শিষ্য পৰম্পৰা মহান হিন্দু সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট্য। যিদৰে দেৱতাসকলৰ গুৰু বৃহস্পতি আৰু দানৱসকলৰ গুৰু শুক্ৰাচাৰ্য, সেইদৰে শ্ৰীৰামচন্দ্ৰৰ বশিষ্ঠ, শ্ৰীকৃষ্ণৰ সন্দীপনি আৰু পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ ৰামদাস-শিৱাজী, ৰামকৃষ্ণ পৰমহংস- বিবেকানন্দ ইত্যাদি ভাৰতবৰ্ষৰ অতুলনীয় গুৰু-শিষ্যৰ পৰম্পৰাৰ বাস্তৱ প্ৰতিচ্ছবি। গুৰু অবিহনে শিষ্যৰ যিদৰে জ্ঞান অসম্পূর্ণ, তেনেদৰে শিষ্যৰো গুৰুৰ প্ৰতি শ্ৰদ্ধা অবিহনে জ্ঞানৰ পূৰ্ণতা প্ৰাপ্তি নহয়। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে- ‘শ্ৰদ্ধাবান লভতে জ্ঞানম্’।
ভাৰতবৰ্ষৰ এগৰাকী মহান দার্শনিক, শিক্ষাবিদ, দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষার্থীসকলৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অক্লান্ত প্রচেষ্টা আৰু অৱদানক সম্মান জনোৱাৰ বাবে ‘শিক্ষক দিৱস’ ৰূপে পালন কৰা হয়।
এই গুৰু শিষ্যৰ পৰম্পৰা অক্ষুন্ন ৰখাৰ প্ৰয়াসেৰে অসমৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ‘প্ৰজ্ঞা’ই প্ৰতিবছৰৰ দৰে এইবছৰো ৫ চেপ্তেম্বৰ তাৰিখে অসমৰ ২৪ খন জিলাত ১১০ টা কাৰ্যক্ৰমৰ আয়োজন কৰে। এই কাৰ্যক্ৰমসমূহত ২২০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীৰ চৰণ বন্দনা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰীকে লৈ দহ সহস্ৰাধিক লোকে এই অনুষ্ঠানসমূহত অংশ লয়।
কাৰ্যক্ৰমত প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ চৰণ ধুৱাই আশীৰ্বাদ লয়, আৰু গুৰুবন্দনাৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণৰে সৈতে তেখেতসকলৰ আৰতি কৰে। পাছত প্ৰতিটো কাৰ্যক্ৰমত একোজন সমাজৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন দৰ্শন আৰু গুৰু-শিষ্যৰ পৰম্পৰাৰ বিষয়ে বক্তব্য প্ৰদান কৰা হয়। কাৰ্যক্ৰমত অংশ লৈ কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আবেগিক হৈ পৰে। লগতে শিক্ষক – শিক্ষয়িত্ৰীসকলে প্ৰজ্ঞাই গুৰু-শিষ্য পৰম্পৰাক পুনৰ এই শিক্ষক দিৱসৰ মাধ্যমেৰে সমাজত জীৱিত ৰখাৰ প্ৰয়াসেৰে এই প্ৰচেষ্টা হাতত লোৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।