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছিলোঁ । ১৯৯৮ৰ পৰা ২০১০লৈকে বিশেষ একো পৰিবৰ্তন চকুত পৰা নাছিল । তাৰ মানে সৰ্বসাধাৰণৰ মনৰ পৰা আলফাৰ প্ৰতি ভয়ভাৱ তেতিয়াও আঁতৰ হোৱা নাছিল । কিন্তু ২০১২ৰ পৰা পৰিবৰ্তনৰ আৰম্ভণি হৈছিল । গুৱাহাটীৰ অ’ত ত’ত কেতিয়াবা চকুত পৰিছিল কোনো কোনো চুবুৰীত জাতীয় পতাকা উত্তোলন আৰু স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস পালনৰ দৃশ্য । প্ৰেছক্লাবতো অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছিল । এক অন্ধকাৰ সময়ত আৰম্ভ কৰা আমাৰ ‘মিশ্যন’এ পোহৰৰ দিশে গতি কৰিছে বুলি নিজৰ মনতেই এটি আনন্দ আৰু সন্তুষ্টিৰ ভাৱ জাগি উঠিছিল আমাৰ ।
আমাৰ এই ‘মিশ্যন’ বা আন্দোলনত আমাক শক্তি যোগোৱা সকলোৰে নাম হয়তো এই মুহুৰ্তত ক’ব নোৱাৰিম । তাৰ বাবে গভীৰভাৱে ক্ষমাপ্ৰাৰ্থী । ওপৰত উল্লেখ কৰা সকলৰ বাহিৰে যিসকল সাংবাদিকৰ নাম এইমাত্ৰ মনলৈ আহিছে তেওঁলোক হ’ল : দীন নাথ সিং , ভূপেন বৰগোহাঞি, প্ৰণবজিত দলৈ , সুজিত গুহ , বিমান হাজৰিকা, মনোজ গোস্বামী, মিহিৰ দেউৰী , প্ৰমোদ কলিতা, সবিতা লহকৰ , মুকুল কলিতা, দীপেন বায়ন, অনুপ শৰ্মা, সমীৰ শাণ্ডিল্য , গিৰীন কাৰ্জী , উৎপল দত্ত, ৰামন বৰা , ৰুবী দাস , দীপংকৰ দেৱ শৰ্মা, মমতা মিশ্ৰ , অক্ষমালা ঠাকুৰীয়া , শেৱালী কলিতা, দিগম্বৰ পাটোৱাৰী, অঞ্জনীল কাশ্যপ ,জেছিম ৰাজা , বিপুল শৰ্মা , নয়ন ভূঞা, হীৰেন কলিতা , পুলিন কলিতা, ঈশ্বৰ মহন্ত, চন্দ্ৰ বৰুৱা , বিশ্বজিত নাথ , অনিৰ্বান চৌধুৰী , ৰাজীব ভট্টাচাৰ্য, চিন্ময় ৰায় , নৃপেন ৰাজবংশী , কুমাৰজিত শৰ্মা ,পল্লবী বৰা , গীতিকা তালুকদাৰ , অনুপমা ডেকা , এজলিনা খানম , মাইনা গোস্বামী , প্ৰাঞ্জল মজুমদাৰ , বলদেব পাণ্ডে , বিকাশ সিং , দিলৱাৰ হুছেইন , মনোজ অগস্তি , কমলকৃষ্ণ দাস , হীৰকজ্যোতি ভট্ট আদি । যিসকল বিশিষ্ট নাগৰিকে আমাক অহৰহ শক্তি আৰু সাহস যোগাইছিল সেই সকল হ’ল : ডঃ নিৰ্মল চৌধুৰী, ডঃ জগদীন্দ্ৰ ৰায়চৌধুৰী, জহৰলাল সাহা , কৈলাশ শৰ্মা, সতীশ তহবিলদাৰ, কিশোৰ গিৰি , উত্তম বৰঠাকুৰ , পূৰবী বৰুৱা, সুমনা দত্ত, শংকৰ দাস , বশিষ্ঠ বুজৰবৰুৱা , বসন্ত বৰঠাকুৰ, প্ৰণৱ শৰ্মা , খগেন শইকীয়া, ধীৰেন বৰুৱা, অভিজিত শৰ্মা, বিটু তালুকদাৰ , সৌম্যদ্বীপ দত্ত , কুন্তলা চক্ৰৱৰ্তী, মৃণাল আলী হাজৰিকা, তৰালী চক্ৰৱৰ্তী , ধীৰাজ গোস্বামী, জয়ন্ত গগৈ , উজ্জ্বল শইকীয়া, ৰঞ্জীব শৰ্মা, নম্ৰতা দত্ত ,কাৰ্তিক চৌধুৰী আদি । কোনো সাহসী দেশপ্ৰেমিকৰ নাম যদিহে বাদ পৰিছে তেন্তে মই গভীৰ ভাৱে দুঃখিত আৰু ক্ষমাপ্ৰাৰ্থী ।