ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নলবাৰীৰ প্ৰাক্তন বিভাগ কাৰ্যবাহ প্ৰয়াত শুক্লেশ্বৰ মেধিৰ আজি পূণ্য তিথি । ২০০৫ চনত ৩০ আগষ্টৰ দিনটোতে নলবাৰীৰ ধমধমাৰ বালিতাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মুখত উগ্ৰপন্থীৰ গুলীত ঢলি পৰিছিল সংঘৰ অক্লান্ত সৈনিকজন । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নীতি-আদৰ্শৰে অনুপ্ৰানিত হৈ নিজৰ জীৱন কালত নলবাৰী জিলাত ৰাষ্ট্ৰবাদী চেতনা জাগ্ৰত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছিল প্ৰয়াত মেধিয়ে । সশস্ত্ৰ সংগঠনৰ প্ৰত্যাহ্বানকো নেওচি জীৱনৰ শেষ দিনটোলৈ সংঘৰ নীতি-আদৰ্শ প্ৰচাৰত ব্ৰতী হৈ থকা প্ৰয়াত মেধিক তেখেতৰ পূণ্য তিথিত প্ৰতিগৰাকী কাৰ্যকৰ্তা, স্বয়ংসেৱকে শ্ৰদ্ধাৰে স্মৰণ কৰিছে । ১৯৬৪ চনৰ ৭ ডিচেম্বৰত ধমধমাৰ বালিতাৰা গাঁৱত জন্ম গ্ৰহণ কৰা শুক্লেশ্বৰ মেধি শৈশৱৰ পৰাই জড়িত হৈ আছিল সংঘৰ সৈতে । সেই সময়ৰ মহান প্ৰচাৰক মুৰুলী জীৰ সান্নিধ্য লাভ কৰা শুক্লেশ্বৰ মেধিয়ে শিক্ষকতা বৃত্তিৰ লগতে সংঘৰ সাংগঠনিক ভেটি নলবাৰী জিলাত শক্তিশালী কৈ গঢ় দিয়াত আগভাগ লৈছিল । এক হৈ পৰিছিল তেখেতৰ ব্যক্তিগত জীৱন আৰু সাংঘিক জীৱন । সংঘৰ নীতি আদৰ্শৰ প্ৰতি থকা অটল বিশ্বাস আৰু আস্থাৰ বাবেই সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ ভয়-ভাবুকিয়েও তেখেতক টলাব পৰা নাছিল । ২০০৫ চনৰ ৩০ আগষ্টত পিছপিনৰ পৰা অতৰ্কিতে আক্ৰমণ কৰা উগ্ৰপন্থীৰ গুলিত প্ৰয়াত শুক্লেশ্বৰ মেধি ঢলি পৰিলেও, তেখেতৰ আপোছহীন নীতি আদৰ্শ তথা যুজাৰূ মানসিকতাই নলবাৰী জিলাত শক্তিশালীকৈ ধৰি ৰাখিলে ৰাষ্ট্ৰবাদী চিন্তা-চেতনাৰ ধ্বজা ।
আজিৰ এই পৱিত্ৰ দিনটোত প্ৰত্যেকেই শ্ৰদ্ধাৰে সোঁৱৰো প্ৰয়াত শুক্লেশ্বৰ মেধিক ।