পপ গায়কৰ পৰা আৰম্ভ কৰি পৰ্ণ ষ্টাৰকো ব্যৱহাৰ কৰি হিংসাত্মক কৰা হৈছিল কৃষক আন্দোলন।
কৃষক আন্দোলনৰ নামত ২৬ জানুৱাৰীত যিদৰে দেশৰ ৰাজনীতি নতুন দিল্লীৰ সীমান্তত অৰাজকতাৰ সৃষ্টি কৰা হল ।
সেইয়া দেশ বিদেশৰ সকলো জনগণে প্রত্যক্ষ কৰি হতচকিত হৈ পৰিল।
বিশেষকৈ ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিনা ৰাজধানী চহৰত কৃষক আন্দোলনৰ নামত যি তাণ্ডৱৰ সৃষ্টি কৰিলে, তাৰ পৰা এই কথা স্পষ্ট হৈ পৰিল যে ভাৰতবৰ্ষক আভ্যন্তৰীণ ভাৱে দুৰ্বল কৰিবলৈ খালিস্থানী , বাওঁপন্থী আৰু ইছলামিক মৌলবাদী সকলে দেশ বিৰোধী কাৰ্যত অহৰহ প্ৰচেষ্টা চলাই আহিছে ।
এই সন্দৰ্ভত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনা যি ভয়ংকৰ পৰিস্হিতিৰ সৃষ্টি কৰা হৈছিল সেয়া এক পূৰ্ব পৰিকল্পিত আন্তঃৰাষ্ট্ৰীয় গভীৰ ষড়যন্ত্ৰৰ অংশহে আছিল বুলি প্ৰতীয়মান হৈছে ।
এই তথ্য বামপন্থী কমিউনিষ্ট কৰ্মী গ্ৰেতা থনবৰ্গে স্পষ্ট কৰিছে ।
গ্ৰেতা থনবৰ্গ হল, গণতান্ত্ৰিক ভাবে নিৰ্বাচিত বিশ্বৰ বিভিন্ন দক্ষিণ পন্থী চৰকাৰৰ বিৰুদ্ধে বামপন্থী সকলৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ কুখ্যাত হোতা বা মাষ্টাৰমাইণ্ড ।
ইয়াৰ আগতেও বামপন্থী সকলে গ্ৰেতা থনবৰ্গক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ব্যৱহাৰৰ কৰিছিল বুলি অভিযোগ উঠিছে।
এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় বামপন্থী চক্ৰই ভাৰতক বদনাম কৰাৰ কাৰণে আনকি আন্তঃৰাষ্ট্ৰীয় বিতৰ্কিত গায়ক ৰিহানা, পৰ্ণ ছবিৰ অভিনেত্ৰী মিয়া খালিফাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ প্ৰভাৱৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে ভুৱা আৰু মনে সজা সংবাদ প্ৰচাৰ কৰাইছিল ।
উল্লেখ্য, গ্ৰেতা থনবাৰ্গে এনেকুৱা এটা টুইট কৰিলে যাৰ কাৰণে এই গোটেই চক্ৰটোৰ মুখা খোল খালে । গ্ৰেতাই তাৎক্ষণিক ভাৱে টুইটো ডিলিত কৰিছিল যদিও ইতিমধ্যে বহুতেই এই টুইটো ডাউনলোড কৰি পেলাইছিল ।
গ্ৰেতাই এক ভাৰত বিৰোধী ষড়যন্ত্ৰকাৰী দস্তাবেজৰ জৰিয়তে ভাৰত চৰকাৰক ফেচিবাদী বুলি উল্লেখেৰে মানবধিকাৰ উলংঘনৰ কথা ভাৰতৰ বাবে নতুন নহয় বুলি প্ৰচাৰ কৰিছিল । AskIndiaWhy নামৰ হেজতেগৰ এই দস্তাবেজত ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বদনামী কৰাৰ কাৰণে কৃষক আন্দোলনক হিংস্ৰৰূপ দিয়াৰ বাবে ব্লুপ্ৰিন্ট ৰচনা কৰিছিল ।
এই দস্তাবেজৰ পৰা এই কথা পোহৰলৈ আহিছে যে কেনেকৈ আন্তঃৰাষ্ট্ৰীয় শিল্পী সকলে ভাৰত বিৰোধী মন্তব্যৰে টুইট কৰিব । অথবা আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰ বিষয় কৰিব ।
ইয়াৰ বাহিৰেও এই দস্তাবেজত এই নিৰ্দেশনাও আছিল যে ৪ আৰু ৫ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাৰ পৰা 2 বজাৰ ভিতৰত ভাৰত বিৰোধী অপপ্ৰচাৰ চলোৱা হব ।
এই দস্তাবেজৰ পৰা এই কথা উন্মোচিত হৈছে যোৱা ২৬ জানুৱাৰীৰ দিনা সমগ্র দেশবাসীয়ে যি দেখিলে সেইয়া যে সকলো এক আন্তঃৰাষ্ট্ৰীয় গভীৰ ষড়যন্ত্ৰৰ অংশহে আছিল । যত ভাৰতৰ কিছু বামপন্থী সংবাদ মাধ্যম আৰু ৱেবচাইত জড়িত আছিল ।
অৱশ্যে বামপন্থীৰ এই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বিষয়ে ভাৰতৰ জনতা জনাৰ্দনে ভালদৰে চিনি পাইছে ।