দেশ তথা সমাজৰ প্ৰতিকূল পৰিস্থিতিত ৰাইজক সজাগ আৰু সতৰ্ক কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যমে। বহুক্ষেত্রত সংবাদ মাধ্যমে চৰকাৰবিৰোধী ভূমিকা গ্রহণ কৰি সুস্থ গণতন্ত্র চলাই নিয়াৰ ক্ষেত্ৰত বিশেষ কর্তব্য পালন কৰে। বিশ্বৰ প্রথমগৰাকী সাংবাদিক দেৱর্ষি নাৰদে সমাজক বিভিন্ন দিশত সজাগ, সচেতন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল। এনে এক ভাবাদর্শৰে বিশ্ব সংবাদ কেন্দ্র, অসমে প্রতিবছৰে দেৱর্ষি নাৰদ জয়ন্তী উৎযাপন কৰি এক বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰি এগৰাকী বিশিষ্ট সাংবাদিকক দেৱর্ষি নাৰদ জয়ন্তী বঁটা প্ৰদান কৰাৰ লগতে দুই-চাৰিগৰাকী সাংবাদিকক ৰাজহুৱাভাবে সম্বর্ধনা জ্ঞাপন কৰি আহিছে। এই উদ্দেশ্য আগত ৰাখি এইবেলি দেৱর্ষি নাৰদ জয়ন্তী বঁটা-২০২৪ বৰ্ষৰ বাবে নিৰ্বাচিত কৰা হৈছে দ্যা আছাম ট্রিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক প্রশান্ত জ্যোতি বৰুৱা।
সাংবাদিকক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰাৰ কথা ঘোষণা কৰিছে বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে। এক বিবৃতিত বিশ্ব সংবাদ কেন্দ্র, সম্পাদক কিশোৰ শিৱমে জানিবলৈ দিয়া অনুসৰি, দেৱর্ষি নাৰদ জয়ন্তী উপলক্ষে বিশেষভাবে সম্বর্ধনা জ্ঞাপন কৰিবলগীয়া তিনিগৰাকী সাংবাদিক হ’ল দিগন্ত গোস্বামী, পদ্মিনী হাজৰিকা আৰু ৰাজু বৰুৱা। আনহাতে, দেৱর্ষি নাৰদ জয়ন্তী উপলক্ষে আন বছৰৰ দৰে এইবেলিও বিশ্ব সংবাদ কেন্দ্ৰৰ উদ্যোগত ৯ জুনৰ আবেলি ৪ বজাত গুৱাহাটীৰ বৰবৰীস্থিত সুদর্শনালয়ত আয়োজন কৰা হৈছে এক বিশেষ বক্তৃতানুষ্ঠানৰ। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব দিল্লীস্থিত দূৰদৰ্শন কেন্দ্ৰৰ ছিনিয়ৰ কনছালটিং এডিটৰ অশোক শ্রীবাস্তৱ। উক্ত অনুষ্ঠানতে দেৱর্ষি নাৰদ জয়ন্তী বঁটা-২০২৪ প্ৰদান কৰাৰ লগতে আন তিনিগৰাকী সাংবাদিকক সম্বর্ধনা জ্ঞাপন কৰা হ’ব।