ৰাজ্যৰ বিভিন্ন স্হানত কৰ’ণাৰ সন্ত্ৰাস বৃদ্ধি পাই অহাৰ সমান্তৰালভাবে নগাঁৱ জিলাতো কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে। জিলাখনত ক’ৰণাত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ পিছতো ৰাইজৰ মাজত নাই সজাগতাৰ কোনো লক্ষণ। উল্লেখ্য, নগাঁৱত যোৱা ১ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে ১৮০জন লোক কৰ’ণাত আক্ৰান্ত হৈছে যদিও পূৰ্বৰ তুলনাত জিলাখনৰ ৰাইজৰ মাজত কোনোধৰণৰ সজাগতা পৰিলক্ষিত হোৱা নাই।
বিশেষকৈ চহৰখনৰ ভূঞাপট্টি, ধিং গেট আদি অঞ্চলত অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। ইপিনে মাস্ক পৰিধান নকৰিলে চৰকাৰে ১হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশনা জাৰি কৰিছে যদিও বৰ্তমানলৈকে নগাঁও জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনোধৰণৰ কঠোৰতা প্ৰদৰ্শন কৰা নাই বুলি অভিযোগ উঠিছে।
বিগত বৰ্ষত নগাঁও জিলাত কৰ’ণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। অসমৰ আটাইতকৈ অধিক কৰ’ণা সংক্ৰমিত জিলাসমূহৰ ভিতৰত নগাঁও জিলা আছিল অন্যতম। নগাঁও জিলাৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলসমূহত কোৰোণাৰ সংক্ৰমণ আছিল সৰ্বাধিক। সংখ্যালঘূ অধ্যূষিত অঞ্চলসমূহত ক’ৰোণাৰ সংক্ৰমণৰ মূলতে অসাৱধনতা বুলি সৰ্বতে চৰ্চিত হৈ পৰিছিল। এইবেলিও ৰাইজৰ মাজত কোৰোণাক লৈ কোনোধৰণৰ সজাগতা পৰিলক্ষিত নোহোৱা ঘটনাই অনাগত দিনত নগাঁৱ জিলাত ভয়াৱহ পৰিস্থিতিৰ আগজাননী দিছে বুলি সচেতন মহলে মন্তব্য প্ৰকাশ কৰিছে।
আনহাতে, কোৰোণাক লৈ সাৱধানতা অৱলম্বন নকৰিবলৈ আৰু কোৰোণাৰ বিষয়ে সামাজিক মাধ্যম যোগে ভুৱা প্ৰচাৰ চলাই এটা দুষ্টচক্ৰই বিভ্ৰান্ত কৰিছে ৰাইজক। কোৰোণা চৰকাৰৰ অপপ্ৰচাৰ বুলি কৈ ৰাইজক সাৱধানতা অৱলম্বন কৰাৰ পৰা বিৰত থাকিবলৈ উচতনি দিয়া ফেচবুক একাউণ্টৰ বিৰুদ্ধেও প্ৰশাসনক কঠোৰ হোৱাৰ আহ্বান জনাইছে নগাঁৱৰ সাধাৰণ ৰাইজে।