প পূ সৰসংঘচালক ডা০ মোহন ভাগৱতৰ বিজয়া দশমী উৎসৱত দিয়া ভাষণ
ৰবিবাৰ, দিনাংক ২৫ অক্টোবৰ ২০২০
আনবাৰৰ তুলনাত এইবাৰৰ বিজয়া দশমী উৎসৱৰ সংখ্যা কম হোৱাটো আমি দেখিবলৈ পাইছো। ইয়াৰ কাৰণ আমি সকলোৱে জানো। কৰোণা মহামাৰীৰ বাবে সকলো ধৰণৰ ৰাজহুৱা অনুষ্ঠান সীমিত কৰি দিয়া হৈছে।
যোৱা মাৰ্চ মাহৰ পৰাই পৃথিৱীৰ সমস্ত ঘটনাৰাজিক কৰোণা মহামাৰীৰ প্ৰভাৱে যেন ঢাকি পেলাইছে। যোৱা বছৰৰ বিজয়া দশমীৰ পৰা আজিলৈকে এই এবছৰত বহুতো উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে। সংসদৰ মজিয়াত ৩৭০ ধাৰা যোৱা বিজয়া দশমীৰ আগতে বাতিল হৈছিল। দেৱালীৰ পাছতে ৯ নৱেম্বৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শ্ৰীৰামজন্মভূমিৰ সপক্ষে ঐতিহাসিক ৰায়দান দিয়ে। ভাৰতৰ জনসাধাৰণে এই ৰায়দানক সংযম আৰু আন্তৰিকতাৰে স্বীকাৰ কৰে। মন্দিৰ নিৰ্মাণৰ শুভাৰম্ভৰ ভূমি পূজন ৫ আগষ্টত সম্পন্ন হয়। সমাৰোহ স্থলীত আৰু সমগ্ৰ দেশতে সেইদিনা সাত্বিক, সংযমিত ৰূপত, পৱিত্ৰ তথা স্নেহপূৰ্ণ পৰিবেশত সকলোৱে এই উৎসৱ উদযাপন কৰে। সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰা হ’ল। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ পৰা ধাৰ্মিক কাৰণত বিস্থাপিত হোৱা যিসকল লোক ভাৰতলৈ আহিব সেইসকলক মানৱতাৰ খাতিৰত শীঘ্ৰেই নাগৰিকত্ব প্ৰদানৰ বাবে এই আইন প্ৰনয়ণ কৰা হৈছিল। সেই দেশসমূহৰ ধাৰ্মিক উৎপীড়নৰ ইতিহাস সৰ্বজন বিদিত। ভাৰতৰ নাগৰিকত্ব আইনৰ সংশোধনত কোনো সম্প্ৰদায়ৰ বিৰোধ নাই। ভাৰতত বিদেশৰ পৰা অহা অন্য সকলো লোকৰে নাগৰিকত্ব প্ৰদান কৰাৰ যি আইনী প্ৰক্ৰিয়া আগৰে পৰা আছে, সেইসমূহৰ কোনো পৰিবৰ্তন কৰা হোৱা নাই। অথচ এই আইনৰ বিৰোধ কৰা এচাম ন্যস্ত স্বাৰ্থজড়িত লোকে আমাৰ দেশত থকা মুছলমান ভাইসকলক এই দেশৰ পৰা বিতাড়িত কৰা হ’ব বুলি অপপ্ৰচাৰ চলাই তেওঁলোকৰ মনত সন্দেহৰ বীজ ৰোপন কৰি দিলে। যাৰ ফলত বিৰোধ প্ৰদৰ্শন আদি আৰম্ভ হ’ল। এই পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি হিংসাত্মক আৰু উচটনীমূলক কাৰ্য কৰা এচাম দুষ্ট চক্ৰ এই আন্দোলনত সোমাই পৰিল। দেশত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হ’ল সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ উপক্ৰম হ’ল। এই পৰিস্থিতিৰ পৰা উদ্ধাৰৰ উপায় উদ্ভাৱন কৰাৰ পূৰ্বেই কৰোণা মহামাৰীয়ে দেখা দিলে। যাৰ পৰিণতিত সংবাদ মাধ্যম আৰু জনসাধাৰণৰ মাজত নাগৰিকত্বৰ ঠাইত কৰোণাই প্ৰাধান্য লাভ কৰিলে। দুষ্ট চক্ৰৰ দ্বাৰা নাগৰিকত্ব আইনৰ নামত হিংসা বিয়পোৱাৰ ষড়যন্ত্ৰ এতিয়াও চলি আছে। কিন্তু এমুঠিমান ন্যস্ত স্বাৰ্থজড়িত লোকৰ বাহিৰে সংবাদ মাধ্যম বা জনসাধাৰণৰ মাজত কৰোণাৰ বাতৰিয়েহে গুৰুত্ব লাভ কৰিলে।
সমগ্ৰ বিশ্বতে কৰোণাৰ আতংক আছে। কিন্তু বিশ্বৰ অন্যান্য দেশৰ তুলনাত আমাৰ ভাৰতবৰ্ষ এই সংকটজনক পৰিস্থিতিতো তিষ্ঠি আছে। ভাৰতত এই মহামাৰীৰ বিনাশকাৰী প্ৰভাৱ কিছু পৰিমাণে কম দেখা গৈছে। ইয়াৰ কিছু কাৰণো আছে। প্ৰশাসনে অতি তপৰতাৰে সময় থাকোঁতেই সমগ্ৰ দেশবাসীক সাৱধান কৰিবলৈ সক্ষম হ’ল, সতৰ্কতামূলক উপায়সমূহ পালন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে। মেডিয়াই এই মহামাৰীক প্ৰধান বিষয় হিচাপে গ্ৰহণ কৰিলে। জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হ’ল যদিও সাৱধানতা অৱলম্বন কৰাত আৰু নীতি নিয়ম পালন কৰাত সমাজে সচেতনতা অৱলম্বন কৰাৰ সুফল লাভ কৰিলে। সকলো কৰ্মচাৰী, চিকিসা কৰ্মী, সেৱাকৰ্মী, সুৰক্ষাকৰ্মী আদিয়ে চৰম কৰ্তব্যবোধৰ পৰিচয় দি ৰোগীৰ সেৱাত নামি পৰিল। নিজে কৰোণাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ভাবুকিকো কেৰেপ নকৰি দিনে-নিশাই ঘৰৰ পৰা আঁতৰি থাকি যুদ্ধংদেহি মনোভাৱেৰে সেৱা কৰাত লাগিল। সাধাৰণ নাগৰিকেও সমাজৰ সেৱাত স্বেচ্ছাই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিজৰ নিজৰ যোগদান দিয়াত লাগিল। অৱশ্যে কোনো কোনো ঠাইত জনসাধাৰণৰ এই কঠিন পৰিস্থিতিতো কিছুমানে নিজৰ স্বাৰ্থ পূৰণত নামি পৰা দেখা গ’ল। হলেও ভাল কামৰ প্ৰাধান্য দেখা গ’ল। এনে সময়ত দেশৰ মাতৃশক্তিও হাত সাৱটি বহি নাথাকিল। মহামাৰীৰ বাবে যিসকল লোক সংস্থাপন হেৰুৱালে, উপাৰ্জন বন্ধ হোৱাৰ ফলত দাৰিদ্ৰ্য আৰু অনাহাৰত দিন কটাবলগীয়া হ’ল, তেওঁলোকেও ধৈৰ্য আৰু সহনশীলতাৰে এই সংকটৰ মোকাবিলা কৰিলে। নিজৰ দুখ আৰু কষ্টকো একাষৰীয়া কৰি আনৰ সেৱা কৰাৰ অনেক উদাহৰণ দেখা পোৱা গ’ল। বিস্থাপিতসকলক ঘৰলৈ পঠিওৱা, যাত্ৰা পথত তেওঁলোকৰ ভোজন-বিশ্ৰামৰ ব্যৱস্থা কৰা, পীড়িত সকলৰ ঘৰলৈ ভোজন বা অন্য আৱশ্যকীয় সামগ্ৰী দিয়া আদি কামত সম্পূৰ্ণ সমাজেই একগোট হৈ লাগি পৰিল। পৰিস্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যৰক্ষা তথা ৰোগ প্ৰতিৰোধক শক্তি বৃদ্ধিকাৰক কিছু পৰম্পৰাগত পদ্ধতি আৰু আয়ুৰ্বেদ শাস্ত্ৰ আদি এই কালত উপকাৰী প্ৰমাণিত হ’ল।
