আজি সংবাদ মাধ্যমক সম্বোধন কৰি বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সম্পাদক শ্রী ব্ৰজজ্যোতি শর্মাই কয় চুবুৰীয়া দেশ বাংলাদেশ হিংসা আৰু অৰাজকতাৰ দ্বাৰা গ্ৰাসিত হৈছে। নির্বাচিত প্ৰধানমন্ত্ৰীৰ পদত্যাগ তথা দেশত্যাগৰ পিচত অৰাজকতাই দেশব্যাপী প্রভাব বিস্তাৰ কৰিছে আৰু আইন ব্যৱস্থাৰ সম্পূর্ণ অবনতি ঘটিছে। এই অৰাজক অৱস্থাৰ সুযোগ গ্ৰহন কৰি বাংলাদেশৰ জেহাদী শক্তি সমুহে হিন্দু সমাজৰ ওপৰত ব্যাপক হাৰত নিপীড়ন আৰম্ভ কৰিছে।
শর্মাই কয় যে বাংলাদেশত যোৱাকেইদিনত অল্পসংখ্যকৰ ধাৰ্মিক স্হান, ব্যবসায়িক প্রতিস্হান বাসস্হানৰ ক্ষতিসাধন কৰা হৈছে। সমগ্র বাংলাদেশৰ আটাইবোৰ জিলাতে এনে কুকর্ম কৰা হৈছে। দুষ্কৃতিকাৰীৰ কবলৰ পৰা আনকি শ্মশানো বাচি যোৱা নাই। মন্দিৰ সমুহৰ ব্যাপক ক্ষতিসাধন কৰা হৈছে। কিছু দিনৰ সাময়িক অন্তৰালