
বংগৰ হিংসাত্মক ঘটনাক তীব্র গৰিহণা ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ ।
নিৰ্বাচনত অংশগ্রহণ কৰা প্ৰাৰ্থী-ভোটাৰ সকলো ভাৰতবৰ্ষৰ নাগৰিক — দত্তাত্রেয় হোসবোলে।

গণতন্ত্ৰত নিৰ্বাচনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই অনুযায়ী পশ্চিম বংগৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত বংগৰ সমগ্ৰ সমাজে অংশগ্ৰহণ কৰা এখন নিৰ্বাচিত চৰকাৰ গঠন হৈছে। নিৰ্বাচনত স্বাভাৱিকতে ভাল আৰু বেয়া, অভিযোগ -প্ৰতি অভিযোগৰ লগতে কেতিয়াবা আনকি আৱেগৰ সীমা অতিক্ৰম কৰা দেখা যায়। কিন্তু আমি সদায় মনত ৰাখিব লাগিব যে সকলো দল তেওঁলোকৰ নিজৰ দেশৰ দল আৰু নিৰ্বাচন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা প্ৰাৰ্থী, সমৰ্থক, ভোটাৰ সকলো তেওঁলোকৰ নিজৰ দেশৰে নাগৰিক। পশ্চিম বংগত নিৰ্বাচনৰ ফলাফলৰ ঠিক পিছতে অনিয়ন্ত্ৰিত ভাৱে সংঘটিত হোৱা ৰাজ্যব্যাপী হিংসা কেৱল নিন্দনীয় নহয়, ই পূৰ্ব পৰিকল্পনাৰ যেন সামগ্রিক ঘটনা প্ৰবাহে সন্দেহ ঘনীভূত কৰিছে। অনুসূচীত জাতি-জনজাতি সম্প্ৰদায়ৰ ভাতৃসহ হাজাৰ হাজাৰ লোকে অসামাজিক শক্তিৰ দ্বাৰা গৃহহীন হোৱা, নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰি ঘৰ জ্বলাই, বাণিজ্যিক প্ৰতিষ্ঠান আৰু দোকান লুণ্ঠন কৰাৰ বাবে একাংশ লোকে নিজৰ জীৱন ৰক্ষা কৰিবলৈ সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে। কোচ-বিহাৰৰ পৰা সুন্দৰবনলৈকে জনসাধাৰণৰ মাজত ভয়ৰ পৰিৱেশ পৰিস্ফূত হৈছে । পশ্চিম বংগত সংঘটিত এই ভয়ংকৰ হিংসাক ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰকাৰ্যবাহ দত্তাত্রেয় হোসবোলে এক প্ৰেছ বিজ্ঞপ্তি যোগে তীব্র ভাষাৰে গৰিহণা দিছে। সৰকাৰ্যবাহ গৰাকীয়ে এইক্ষেত্ৰত মত পোষণ কৰি কয় যে, নিৰ্বাচনৰ ফলাফলৰ পিছত অনিয়ন্ত্ৰিত হিংসা ভাৰতৰ সহাবস্থান আৰু সকলোৰে ভোটৰ প্ৰতি সন্মানৰ পৰম্পৰাৰ বিপৰীত। লগতে ভাৰতীয় সংবিধানত সন্নিবিষ্ট জনসাধাৰণ আৰু গণতন্ত্ৰৰ মৌলিক মনোভাৱৰ বিপৰীত বুলিও সৰকাৰ্যবাহ দত্তাত্রেয় হোসবোলে বিবৃতি যোগে মন্তব্য প্ৰকাশ কৰিছে। এই নিৰ্মম হিংসাৰ আটাইতকৈ কৰুণ দিশটো হ’ল ৰাজ্যখনৰ শাসন আৰু প্ৰশাসনৰ ভূমিকাত থকা সকলে কেৱল নীৰৱ দৰ্শকৰ ভূমিকাহে পালন কৰি আহিছে। আনকি হিংসাত্মক কাৰ্যত লিপ্ত সকলে প্ৰশাসনৰ পৰা কোনো ভয় বা কোনো কাৰ্যকৰী নিয়ন্ত্ৰণ প্ৰচেষ্টা দেখা নাই বুলি মন্তব্য কৰি সৰকাৰ্যবাহ গৰাকীয়ে পুনৰ কয়,
শাসন ব্যৱস্থা যিয়েই নাথকক কিয়, তেওলোকৰ প্ৰথম দায়িত্ব হ’ল সমাজত আইন-শৃংখলাৰ জৰিয়তে শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশ সৃষ্টি কৰা। অপৰাধী আৰু অসামাজিক উপাদানৰ মনত শাসনৰ ভয় সৃষ্টি কৰা আৰু হিংসাত্মক কাৰ্যকলাপত লিপ্ত সকলৰ বাবে শাস্তি নিশ্চিত কৰা। দলবোৰে নিৰ্বাচনত জয়লাভ কৰি নিৰ্বাচিত চৰকাৰবোৰ সমগ্ৰ সমাজৰ প্ৰতি দায়বদ্ধ হোৱা উচিত । আমি নৱ নিৰ্বাচিত চৰকাৰক ৰাজ্যখনত চলি থকা হিংসাৰ তাৎক্ষণিক সমাপ্তি আৰু আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ, অপৰাধীসকলক তৎক্ষণাৎ গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈ, হিংসাৰ বলি হোৱা লোকসকলৰ মনত আত্মবিশ্বাস আৰু নিৰাপত্তা জাগ্ৰত কৰি পুনৰ্সংস্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনাই সৰকাৰ্যবাহ গৰাকীয়ে। আনকি কেন্দ্ৰীয় চৰকাৰক বংগত শান্তি স্থাপনৰ বাবে প্ৰয়োজনীয় সকলো সম্ভৱ পদক্ষেপ ল’বলৈ আৰু ৰাজ্য চৰকাৰেও এই দিশত পদক্ষেপ লোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনায় ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘই। ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ বাবে সমাজৰ সকলো সামাজিক-ধৰ্মীয়-ৰাজনৈতিক নেতৃত্বক এই সংকটৰ সময়ত ভুক্তভোগী সকলৰ পৰিয়ালৰ সৈতে থিয় হ’বলৈ আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে হিংসাক কঠোৰ ভাষাত গৰিহণা দিবলৈ আৰু সমাজত সম্প্ৰীতি আৰু শান্তি আৰু ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টিকৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায় সৰকাৰ্যবাহ দত্তাত্রেয় হোসবোলে।