ডিজিটেল ডেস্ক : পুনৰ বৃদ্ধি পাইছে দেশত কৰোনাৰ ভয়াবহ সংক্ৰমণ । ইফালে আজি ২০ খন চহৰত জাৰি কৰা হৈছে আজিৰেপৰা নৈশ কাৰ্ফিউ ।
গুজৰাটত আজিৰপৰা নৈশ কাৰ্ফিউ । চহৰখনত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ ।
সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৬ বজালৈ এই নৈশ কাৰ্ফিউ ।
৩০ এপ্ৰিললৈ নিৰ্দেশ এই নৈশ কাৰ্ফিউৰ । প্ৰতি শনিবাৰে বন্ধ থাকিব চৰকাৰী বেচৰকাৰী কাৰ্যালয় । লগতে বিবাহ অনুষ্ঠানত কেৱল ১০০ গৰাকী লোকৰ উপস্থিতিৰ অনুমতি দিছে প্ৰশাসনে।
সকলো মহা আয়োজন ৩০ এপ্ৰিলৰ পিছত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ গুজৰাট চৰকাৰৰ ।
বিগত ২৪ ঘন্টাত কৰোনা আক্ৰান্ত হৈছে ৩,২৮০ গৰাকীকৈ ।
বিগত ২৪ ঘন্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ১৭ গৰাকীকৈ।
ৰাজ্যখনত মুঠ কৰোনাত মৃত্যু হৈছে ৪,৫৯৮ গৰাকীকৈ লোকৰ ।
আনহাতে কৰোনাত আক্ৰান্ত হৈছে ৩,২৪,৮৭৮ গৰাকীকৈ লোক বৃদ্ধি পাইছে বুলি চৰকাৰী তথ্যত প্ৰকাশ ।
বৰ্তমান চিকিৎসাধীন হৈ আছে চিকিৎসকৰ তৎপৰতাত ১৭,২৪৮ গৰাকীকৈ লোক ।
বিগত বৰ্ষত যিদৰে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছিল কৰোনাই তেনেকৈ আকৌ এক কৰোনাৰ ইংগিত বহন কৰিছে । যাৰ বাবে এই প্ৰতিখন চহৰতে সান্ধ্য আইন জাৰি কৰিছে ।