আমাৰ সমাজৰ সমিলমিলৰ, কৰুণা আৰু সৌজন্যতা, সংকটকালত পৰস্পৰৰ সহযোগিতাৰ সংস্কাৰ আদি যাক ইংৰাজীত চ’ছিয়েল কেপিটেল বুলি কোৱা হয়, এইসমূহ সাংস্কৃতিক মূল্যবোধৰ প্ৰতিফলন এই সংকটকালত আমি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিলো। স্বাধীনতাৰ পাছত ধৈৰ্য, আত্ম বিশ্বাস আৰু সামাজিক একতাৰ এই অনুভূতি বহুতে প্ৰথম বাৰৰ বাবে লাভ কৰিছে। সমাজৰ সেই সকলো সেৱাপ্ৰেমী নামী-অনামী, জীৱিত অথবা জীৱন উচৰ্গা কৰা ভাতৃ-ভগ্নী, চিকিৎসক, কৰ্মচাৰী, সমাজৰ সকলো বৰ্গৰ পৰা ওলাই অহা সেৱা পৰায়ণ লোকলৈ শ্ৰদ্ধাপূৰ্বক নমস্কাৰ। এওঁলোক সকলো ধন্যবাদৰ পাত্ৰ। এই যুদ্ধত প্ৰাণ আহূতি দিয়া সকলোলৈকে আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।
এই পৰিস্থিতিৰ পৰা বাহিৰ হোৱাৰ বাবে এতিয়া অন্য প্ৰকাৰৰ সেৱাৰ প্ৰয়োজন আছে। শিক্ষানুষ্ঠানসমূহ পুনৰ আৰম্ভ কৰা, শিক্ষকৰ বেতনৰ ব্যৱস্থা কৰা, সন্তানক তেওঁলোকৰ শুল্কৰ সৈতে বিদ্যালয়-মহাবিদ্যালয়লৈ পঢ়িবলৈ পঠোৱা আদি এই সময়ত সমস্যৰ ৰূপ ধাৰণ কৰিব পাৰে। কৰোণাৰ বাবে যিবিলাক শিক্ষানুষ্ঠানে শুল্ক লাভ নকৰিলে, তেনেবিলাক শিক্ষানুষ্ঠানৰ ওচৰত বেতনৰ বাবে ধন নাই। কাম বন্ধ হোৱাৰ বাবে যি সকল অভিভাৱকৰ বিদ্যালয়ৰ শুল্ক জমা দিবলৈ ধন নাই, তেওঁলোকো বিপাঙত পৰি গৈছে। সেইবাবে বিদ্যালয়ৰ আৰম্ভনি, শিক্ষকৰ বেতন তথা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে কিছু সহায়-সহযোগ কৰিব লাগিব। প্ৰব্ৰজনৰ বাবে কাম নাইকিয়া হ’ল, নতুন ঠাইত কাম পাব লাগিব, নতুন কাম পাব লাগিব, তাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব, এইবিলাক সমস্যা প্ৰব্ৰজিতসকলৰ। ঘৰলৈ ঘূৰি যোৱা সকলোৱে কৰ্মসংস্থাপন পাব ইয়াৰ কোনো নিশ্চয়তা নাই। গুচি যোৱা শ্ৰমিকৰ ঠাইত সেই কাম কৰিব পৰা অন্য শ্ৰমিক নপাবও পাৰে। গতিকে কামৰ প্ৰশিক্ষণ আৰু নতুন কৰ্মসংস্থাপন সৃজন কৰিব লাগিব। এনেবিলাক পৰিস্থিতিৰ বাবে ঘৰ তথা সমাজত অশান্তিৰ পৰিবেশ উপন্ন হয়। এনে অৱস্থাত অপৰাধ, অৱসাদ, আত্মহত্যা আদি কু-প্ৰবৃত্তিয়ে যাতে গা কৰি উঠিব নোৱাৰে তাৰবাবে যথাযোগ্য নিৰ্দেশনাৰ প্ৰয়োজন আছে।
সংঘৰ স্বয়ংসোৱকসকলে মাৰ্চ মাহৰ পৰাই এই সংকটৰ বাবে সমাজত প্ৰয়োজনীয় সকলো প্ৰকাৰৰ সেৱা প্ৰদান কৰাত মনোনিৱেশ কৰি আছে। সেৱাৰ এই নতুন স্তৰতো তেওঁলোক যৎপৰোনাস্তি সক্ৰিয় হৈ থাকিব। সমাজৰ অন্য লোকসকলেও এই দীৰ্ঘম্যদী প্ৰক্ৰিয়াৰ গুৰুত্ব উপলব্ধি কৰি নিজৰ প্ৰচেষ্টা চলাই যাব বুলি আশা কৰিছো।
কৰোণা ভাইৰাছৰ বিষয়ে বিশ্বৰ ওচৰত পৰ্যাপ্ত জ্ঞানৰ অভাৱ বুলি কব পাৰি। ই নিজৰ ৰূপ পৰিবৰ্তন কৰা ভাইৰাছ। ই বৰ সোনকালে বিয়পে। কিন্তু ইমান মাৰাত্মক নহয় বুলি জানিব পৰা গৈছে। গতিকে দীঘলীয়া সময় ধৰি ইয়াৰ লগত সহাৱস্থান কৰি ইয়াৰ পৰা বাচি থকা আৰু এই ৰোগৰ পৰা হ’ব পৰা আৰ্থিক আৰু সামাজিক পৰিণামসমূহৰ পৰা সমাজক ৰক্ষা কৰাৰ কাম কৰি যাব লাগিব। মনত ভয় নহয়, সচেতনতা আৰু সক্ৰিয়তাৰ আৱশ্যকতা আছে। লক ডাউন শিথিল হোৱাৰ ফলত নিয়ম আৰু অনুশাসনৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাৰ দায়িত্ব আমাৰ সকলোৰে।
