ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ সুৰেশ ভায়্যাজী যোশী ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ দেশভক্ত চৰকাৰখনেহে ৰাম মন্দিৰ নিৰ্মাণ কৰিব। বৰ্তমান চৰকাৰৰ লগত সন্মিলিত দলৰ পৰাহে এনেধৰণৰ আশা কৰিব পাৰি, বাকী দলবোৰৰ বিচাৰ-ধাৰা হিন্দুত্ব বিৰোধী। লোকসভাৰ নিৰ্বাচনত দেখা দিয়া উদাসীন (ন’টা) ভোটদানৰ বিষয়টো অতি চিন্তনীয়। তেখেতে দেশৰ জনসাধাৰণক অধিক ভোটদানৰ বাবে অনুৰোধ জনায়। তিনিদিন ধৰি কনখলৰ জগতগুৰু আশ্ৰমত থকা সৰকাৰ্যবাহ গৰাকীয়ে জগতগুৰু শংকৰাচাৰ্য স্বামী ৰাজৰাজেশ্বৰাশ্ৰমৰ পৰা ৰাষ্ট্ৰহিত বিষয়ক চৰ্চা কৰে আৰু আৰ্শীবাদ লয়।
২৯ এপ্ৰিল সোমবাৰে আশ্ৰমত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেখেতে উল্লেখ কৰে যে দেশখনে এইসময়ত নানান সমস্যাৰ সন্মুখীন হৈ আছে। বৰ্তমান নিৰ্বাচনৰ সময়। সেইবাবে এনে চৰকাৰ আহিব লাগে যিয়ে দেশৰ সমস্যাবোৰ পূৰ্ণগতিত নিবাৰণ কৰিব পাৰে আৰু দেশক উন্নতিৰ দিশত লৈ যাব পাৰে। তেখেতে আৰু কয় যে এইবাৰৰ নিৰ্বাচনত নগৰৰ শিক্ষিত সমাজে অতি উদাসীন ভাবে (ন’টা) ভোটদান কৰিছে। যিটো অতি চিন্তাৰ বিষয়। শিক্ষিত সমাজে নিজৰ অধিকাৰৰ প্ৰতি সজাগ নহ’লে দেশৰ উন্নতিৰ কথা ভাবিব নোৱাৰি।
মোডী চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালৰ বিষয়ে তেখেতৰ মতামত সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে তেওঁ বৰ্তমানৰ চৰকাৰখনৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে । আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ প্ৰতিষ্ঠা বাঢ়িছে, সুৰক্ষাৰ দিশতো বহু সচেতনতা অৱলম্বন কৰিছে আৰু অনেক ইতিবাচক দিশ তেখেতে আঙুলিয়াই ।
ক্ষেত্ৰ কাৰ্যবাহ শশীকান্ত ডাঙৰীয়াৰ উপস্থিতিত তেখেতে অনুচ্ছেদ ৩৭০ ধাৰাৰ ওপৰত লোৱা চৰকাৰৰ পদক্ষেপ সমূহৰ কথাও দোহাৰে।