বিশ্ব সংবাদ কেন্দ্ৰ (গুৱাহাটী) – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঁ. মোহন ভাগৱত ডাঙৰীয়াই চিকাগোত আযোজিত ‘দ্বিতীয় বিশ্ব হিন্দু কংগ্ৰেছ সভা’ৰ প্ৰতিনিধি সকলক সম্বোধন কৰি কৈছিল ‘‘আমি বিশ্বক উত্তম কৰিব বিচাৰো ইয়াত আমাৰ কোনো আকাংক্ষা নাই। পূৰ্বতে বিশ্বৰ বহু স্থানত হিন্দু সম্ৰাজ্য আছিল। হিন্দু সংস্কৃতি আজিও সেই স্থানত বিদ্যমান। আশ্বৰ্যকৰ বিষয় যে সেই স্থানৰ স্থানীয় লোকসকলেই উক্ত সংস্কৃতিক জীয়াই ৰাখি আগবঢ়াই নিয়া দেখা গৈছে। অন্য কোনো শাসন ব্যৱস্থাত এনে হোৱা পৰিলক্ষিত নহয়। হিন্দু সংস্কৃতিৰ এনে প্ৰভাৱ কোনো আক্ৰমণ, উপনিবেশবাদ, সাংস্কৃতিক সংক্ৰমণ বা আমাৰ সৰ্বোত্তম ভাবধাৰাৰ বাবে নহয়, আমাৰ অন্তৰত থকা আত্মীয়তা, একাত্মভাৱৰ বাবেহে এনে সম্ভৱ আৰু তাৰবাবেই আমি একত্ৰিত হ’ব লাগিব। আমাৰ সমাজ বা ৰাষ্ট্ৰ কাৰো অধীন নহয়।’’
তেখেতৰ মতে হিন্দুই কাৰো সৈতে বিৰোধ নকৰে কিন্তু এনে কিছু লোক আছে যি হিন্দুৰ বিৰোধ কৰে। যাতে কোনোও আমাৰ অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ বাবে আমি সদায় সজাগ হৈ থাকিব লাগিব। বনৰ ৰজা সিংহই হাবিত অকলে ফুৰে কিন্তু সেই বনৰ ৰজাকো দলবদ্ধ ৰাঙকুকুৰৰ দলে চিকাৰ কৰে বা আক্ৰমণ কৰে, সেইটো আমি পাহৰা উচিত নহয়।
আদৰ্শবাদত কোনো ভুল নাই। জীৱনটোক নেতৃত্ব, বিৰোধ, ধৰ্য আদি মানবীয় গুণ বোৰৰ বাবে মহাভাৰতৰ কথা মনত ৰখাটো অত্যন্ত আৱশ্যক। মানৱ সমাজৰ লগতে প্ৰকৃতি আৰু সমাজ আদি আটাইবোৰকে এক কল্যাণময় পথত আগবঢ়াই নিয়াটো হিন্দু সমাজ, হিন্দু ৰাষ্ট্ৰ (ভাৰত)ৰ দায়িত্ব। হিন্দু সমাজ উত্তম লোকৰে গঠিত। কিন্তু আমি ঐক্যভাবে কাৰ্য নকৰো। এই কথা আমাৰ বিৰোধীয়ে ভালকৈয়ে উপলব্ধি কৰে। কিন্তু আমাৰ নিজৰ মাজতে এই ঞ্জানৰ অভাৱ। আমি সকলো জানি-বুজিও একতাৰ দোলেৰে অভ্যাস কৰিবলৈ পাহৰি গৈছো।
প্ৰত্যেক ৰাষ্ট্ৰতেই জীৱনৰ প্ৰয়োজন । সময়ৰ আৱশ্যকতা অনুসৰি ৰাষ্ট্ৰৰ সৃষ্টি হয় আৰু যেতিয়াই এই আৱশ্যকতা নাইকিয়া হৈ পৰে তেতিয়াই ইয়াৰ বিলুপ্তি ঘটে। সম্পূৰ্ণ বিশ্বক ধৰ্ম তথা একতাৰ শিক্ষা দিয়া ভাৰতবৰ্ষৰ (হিন্দুৰ)কৰ্তব্য। বিশ্ব থকালৈকে হিন্দু সমাজ বা ভাৰতবৰ্ষৰ অস্তিত্ব সদায়ে থাকিব। ধাৰ্মিক প্ৰমুল্য, সত্যতাৰ অভাৱ আমাৰ সমাজে অনুভৱ কৰা নাই। প্ৰতিটো পৰিস্থিতি তথা আজি সময়ৰ সমাজ ব্যৱস্থাত আধ্যাত্মিক গুৰু হিচাপে ভাৰতবৰ্ষ আছে আৰু আগলৈয়ো ই অবিৰাম গতিত আগুৱাই গৈ থাকিব।