এই মহামাৰীৰ বিৰুদ্ধে কৰা সংঘৰ্ষত সমাজৰ যি নতুন ৰূপ আমাৰ সন্মুখত দেখা দিছে, তাৰ কিছু অন্য দিশো আছে। সমগ্ৰ বিশ্বতে আজি আত্ম মন্থনৰ প্ৰক্ৰিয়া চলি আছে। “নিউ নৰ্মেল” শব্দটো সঘনাই উচ্চাৰিত হৈছে। কৰোণা মহামাৰীৰ বাবে জীৱন স্তব্ধপ্ৰায় হৈ পৰিছে। বহুতো দৈনন্দিন ক্ৰিয়া বন্ধ হৈ পৰিছে। এই সকলোবিলাকলৈ মন কৰিলে দেখা পোৱা যায় যে যিবিলাক কৃত্ৰিমতা মনুষ্যৰ জীৱনত প্ৰৱেশ কৰিছিল সেইবিলাক বন্ধ হৈ পৰিছে আৰু মানৱ জীৱনৰ বাবে যিবিলাক অপৰিহাৰ্য কম বেচি পৰিমাণে সেইবিলাক চলি আছে। অনাৱশ্যকীয় আৰু কৃত্ৰিমতা বন্ধ হোৱাৰ এক সপ্তাহৰ ভিতৰতে আমি বায়ুমণ্ডলত সতেজতাৰ অনুভৱ কৰিলো। নৈ, জান, জুৰি আদিৰ পানী স্বচ্ছ হোৱা দেখিবলৈ পোৱা গ’ল। বাগিচাৰ গছ-গছনিবিলাক পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ পৰিল। টকা ঘটাৰ দৌৰত, ভোগবাদী আৰু বস্তুবাদী মানসিকতাৰ ফলত আমি যিবিলাক বস্তুৰ পৰা নিজকে আঁতৰ কৰি পেলাইছিলো, কৰোণাৰ পৰা পৰিত্ৰাণৰ আমি পুনৰ সেইবিলাক স্বীকাৰ কৰিবলৈ বাধ্য হলো। সেইবিলাকৰ আনন্দ নতুনকৈ উপভোগ কৰিবলৈ সক্ষম হলো। স্থায়ী আৰু অস্থায়ী, শ্বাশ্বত আৰু তাৎক্ষণিক এইবিলাকৰ বিশ্লেষণ কৰিবলৈ কৰোণাই বিশ্বৰ সকলো মানুহকে শিকাই দিলে। সাংস্কৃতিৰ প্ৰমূল্যৰ মহত্ব পুনৰ সকলোৰে মনলৈ আহিল আৰু নিজৰ পৰম্পৰাৰে দেশ-কাল-পৰিস্থিতি সাপেক্ষ আচৰণ কিদৰে পুনৰ প্ৰচলিত কৰিব পাৰি, তাৰ চিন্তা-চৰ্চা আৰম্ভ হ’ল।
সমগ্ৰ বিশ্বই আকৌ পৰিয়াল ব্যৱস্থাৰ গুৰুত্ব, পৰিবেশৰ লগত সহাৱস্থান কৰি জীৱন যাপন কৰাৰ মহত্ব অনুধাৱন কৰিছে। এই চিন্তন কৰোণাৰ দ্বাৰা সৃষ্ট পৰিবেশৰ ফলত তাৎক্ষণিকভাৱে উৎপন্ন হৈছে নে মানৱ জাতিয়ে স্থায়ীভাৱে নিজৰ চিন্তাধাৰাৰ কিছু পৰিবৰ্তন সাধন কৰিছে সেই কথা অনুগত সময়তহে জানিব পৰা যাব। কিন্তু এটা কথা ঠিক যে এই তাৎক্ষণিক পৰিস্থিতিৰ ফলত শ্বাশ্বত মূল্যবোধৰ প্ৰতি সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ দৃষ্টি আকৰ্ষিত হৈছে।
এতিয়ালৈকে বজাৰৰ জৰিয়তে সম্পূৰ্ণ বিশ্বকে এক কৰাৰ যি ভাৱধাৰা প্ৰভাৱী আছিল ই সকলোৰে আচৰণত প্ৰতিফলিত হৈছিল, তাৰ ঠাইত নিজৰ ৰাষ্ট্ৰক ইয়াৰ স্বকীয়তাৰ সৈতে বৰ্তাই ৰাখি আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকাৰাত্মক সহযোগৰ চিন্তাধাৰাই প্ৰভাৱ বিস্তাৰ কৰিব ধৰিছে। স্বদেশীৰ মহত্ব পুনৰ উচ্চাৰিত হ’ব ধৰিছে। আমিও এইবিলাক শব্দক ভাৰতীয় দৃষ্টিকোণেৰে চালিজাৰি চাই নিজৰ শ্বাশ্বত পৰম্পৰাৰ দিশত খোজ পেলাব লাগিব।
এই মহামাৰীত চীনৰ ভূমিকা সন্দেহজনক বুলি কব পাৰি কিন্তু ই যিদৰে নিজৰ আৰ্থিক আৰু সামৰিক শক্তিৰ অহংকাৰত ডুব গৈ ভাৰতৰ সীমাত অনুপ্ৰৱেশ কৰাৰ কু অভিসন্ধি কৰিলে, এই কথা আজি সমগ্ৰ বিশ্বই দেখিছে। ভাৰতৰ শাসন, প্ৰশাসন, সৈন্য তথা জনসাধাৰণ সকলোৱে এই আক্ৰমণৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ স্বভিমান, দৃঢ সংকল্প তথা বীৰত্বৰ উজ্জ্বল পৰিচয় দিলে, তাৰ ফলত চীন সচকিত হোৱা বুলি কব পাৰি। এনে পৰিস্থিতিত আমি সজাগ-সষ্টম হৈ থাকিব লাগিব। চীনে নিজৰ সম্প্ৰসাৰণবাদী মনোভাৱ ইয়াৰ পূৰ্বেও বহুবাৰ প্ৰদৰ্শন কৰিছে। আৰ্থিক, সামৰিক, নিজৰ আভ্যন্তৰীণ সুৰক্ষা তথা সীমা সুৰক্ষা ব্যৱস্থাত, চুবুৰীয়া দেশ তথা আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চীনতকৈ উচ্চ স্থান প্ৰাপ্ত কৰিটোহে ইয়াৰ আসুৰিক প্ৰবৃত্তিৰ নিয়ন্ত্ৰণৰ একমাত্ৰ উপায় বুলি কব পাৰি। আমাৰ চৰকাৰে এই দিশতে আগবাঢ়ি গৈছে বুলি অনুমান কৰিব পাৰি। শ্ৰীলঙ্কা, বাংলাদেশ, ব্ৰহ্মদেশ, নেপাল আদি আমাৰ এনে চুবুৰীয়া ৰাষ্ট্ৰ, যিবিলাক আমাৰ মিত্ৰ ৰাষ্ট্ৰও আৰু বহুলাংশে সমভাৱাপন্ন দেশো। এই দেশসমূহৰ লগত আমাৰ সম্বন্ধ অধিক মিত্ৰতাপূৰ্ণ কৰাৰ প্ৰক্ৰিয়াক আৰু ক্ষিপ্ৰ কৰিব লাগিব। এই কাৰ্যত বাধাৰ সৃষ্টি কৰিব পৰা বিৰোধ, মতানৈক্য, বিবাদ আদি অচিৰেই দূৰ কৰাৰ বাবে অধিক প্ৰয়াস কৰিব লাগিব।
সকলোৰে লগত বন্ধুত্বসুলভ আচৰণ বৰ্তাই ৰখাটো আমাৰ স্বভাৱ। কিন্তু আমাৰ নম্ৰতাক দুৰ্বলতা বুলি ভাবি শক্তি প্ৰদৰ্শনেৰে ভৰতক নিজৰ ইচ্ছামতে পৰিচালিত কৰিব সেয়া অসম্ভৱ, এই কথা নিশ্চয় সকলোৱে বুজি পাইছে। আমাৰ সৈন্য বাহিনীৰ অগাধ দেশভক্তি তথা পৰাক্ৰম, শাসনকৰ্তাসকলৰ স্বাভিমানযুক্ত পদক্ষেপ আৰু দেশবাসীৰ ধৈৰ্যৰ পৰিচয় চীনে প্ৰথম বাৰলৈ প্ৰত্যক্ষ কৰি নিশ্চয় এই কথা বুজি পাইছে। চীনে ইয়াৰ আচৰণত সংশোধন কৰিব লাগিব। কিন্তু যদি নকৰে তেন্তে ভৱিষ্যতলৈ উদ্ভৱ হ’ব লগীয়া যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সক্ষম, সেই কথা আজি দেশবাসীয়ে বুজি উঠিছে।
