বৰপেটা, ৬ জুলাইঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে শ্ৰীমদ্ভাগৱত শাস্ত্ৰ শ্ৰৱন কীৰ্তন অতিকে পূণ্যৰ কাম ৷
অসমত মহাপুৰুষ হৰিদেৱ গুৰুৱে আৰম্ভ কৰা পৰম্পৰা অনুসৰি আজিৰে পৰা বহৰি সত্ৰৰ শ্ৰী বুনা গোসাঁই থানত অনুষ্ঠিত হৈছে অখণ্ড ভাগৱত যজ্ঞ ৷
বৰপেটা জিলাৰ বহৰি সত্ৰত আজিৰে পৰা ৯ দিন ধৰি চলিবলগা এই অনুষ্ঠানত পোন্ধৰ শ তকৈয়ো অ
ধিক পৃষ্ঠাৰ বৃহৎ কলেবৰৰ শ্ৰীমদ্ভাগৱত শাস্ত্ৰখনৰ সম্পূৰ্ণ পাঠ আৰু ব্যাখ্যা কৰা হব ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ডেৰ শতাধিক পাঠক আৰু ব্যাখ্যাকাৰ বহৰি সত্ৰত উপস্থিত হৈ শ্ৰীমদ্ভাগৱতৰ পঠন, মন্ঠন আৰম্ভ কৰিছে ৷ শ্ৰীমদ্ভাগৱত শাস্ত্ৰখন প্ৰথমৰ পৰা দিনে নিশাই বিৰতি নোহোৱাকৈ চলি থকা পাঠ ব্যাখ্যাৰে কৃষ্ণ কথাৰ মৌ ৰস পান কৰাৰ বাবে ভকত বৈষ্ণৱ, সাধু সন্ত সকল বহৰি সত্ৰত ভীৰ কৰিছে ৷ ইপিনে ভাগৱত যজ্ঞ আৰম্ভৰ পূৰ্বে বহৰি সত্ৰত ভাগৱত ভ্ৰমণ অনুষ্ঠিত হয় ৷