ধৰ্ম জাগৰণ মঞ্চৰ উদ্যোগত আৰু ৰামগোপাল দেওৰাৰ স্মৃতিত তেখেতৰ পৰিয়ালবৰ্গৰ সহযোগত, আজি খাৰঘুলিৰ মজেচটিক ৰিভাৰ ভিউ এপাৰ্টমেন্ট, খাৰঘুলিত সামূহিক বিবাহ কাৰ্য সম্পন্ন হয়। উক্ত অনুষ্ঠানত চাহ জনগোষ্ঠী সমাজৰ বিভিন্ন স্তৰৰ আৰ্থিক ভাৱে পিছপৰা মুঠ পাঁচ গৰাকী দৰা-কইনাৰ মাজত সামূহিক বিবাহ কাৰ্য সম্পন্ন কৰা হয়। উল্লেখ্য, উক্ত সামূহিক বিবাহ কাৰ্য সম্পন্ন কৰাৰ লগতে দৰা-কইনাক বিভিন্ন উপহাৰ প্ৰদান কৰি বৈবাহিক জীৱন মধুময় হোৱাৰ কামনা কৰা হয়। আজিৰ সামূহিক বিবাহ কাৰ্য স্হলীত বহু সংখ্যক লোক উপস্থিত থাকি দৰা-কইনাক আশীর্বাদ দিয়াৰ উপৰিও উপহাৰ আদিও প্ৰদান কৰে। চাহ জনগোষ্ঠীৰ লোকক এনেদৰে সামূহিক বিবাহ কাৰ্য সম্পন্ন কৰি সামাজিক বান্ধোনেৰে বান্ধ খোৱাৰ ক্ষেত্রত ধৰ্ম জাগৰণ মঞ্চই লোৱা এনে গঠনমূলক কাৰ্যক সৰ্বস্তৰৰ ৰাইজে প্ৰশংসা কৰিছে।