ৰাষ্ট্ৰৰ সুৰক্ষা তথা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বাহ্যিক প্ৰত্যাহ্বানসমূহৰ বাবেহে এনে সজাগতা আৰু প্ৰস্তুতিৰ প্ৰয়োজন আছে এনে নহয়, যোৱাটো বছৰত দেশৰ ভিতৰত সংঘটিত এনে কিছুমান ঘটনাও আমি বুজাৰ প্ৰয়োজন আছে। শাসনৰ পৰা আঁতৰি থকা ৰাজনৈতিক দলসমূহেৰ শাসনভাৰ লাভ কৰাৰ বাবে কৰা প্ৰয়াস এখন গণতান্ত্ৰিক দেশৰ বাবে সাধাৰণ কথা। কিন্তু এই কথা পাহৰি যোৱা উচিত নহয় যে এয়া ৰাজনৈতিক প্ৰতিযোগিতাহে, কোনো শত্ৰুৰ বিৰুদ্ধে কৰা যুদ্ধ নহয়। এই প্ৰতিযোগিতাৰ বাবে সমাজত ভেদাভেদ, শত্ৰুতা আদিৰ বৃদ্ধি হোৱাটো অনুচিত। এটা কথা আমি মনত ৰখা উচিত আমাৰ বিৰোধৰ সুযোগ গ্ৰহণ কৰি ভাৰতক দুৰ্বল বা খণ্ডিত কৰি, ভাৰতীয় সমাজ সদায় অন্তৰ্কন্দলত জৰ্জৰিত হৈ থাকক, এই দেশৰ বিবিধতাক বিভেদ বুলি কৈ অথবা পূৰ্বৰে পৰা প্ৰচলিত কিছুমান বিবাদক উচটনি দি আমাৰ মাজত অন্তৰ্কন্দলৰ সৃষ্টি কৰাৰ বাবে অনেক দুষ্টচক্ৰ দেশে বিদেশে গিজগিজাই আছে। এনে ন্যস্ত স্বাৰ্থজড়িত শক্তিসমূহক আমি সুযোগ দিয়াটো উচিত নহয়। সমাজত কোনো ধৰণৰ অপৰাধ অথবা অত্যাচাৰৰ ঘটনা নহওক, অত্যাচাৰী আৰু অপৰাধী প্ৰবৃত্তিৰ লোকৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ হওক আৰু দুৰ্ভাগ্যক্ৰমে কোনো ঘটনা যদি সংঘটিত হয় তেন্তে দোষী শীঘ্ৰেই কৰায়ত্ত হওক আৰু তাক কঠোৰ দণ্ড হওক, এই কথা প্ৰশাসনে জনসাধাৰণৰ সহযোগত সুনিশ্চিত কৰক। চৰকাৰ প্ৰশাসনৰ কোনো নিৰ্ণয় অথবা সমাজত সংঘটিত যি কোনো ঘটনাৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া দিয়াৰ সময়ত অথবা বিৰোধ কৰাৰ সময়ত ৰাষ্ট্ৰীয় একাত্মতাৰ প্ৰতি লক্ষ্য ৰাখি সমাজত বৰ্তমান সকলো জাতি, পন্থ, প্ৰান্ত, ভাষা আদি বিবিধতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সংবিধানৰ গণ্ডীত থাকি প্ৰদৰ্শন কৰাটো জৰুৰী। দুৰ্ভাগ্যজনক ভাৱে আমাৰ দেশত এইবিলাক কথাত গুৰুত্ব নিদি নিজকে সকলো গণতন্ত্ৰ, সংবিধান, আদালত, পন্থনিৰপেক্ষতা আদিৰ ত্ৰাণকৰ্তা বুলি চিনাকি দি সমাজক আওবাটে নিয়াৰ কু প্ৰচেষ্টা কৰি আহিছে। ২৫ নৱেম্বৰ ১৯৪৯ চনৰ সংবিধান সভাত প্ৰদান কৰা নিজৰ ভাষণত ড০ বাবাচাহেব আম্বেদকাৰে এই পদ্ধতিবোৰক “অৰাজকতাৰ ব্যাকৰণ” “(Grammar of Anarchy) বুলি অভিহিত কৰিছিল। এনে ছদ্মবেশী উপদ্ৰৱকাৰীক চিনাক্ত কৰা আৰু তেওঁলোকৰ ষড়যন্ত্ৰক বিফল কৰা আৰু সমাজক তেওঁলোকৰ চক্ৰান্তৰ পৰা বাচিবলৈ শিকিব লাগিব।
সংঘক লৈ যাতে এনে বিভ্ৰান্তিৰ সৃষ্টি নহয়, তাৰবাবে সংঘই ব্যৱহাৰ কৰা কিছুমান শব্দক কি অৰ্থত প্ৰয়োগ কৰে সেয়া জনাটো অত্যন্ত জৰুৰী। উদাহৰণ স্বৰূপে ‘হিন্দুত্ব’ হৈছে তেনে এক শব্দ যাক পূজা পদ্ধতিৰ লগত সাঙুৰি ইয়াৰ ব্যপক অৰ্থক সংকুচিত কৰি দিয়া হৈছে। সংঘই হিন্দুত্বক এনে সংকুচিত অৰ্থত ব্যৱহাৰ নকৰে। এই শব্দ নিজৰ দেশৰ পৰিচয়ক, অধ্যাত্ম আধাৰিত পৰম্পৰাৰ সনাতন সত্যতাক তথা সমস্ত দেশৰ মূল্যবোধক প্ৰকাশিত কৰা শব্দ। সেইবাবে সংঘৰ দৃষ্টিত এই শব্দ ভাৰতক নিজৰ বুলি স্বীকাৰ কৰা, ইয়াৰ সংস্কৃতিৰ বৈশ্বিক আৰু চিৰন্তন প্ৰমূল্যক নিজৰ আচৰণত অন্তৰ্নিহিত কৰিব বিচৰা তথা এই সনাতনী ঐতিহ্যৰ প্ৰতি গৌৰৱবোধ কৰা সকলো দেশৰ ১৩০ কোটি জনতাৰ ওপৰতে ই প্ৰতিষ্ঠিত হয়। এই শব্দক বাদ দিয়াৰ লগে লগেই আমাক একাত্মবোধৰ ডোলেৰে বান্ধি ৰখা যি বান্ধোন, সি সোলোক-ঢোলোক হৈ পৰে। সেইবাবেই আমাৰ দেশক খণ্ড-বিখণ্ড কৰিব বিচৰা সকলে, আমাক পৰস্পৰৰ মাজত যুঁজাব বিচৰাসকলে, এই শব্দক, যি শব্দই সকলোকে একত্ৰিত কৰে, নিজৰ তুচ্চ-তাচ্চিল্য আৰু সমালোচনাৰ ভাষাত প্ৰথম লক্ষ্য কৰি লয়। ইয়াতকৈ কম ব্যাপকতা থকা যিবিলাক শব্দ আমাৰ পৃথক পৃথক বিশিষ্ট পৰিচয় থকা নাম আছে আৰু যিবিলাক হিন্দু শব্দৰ অন্তৰ্গত সম্পূৰ্ণৰূপে স্বীকাৰ্য, সমাজবিৰোধী শক্তিসমূহে সেই বিবিধতাসমূহক পৃথকতাবাদৰ ৰূপত ডাঙি ধৰিব বিচাৰে। হিন্দু কোনো পন্থ-সম্প্ৰদায়ৰ নাম নহয়, কোনো প্ৰান্তৰ দ্বাৰা সৃষ্ট শব্দও নহয়, কোনো এটা জাতিৰ পৈতৃক সম্পত্তি নহয়, কোনো ভাষাৰ একচেটিয়া শব্দও নহয়। হিন্দুত্ব এই সকলোবিলাক বৈশিষ্ট্যৰে পৰিচয়ক স্বীকৃতি তথা সন্মানিত কৰা, ভাৰত ভক্তিৰ তথা মানৱতাৰ সংস্কৃতিৰ বিশাল প্ৰাঙ্গণত সকলোকে স্থান দিয়া, সকলোকে যুক্ত কৰা এটা শব্দ। এই শব্দৰ প্ৰয়োগত যদি কাৰোবাৰ কিবা আপত্তি আছে তেন্তে ইয়াৰ সমাৰ্থক অন্য শব্দৰ ব্যৱহাৰ কৰক আমাৰ কবলগীয়া একো নাই। কিন্তু দেশৰ একাত্মতাৰ সুৰক্ষাৰ স্বাৰ্থত এই হিন্দু শব্দক আগ্ৰহেৰে স্বীকাৰ কৰি ইয়াৰ স্থানীয় তথা বৈশ্বিক সকলো তাৎপৰ্যকে সাঙুৰি সংঘ আগবাঢ়িছে। সংঘই যেতিয়া “হিন্দুস্থান হিন্দুৰাষ্ট্ৰ” বুলি উচ্চাৰণ কৰে তেন্তে ইয়াৰ অন্তৰালত কোনো ৰাজনৈতিক অথবা শাসনকেন্দ্ৰীক উদ্দেশ্য নাথাকে। আমাৰ ৰাষ্ট্ৰৰ স্বকীয়তাই হৈছে হিন্দুত্ব। আমাৰ ৰাষ্ট্ৰ জীৱনৰ সামাজিক, সাংস্কৃতিক, ইয়াৰ সমস্ত ক্ৰিয়াকলাপক প্ৰদৰ্শিত কৰা মূল্যবোধ আৰু তাৰ ব্যক্তিগত, পাৰিবাৰিক, ব্যৱসায়িক আৰু সামাজিক জীৱনৰ প্ৰকটিকৰণৰ নামেই হৈছে হিন্দুত্ব। এই শব্দৰ গণ্ডীত আহিবলৈ আৰু বসবাস কৰিবলৈ কাকো নিজৰ উপাসনা পদ্ধতি, প্ৰান্ত, ভাষা আদি কোনো বৈশিষ্ট্য ত্যাগ কৰিবলগীয়া নহয়। মাত্ৰ মোৰ নিজৰটোহে শ্ৰেষ্ঠ — এই মনোভাৱ ত্যাগ কৰিবলগীয়া হয়। নিজৰ মনত থকা বিচ্ছিন্ননতাবাদী মনোভাৱ ত্যাগ কৰিবলগীয়া হয়। নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰি, কট্টৰবাদৰ আধাৰত, বিচ্ছিন্নতাবাদক উদগনি যোগোৱা স্বাৰ্থপৰ লোকসকলৰ পৰা সাৱধানে থাকিব লাগিব।
ভাৰতৰ বিবিধতাৰ মূলত স্থিত শাশ্বত একতাক খণ্ডিত কৰাৰ কু প্ৰচেষ্টা আমাৰ দেশৰ তথাকথিত সংখ্যালঘু আৰু অনুসূচিত জাতি-জনজাতিৰ লোকসকলক মিছা তথা অলীক বিদ্বেষৰ বীজ ৰোপনৰ জৰিয়তে চলি আছে। ‘ভাৰত তেৰে টুকড়ে হোংগে’ জাতীয় স্লোগান দিয়া লোকসকলো এই ষড়যন্ত্ৰকাৰী মণ্ডলীত আছে আৰু এওঁলোকে ইয়াৰ নেতৃত্বও দি আছে। ৰাজনৈতিক স্বাৰ্থ কট্টৰবাদী মনোভাৱ, ভাৰতৰ প্ৰতি শত্ৰুতা তথা শ্ৰেষ্ঠত্বৰ উচ্চাকাংখ্যা, এই সকলোবিলাকৰ এক অদ্ভুত সংমিশ্ৰণ ভাৰতৰ ৰাষ্ট্ৰীয় একতাৰ বিৰুদ্ধে কাম কৰি আছে। এই কথা অনুধাৱন কৰি ধৈৰ্য সহকাৰে আগবাঢ়িব লাগিব। উচটিনিত ভোল নগৈ, সংবিধান আৰু আইনৰ গণ্ডীত থাকি, অহিংসক পদ্ধতিৰে যুক্ত কৰাৰ একমাত্ৰ উদ্দেশ্য লৈ সকলোৱে আগবাঢ়িব লাগিব। সংযমিত আচৰণ, নিয়ম কানুন তথা নাগৰিক অনুশাসনৰ মাজেৰে সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰৰ জৰিয়তেহে পৰস্পৰৰ মাজত বিশ্বাসৰ বাতাবৰণ নিৰ্মাণ হয়। এনে পৰিবেশতহে সুস্থ মগজুৰে সমন্বয়ৰ মাজেৰে সমস্যাৰ সমাধান হয়। ইয়াৰ ব্যতিৰেকে পৰস্পৰৰ মাজত অবিশ্বাসৰ ভাৱ বৃদ্ধি পায়। অবিশ্বাসৰ পৰিবেশত সমস্যাৰ সমাধান সুদূৰ পৰাহত হৈ পৰে। সমস্যাৰ স্বৰূপ বুজাও কঠিন হৈ পৰে। মাত্ৰ প্ৰতিক্ৰিয়াৰ, বিৰোধৰ, ভয়ৰ পৰিবেশত অনিয়ন্ত্ৰিত হিংসুক আচৰণ বৃদ্ধি পায় যাৰ ফলত দূৰত্ব আৰু বিৰোধ বঢ়িবলৈ ধৰে।
পৰস্পৰৰ মাজত আমি সকলোৱে সংযমিত আৰু ধৈৰ্যপূৰ্বক আচৰণ বৰ্তাই ৰাখি বিশ্বাস তথা আন্তৰিকতা যাতে বৃদ্ধি কৰিব পাৰোঁ তাৰবাবে সকলোৱে এক উমৈহতীয়া পৰিচয়ৰ সত্যতাক অকপটে স্বীকাৰ কৰিব লাগিব। ৰাজনৈতিক লাভালাভৰ দৃষ্টিৰে চোৱাটো বন্ধ কৰিব লাগিব। ভাৰতৰ পৰা ভাৰতীয় পৃথক হৈ তিষ্ঠি থকাটো সম্ভৱ নহয়। এনে সকলো প্ৰচেষ্টা বিফল হোৱাটো আমি প্ৰত্যক্ষ কৰিছো। একাত্ম হোৱাতেই নিজৰ কল্যাণ নিহিত হৈ আছে, এই কথা অনুধাৱন কৰিব লাগিব। ভাৰতৰ ভাৱাত্মক একতা তথা সকলো বিবিধতাক স্বীকাৰ আৰু সন্মানৰ ভাৱনাৰ মূলত হিন্দু সংস্কৃতি, হিন্দু পৰম্পৰা তথা হিন্দু সমাজৰ স্বীকৃতিৰ প্ৰবৃত্তি তথা সহিষ্ণুতা আছে, এই কথা মনত ৰাখিব লাগিব।
হিন্দু শব্দৰ উল্লেখ সংঘৰ প্ৰায় প্ৰত্যেকটো বক্তব্যতে চৰ্চিত হয়, তথাপিও ইয়াত পুনৰ বাৰ উল্লেখ কৰা হৈছে, কাৰণ আজিকালি ইয়াৰ লগত সামঞ্জস্য থকা কিছু শব্দ প্ৰচলিত হৈ আছে। উদাহৰণ স্বৰূপে স্বদেশী শব্দটো আজিকালি সঘনাই প্ৰয়োগ হয়। এই শব্দৰ যি অন্তৰ্নিহিত অৰ্থ ই হিন্দুত্বৰ বাদে আন একো নহয়। আমাৰ ৰাষ্ট্ৰৰ সনাতন পৰম্পৰাৰ উদঘোষ স্বামী বিবেকানন্দই আমেৰিকাৰ ভূমিত সমগ্ৰ বিশ্বক এক পৰিয়ালৰ ৰূপত দেখাৰ, সৰ্বপন্থ সমন্বয়ক লগত স্বীকাৰ্যতা তথা সহিষ্ণুতাৰ ঘোষণাৰ ৰূপত কৰিছিল। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে নিজৰ স্বদেশী সমাজত ভাৰতৰ নবোত্থানৰ কল্পনা ইয়াৰ আধাৰতে ৰাখিছিল। ঋষি অৰবিন্দই ইয়াৰ ঘোষণা উত্তৰপাৰাৰ ভাষণত কৰিছিল। ১৮৫৭ ৰ পাছত আমাৰ দেশৰ আত্ম মন্থন, চিন্তন তথা সমাজ জীৱনৰ বিবিধ উপাদানৰ প্ৰত্যক্ষ সক্ৰিয়তাৰ সম্পূৰ্ণ আভাষ আমাৰ সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট হৈছে। যি আমাৰ এই আত্মাৰ প্ৰতিফলন ঘটাইছে। সেই আত্মা বা স্বকীয়তাৰ আধাৰতে আমাৰ দেশৰ বৌদ্ধিক চিন্তনৰ দিশ, কৰ্তব্যবোধ আদি নিৰ্ধাৰিত হোৱা উচিত। আমাৰ ৰাষ্ট্ৰীয় জনমানসৰ আশা, আকাংখ্যা, আৰু চিন্তাধাৰা তাৰেই আলোকত বাস্তৱায়িত হোৱা উচিত। আমাৰ পুৰুষাৰ্থৰ বাবে কৰা প্ৰত্যক্ষ উদ্যমৰ লক্ষ্য আৰু ইয়াৰ প্ৰত্যক্ষ পৰিণাম তাৰেই অনুৰূপ হোৱা উচিত। তেতিয়াহে ভাৰতক প্ৰকৃতাৰ্থত স্বনিৰ্ভৰশীল বুলি কোৱা যাব পাৰে। উৎপাদনৰ স্থান, উৎপাদনত কাৰ্যত নিযুক্ত হোৱা লোক, উৎপাদনৰ বিনিময়ত লাভ কৰা আৰ্থিক লাভ আৰু উৎপাদনৰ অধিকাৰ নিজৰ দেশতে থকা উচিত। ইমানৰ পাছতো কিন্তু সেই কাৰ্য পদ্ধতিক স্বদেশী বুলি কব পৰা নাযায়। বিনোবাজীয়ে স্বদেশীক স্বাৱলম্বন তথা অহিংসা বুলি অভিহিত কৰিছে। স্বৰ্গীয় দন্তোপন্ত ঠেংগড়ীজীয়ে কৈছে, স্বদেশী কেৱল মাত্ৰ সামগ্ৰী আৰু সেৱাতহে সীমিত নহয়, ইয়াৰ অৰ্থ ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতা, সাৰ্বভৌমত্ব তথা সমানতাৰ আধাৰত আন্তৰাষ্ট্ৰীয় সহযোগিতাৰ স্থিতি লাভ কৰাটোহে। ভৱিষ্যতে আমি স্বাৱলম্বী যাতে হব পাৰোঁ, তাৰ বাবে আজি সমানতাৰ স্থিতি আৰু নিজৰ চৰ্তৰ আধাৰত আন্তৰাষ্ট্ৰীয় ব্যৱসায়িক আদান-প্ৰদানৰ বাবে আমি কোনো কোম্পানীক যদি আমন্ত্ৰণ জনাওঁ অথবা আমাৰ বাবে নতুন কোনো প্ৰযুক্তিৰ বাবে কিছু সেই কোম্পানীক যদি কিছু সুবিধা আগবঢ়োৱা যায় তেন্তে কবলৈ একো নাই। বৰঞ্চ ইয়াক পৰস্পৰৰ বুজাবুজিৰ আধাৰত হোৱা নিৰ্ণয় বুলিহে কোৱা হয়।
স্বাৱলম্বনত ‘স্ব’ ৰ অৱলম্বন মূল কথা। আমাৰ দৃষ্টিকোণৰ আধাৰত আমি নিজৰ গন্তব্য তথা লক্ষ্য পথ নিৰ্ধাৰিত কৰোঁ। অন্যান্য দেশসমূহে যিবিলাক বিষয়ৰ পাছত দৌৰিছে আমিও সেই দৌৰত অংশ গ্ৰহণ কৰি প্ৰথম স্থানত উপনিত হৈ আমাৰ পৰাক্ৰম আৰু বিজয় সাব্যস্ত কৰিব পাৰোঁ। কিন্তু তাত ‘স্ব’ ৰ অস্তিত্ব আৰু সহযোগ নাই। উদাহৰণ স্বৰূপে আমি যদি কৃষি নীতি নিৰ্ধাৰণ কৰোঁ, তেন্তে সেই নীতিত আমাক কৃষকে নিজৰ শস্যৰ বীজ নিজেই তৈয়াৰ কৰাৰ বাবে স্বাধীন হ’ব লাগিব। আমাৰ কৃষকে নিজৰ বাবে প্ৰয়োজনীয় সাৰ, ৰোগ প্ৰতিৰোধক দৰব তথা কীটনাশক নিজেই তৈয়াৰ কৰিব পাৰে বা নিজৰ গাঁৱৰ আশে পাশে লাভ কৰিব পাৰে সেইটো হোৱা উচিত। নিজৰ উৎপাদনৰ মজুতকৰণ আৰু বিপণনৰ সা-সুবিধা তেওঁৰ ওচৰতে হোৱা উচিত। আমাৰ কৃষিৰ অনুভৱ অতিকৈ ব্যাপক তথা দীঘলীয়া। সেইবাবে তাৰ পৰা সময়ানুকূল অভিজ্ঞতালব্ধ পৰম্পাৰাগত জ্ঞান তথা আধুনিক কৃষি বিজ্ঞানৰ দ্বাৰা দেশৰ বাবে উপযুক্ত তথা প্ৰামাণিক তথ্য আমাৰ কৃষকক অৱগত কৰোৱা নীতি হোৱা উচিত। বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষা তথা প্ৰয়োগসমূহক নিজৰ লাভৰ বাবে পৰিভাষিত কৰাৰ মাধ্যমেৰে নীতিসমূহক প্ৰভাৱিত কৰি লাভ উপাৰ্জন কৰাৰ কৰ্প’ৰেট জগতৰ হাতোৰাত বন্দী নোহোৱাকৈ অথবা বজাৰ বা মধ্যভোগীৰ জালত নোসোমোৱাকৈ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ পৰিবেশ নিৰ্মাণ হোৱা উচিত। তেতিয়াহে ইয়াক ভাৰতীয় দৃষ্টি বা স্বদেশী কৃষি নীতি বুলি কোৱা যাব। এই কাৰ্য বৰ্তমান প্ৰচলিত কৃষি আৰু অৰ্থ ব্যৱস্থাৰ বাবে খৰতকীয়া নহ’ব পাৰে, তেনে স্থলত কৃষি ব্যৱস্থা আৰু অৰ্থ ব্যৱস্থাক এই দিশলৈ নিয়াৰ বাবে নীতি নিৰ্ধাৰণ কৰা উচিত, তেতিয়াহে তাক স্বদেশী নীতি বুলি কোৱা যাব।
অৰ্থনীতি, কৃষি, শ্ৰম, উদ্যোগ তথা শিক্ষা নীতিত স্বকীয়তাৰ বাবে কিছু অশাব্যঞ্জক পদক্ষেপ অৱশ্যেই লোৱা হৈছে। ব্যাপক আলোচনাৰ আধাৰত এক নতুন শিক্ষা নীতিৰ ঘোষণা কৰা হৈছে। ইয়াক সম্পূৰ্ণ শিক্ষা জগতত আদৰণিও জনোৱা হৈছে। আমিও ইয়াক আদৰণি জনাইছো। Vocal for Local স্বদেশী সম্ভাৱনাৰ ই এক উত্তম আৰম্ভণী। কিন্তু এই সকলোবোৰৰ সফল ক্ৰিয়ান্বয়ন সম্পূৰ্ণ হোৱালৈকে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকিব লাগিব। তাৰবাবে ‘স্ব’ বা আত্মতত্বৰ চিন্তা এই ব্যাপক প্ৰেক্ষাপটত সকলোৱে হৃদয়ংগম কৰিব লাগিব, তেতিয়াহে এই যাত্ৰা সফল হ’ব।
আমাৰ ভাৰতীয় চিন্তনত সংঘৰ্ষক প্ৰগতিৰ পথ বুলি স্বীকাৰ কৰা হোৱা নাই। অন্যায় দূৰীকৰণৰ বাবেহে অন্তিমটো উপায় হিচাপে সংঘৰ্ষক স্থান দিয়া হৈছে। আমাৰ ইয়াত সমন্বয়ৰ আধাৰতহে বিকাশ আৰু প্ৰগতি বাট মুকলি হয় বুলি ভবা হয়। সেইবাবে প্ৰত্যেকটো ক্ষেত্ৰ স্বাধীন তথা স্বাৱলম্বী হোৱা স্বত্তেও আত্মীয়তাৰ ভাৱনাৰে এক ৰাষ্ট্ৰ পুৰুষৰ অংগ স্বৰূপে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি পৰিচালিত হোৱা ব্যৱস্থা হিচাপে, সকলোৰে লাভ, সকলোৰে সুখৰ বাহক হৈ। এই আত্মীয়তা আৰু বিশ্বাসৰ ভাৱনা, নীতি নিৰ্ধাৰণ কৰাৰ সময়ত সকলো সংশ্লিষ্ট পক্ষ তথা ব্যক্তিৰ লগত বিস্তৃত পৰামৰ্শ কৰি, পৰস্পৰৰ ইতিবাচক আলোচনাৰ দ্বাৰা যেতিয়া ঐক্যমতত উপনীত হোৱা যায়, তেতিয়া উৎপন্ন হয়। সকলোৰে লগত আলোচনা, আলোচনাৰ পৰা ঐক্যমত, ঐক্যমতৰ ফলত সহযোগিতা, সহযোগিতাৰ দ্বাৰা বিশ্বাস, এইবিলাকক আত্মীয় সকলৰ মাজত আৰু সমাজত গৌৰৱ, স্বীকৃতি আদি লাভ কৰাৰ প্ৰক্ৰিয়া বুলি কোৱা হৈছে।
সমানো মন্ত্ৰঃ সমিতিঃ সমানী সমানং মনঃ সহচিত্তমেষাম্।
সমানং মন্ত্ৰমভিমন্ত্ৰয়ে ৱঃ সমানেন ৱো হৱিষা জুহোমি।।
সৌভাগ্যক্ৰমে, সকলোৰে মনত এইবিলাক বিষয়ৰ প্ৰতি এনে বিশ্বাস উৎপন্ন কৰাৰ ক্ষমতা আজিৰ ৰাজনৈতিক নেতৃত্বৰ ওচৰত থকা বুলি ধৰিব পৰা যায়। সমাজ তথা শাসনৰ মাজত প্ৰশাসনৰ স্তৰ পৰ্যাপ্ত সংবেদনশীল আৰু স্বচ্ছ হ’লে এই কাৰ্য আৰু অধিক ফলপ্ৰসূ হ’ব বুলি আশা কৰিব পাৰি। ঐক্যমতেৰে কৰা নিৰ্ণয় কোনো পৰিৱৰ্তন নকৰাকৈ তৎপৰতাৰে যেতিয়া বলবৎ হোৱা দেখা যায় তেতিয়া এই সম্বন্বয় আৰু সহমতিৰ পৰিৱেশ অধিক শক্তিশালী হয়। ঘোষিত নীতিসমূহৰ কাৰ্যকৰীকৰণ অন্তিম স্তৰলৈকে কেনেদৰে হৈ আছে তাৰ বিষয়ে সজাগতা আৰু নিয়ন্ত্ৰণ সদায় আৱশ্যক হয়। নীতি নিৰ্মাণৰ লগতে তাক কাৰ্যকৰী কৰাতো তৎপৰতা আৰু স্বচ্ছতা থাকিলে নীতিত অপেক্ষিত পৰিৱৰ্তনৰ পূৰ্ণ লাভ পাব পৰা যায়।
কৰোণাৰ পৰিস্থিতিত নীতিজ্ঞ সকলৰ সৈতে দেশৰ সকলো চিন্তাবিদৰ চিন্তন, দেশৰ আৰ্থিক দৃষ্টিত, কৃষি উৎপাদনক বিকেন্দ্ৰিত কৰা নিম্ন আৰু মধ্যম উদ্যোগ, কৰ্ম সংস্থাপন সৃজন, স্বনিয়োজন, পৰিৱেশ অনুকূল তথা উৎপাদনৰ সকলো ক্ষেত্ৰতে শীঘ্ৰে স্বনিৰ্ভৰশীল হোৱাৰ আৱশ্যকতাৰ প্ৰতি আকৰ্ষিত কৰিছে। এই ক্ষেত্ৰত কাৰ্যৰত আমাৰ সৰু-বৰ উদ্যমী, কৃষক আদি সকলো এই দিশত আগবাঢ়ি দেশৰ কাৰণে সফলতা কঢ়িয়াই অনাত আগ্ৰহী। ডাঙৰ ডাঙৰ দেশৰ প্ৰচণ্ড আৰ্থিক শক্তিৰ প্ৰতিযোগিতাত প্ৰশাসনে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগিব। কৰোণাৰ এই পৰিস্থিতিৰ বাবে ছয় মাহৰ বিৰতিৰ পাছত পুনৰ আত্মনিৰ্ভৰ হ’বৰ বাবে আগবঢ়োৱা সাহায্য তেওঁলোকলৈ গৈ পাইছে নে নাই সেয়াও সুনিশ্চিত কৰিব লাগিব।
আমাৰ ৰাষ্ট্ৰৰ বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত আমি আমাৰ নিজৰ মাতৃভূমিক আধাৰ হিচাপে লৈ নিজৰ পৃষ্ঠভূমিত, নিজৰ বিকাশ আৰু প্ৰগতি পথৰ বাবে চেষ্টা কৰিব লাগিব। উক্ত পথৰ গন্তব্য স্হান আমাৰ ৰাষ্ট্ৰীয় সংস্কৃতি অথবা আকাংক্ষাৰ অনুৰূপ হ’ব। সকলোকে সহমত প্ৰক্ৰিয়াৰে সকাৰাত্মক ৰূপত আমি সমভাগী কৰি লৈ সঠিক, তৎপৰতাপূৰ্বক আৰু যথোপযুক্ত ক্ৰিয়ান্বয়ন সুনিশ্চিত কৰা উচিত। সমাজৰ অন্তিমগৰাকী ব্যক্তিয়ে এই বিকাশ প্ৰক্ৰিয়াৰ যাতে সুবিধা গ্ৰহণ কৰিব পাৰে, মধ্যভোগী আৰু দালালৰ লুটপাট বন্ধ হৈ জনসাধাৰণে যাতে পোনপটীয়াকৈ আঁচনিসমুহৰ সমভাগী হৈ লাভাম্বিত হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিলেহে আমাৰ সপোন সাৰ্থক হ’ব অন্যথা আধৰুৱা হৈ ৰোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
উপৰোক্ত সকলোবোৰ কথাৰে একোটা মহত্ত্ব আছে কিন্তু ৰাষ্ট্ৰ উত্থানৰ সকলোবোৰ প্ৰক্ৰিয়াতে সমাজৰ গুৰুদায়িত্ব আৰু মুখ্য স্হান আছে। কৰোণাৰ প্ৰতিক্ৰিয়াৰ ৰূপত বিশ্বত জাগ্ৰত হোৱা ‘স্ব’ ৰ মহত্ত্ব, ৰাষ্ট্ৰীয়তাৰ মহত্ত্ব, সাংস্কৃতিক প্ৰমূল্যৰ মহত্ত্ব, পৰিবেশৰ প্ৰতি সচেতনতা তথা ইয়াৰ প্ৰতি কাৰ্যকৰী পদক্ষেপ, কৰোণাৰ পৰিস্থিতি শিথিল হৈ অহাৰ লগে লগে পুনৰ সমাজৰ ব্যৱহাৰ শ্বাশ্বত বস্তুবোৰৰ উপকাৰিতাৰ বিষয়বোৰ অৱহেলিত যাতে হৈ নপৰে। এইটো তেতিয়াহে সম্ভৱ হ’ব, যেতিয়া সম্পূৰ্ণ সমাজ নিৰন্তৰ প্ৰচেষ্টাৰে এই আচৰণক সততাৰে আগবাঢ়ি যোৱাটো সুনিশ্চিত কৰিব। নিজৰ সৰু সুৰা আচৰণৰ কথাত পৰিবৰ্তন অনাৰ মাধ্যমেৰে, নিয়মিতভাৱে বাৰ্তা বিনিময় কৰি, আমি নিজৰ অভ্যাসৰ এই পৰিবৰ্তনক বৰ্তাই ৰাখি আগবঢ়াই লৈ যাব পাৰিম। আমাৰ পৰিয়ালৰ প্ৰতিগৰাকীয়ে ইয়াৰ সদস্য হ’ব পাৰে। সপ্তাহত এদিন পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই একগোট হৈ শ্ৰদ্ধানুসাৰে ভজন-কীৰ্তন আৰু ইচ্ছানুসৰি আনন্দপূৰ্বক ঘৰতে প্ৰস্তুত কৰা ভোজন গ্ৰহণ কৰাৰ অন্তত দুই-তিনি ঘন্টা বাৰ্তালাপ কৰিবলৈ বহিব পাৰে আৰু সেই বাৰ্তালাপত এইবিলাক কথাৰ চৰ্চা কৰি সমগ্ৰ পৰিয়ালতে এইবিলাকৰ কাৰ্যকৰীকৰণৰ বাবে সংকল্প গ্ৰহণ কৰি, পৰৱৰ্তী সপ্তাহৰ একত্ৰীকৰণলৈকে সকলোৱে নিজৰ আচৰণত বলবৎ কৰাৰ প্ৰয়াস কৰিব পাৰে। চৰ্চা কৰাটো জৰুৰী। কাৰণ বিষয় বস্তু নতুনেই হওক অথবা পুৰণি হওক, ইয়াৰ নতুনত্ব বা প্ৰাচীনতাই ইয়াৰ উপযুক্ততা প্ৰমাণিত কৰিব নোৱাৰে। সকলো কথাৰে পৰীক্ষা কৰাৰ অন্ততহে তাৰ উপযুক্ততা আৰু আৱশ্যকতাক বুজিব লাগিব, ইয়াৰ পদ্ধতি আমাৰ ইয়াত কোৱা হৈছে –
সন্ত পৰীক্ষান্যতৰদ্ ভজন্তে মূঢ়ঃ পৰপ্ৰত্যয়নেয় বুদ্ধিঃ।
পৰিয়ালত হোৱা অনানুষ্ঠানিক চৰ্চা কালত কোনো বিষয়ত সকলো পিনৰ পৰা চালি জাৰি চাই, তাৰ উপযেগিতা, প্ৰয়োজনীয়তাৰ চৰ্চা তথা তাক গ্ৰহণ কৰা অথবা ত্যাগ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত সেই পৰিৱৰ্তন জানি বুজি স্বেচ্ছাই স্বীকাৰ কৰাৰ বাবে ই স্থায়ী হৈ পৰে।
আৰম্ভণিতে আমি নিজৰ ঘৰৰ পৰিচালনা, সাজসজ্জা, নিজৰ বংশ পৰম্পৰা, ৰীতি-নীতি, কুল ধৰ্ম আদিৰ চৰ্চা কৰিব পাৰোঁ। পৰিয়ালৰ মাজত পৰিবেশৰ বিষয়ে সৰ্বস্বীকৃত তথা সুপৰিচিত হোৱা বাবে নিজৰ ঘৰত পানী বচোৱা তথা সংৰক্ষণ, প্লাষ্টিক বৰ্জন, ঘৰৰ চৌহদত নাইবা টাবত গছপুলি ৰোপন, ফুল, পাছলি আদিৰ খেতি কৰাৰ লগতে বৃক্ষৰোপন আদিৰ বিষয়ে আলোচনাও সহজ আৰু প্ৰেৰণাদায়ক হ’ব পাৰে। আমি সকলোৱে নিজৰ নাইবা পৰিয়ালৰ বাবে সময় বা প্ৰয়োজন অনুসৰি অৰ্থ ব্যয় কৰি কিবা নহয় কিবা কাম কৰোঁ। সদায় আমি সমাজৰ বাবে কিমান সময় দিওঁ বা ধন ব্যয় কৰোঁ এইটোও পৰিয়ালয়ত চৰ্চাৰ বিষয় হ’ব পাৰে। সমাজৰ সকলো জাতি, ভাষা, প্ৰান্ত, বৰ্গত আমাৰ পৰিয়ালৰ মিত্ৰ আছে নে নাই? আমাৰ তথা তেওঁলোকৰ মাজত সঘন আহ-যাহ, উঠা-বহা, খোৱা-লোৱা আদিৰ সম্বন্ধ আছে নে নাই? সামাজিৰ একাত্মতাৰ দৃষ্টিৰে ই আমাৰ পৰিয়ালৰ মাজত অত্যন্ত গুৰুত্বপূৰ্ণ চৰ্চাৰ বিষয় হ’ব পাৰে। এই সকলোবিলাক বিষয়ত সমাজত প্ৰচলিত কাৰ্যক্ৰম, গতিবিধি তথা প্ৰচেষ্টাসমূহত আমাৰ পৰিয়ালৰ যোগদান আমাৰ সজাগতা তথা আগ্ৰহৰ বিষয় হ’ব পাৰে। প্ৰত্যক্ষ সেৱা কাৰ্যক্ৰম যেনে – ৰক্তদান, নেত্ৰদান আদিত অংশ গ্ৰহণ কৰা অথবা সমাজক এইবিলাক কাৰ্যৰ বাবে প্ৰেৰিত কৰাৰ ক্ষেত্ৰত আমাৰ পৰিয়ালসমূহে যোগদান দিব পাৰে।
এনে ধৰণৰ সৰু সুৰা প্ৰচেষ্টাৰ দ্বাৰা ব্যক্তিগত জীৱনত সদভাৱ, শিষ্টাচাৰ, সংযম, অনুশাসনৰ লগতে মূল্যবোধৰ আচৰণৰ বিকাশ সাধন কৰিব পৰা যায়। যাৰ ফলত আমাৰ সামাজিক আচৰণো নাগৰিক অনুশাসনৰ পালনৰ জৰিয়তে পৰস্পৰৰ সৌহাৰ্দ্য বৃদ্ধি কাৰক হৈ পৰে। প্ৰবোধনৰ জৰিয়তে সমাজৰ সাধাৰণ নাগৰিকৰ মন নিজৰ অন্তৰ্নিহিত একাত্মতাৰ আধাৰ স্বৰূপ হিন্দুত্বৰ প্ৰতি শ্ৰদ্ধাশীল হৈ দেশৰ বাবে অধ্যৱসায়ত নিজৰ ৰাষ্ট্ৰীয় স্বৰূপৰ দৰ্শন কৰা, সমাজৰ সকলো বৰ্গৰ প্ৰতি আত্মীয়তাপূৰ্ণ পৰস্পৰৰ নিৰ্ভৰশীলতা, আমাৰ সামূহিক শক্তিৰ দ্বাৰা সকলো সম্ভৱ, এই আত্মবিশ্বাস তথা আমাৰ প্ৰমূল্যৰ আধাৰত বিকাশ যাত্ৰাৰ গন্তব্যৰ স্পষ্ট কল্পনা জাগৃত থাকিলে, অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ সুখ শান্তিৰ যুগানুকূল পথ প্ৰশস্ত কৰাৰ জৰিয়তে বন্ধুত্ব সুলভ মনোভাৱৰ আধাৰত প্ৰতিগৰাকী মানৱক বাস্তৱিক স্বাধীনতা তথা সমানতা প্ৰদান কৰিব পৰা ভাৰতবৰ্ষ আমি দেখিবলৈ পাম।
এনে ব্যক্তি তথা কুটুম্বৰ আচৰণৰ জৰিয়তে সম্পূৰ্ণ দেশত বন্ধুত্ব, পুৰুষাৰ্থ তথা ন্যায়নীতিপূৰ্ণ আচৰণৰ পৰিবেশ চতুৰ্দিকে গঢ়ি তুলিব লাগিব। এই কাৰ্যকে সাকাৰ ৰূপ দিব পৰা কাৰ্যকৰ্তাসকলৰ দেশব্যাপী সংগঠন গঢ়ি তুলিবলৈকে ১৯২৫ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাম কৰি আছে। এই ধৰণৰ সংগঠিত স্থিতিয়েই সমাজৰ সহজ স্বাভাৱিক সুস্থ ৰূপ। কেইবা শতিকা ধৰি আক্ৰমণ জৰ্জৰ অন্ধকাৰৰ পৰা মুক্তি লাভ কৰা নিজৰ এই স্বাধীন ৰাষ্ট্ৰৰ পুনৰুত্থানৰ পূৰ্ব চৰ্ত এই সমাজৰ সংগঠিত ৰূপ। ইয়াকে সাকাৰ কৰিবলৈ আমাৰ মহাপুৰুষসকলে অহোপুৰুষাৰ্থ কৰিছে। স্বাধীনতাৰ পাছত এই লক্ষ্যক মনত ৰাখি ইয়াক যুগানুকূল ভাষাৰে পৰিভাষিত কৰি আচৰণ নিয়ম নিৰ্দেশিত কৰা সংবিধানখন আমি লাভ কৰিছো। ইয়াক কাৰ্যকৰী কৰিবলৈ সম্পূৰ্ণ সমাজত এই স্পষ্ট দৃষ্টি, পৰস্পৰৰ একৰূপতা, একাত্ম ভাৱনা তথা দেশৰ কল্যাণ সকলোৰে উৰ্ধত, এই কথা মনত ৰাখি কৰা আচৰণ এই সংঘ কাৰ্যৰ দ্বাৰাই ৰূপায়ণ হ’ব। এই পৱিত্ৰ কাৰ্যত প্ৰামাণিকতাৰে নিস্বাৰ্থ বুদ্ধিৰে তথা তন-মন-ধনেৰে লক্ষাধিক স্বয়ংসেৱক অহৰ্নিশে ৰত হৈ আছে। আপোনাকো তেওঁলোকৰ সহযোগী কাৰ্যকৰ্তা হিচাপে দেশৰ নবোত্থানৰ এই অভিযানত আপোনাৰ সহযোগিতাৰ বাবে আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছো।
সকলো প্ৰশ্নৰে এক উত্তৰ- খোজত খোজ মিলাই আগবাঢ়ি যাওঁ।
বৈভৱৰ উত্তোংগ শিখৰত সকলো দিশৰ পৰা উঠি যাওঁ।।
।।ভাৰত মাত কী জয়।।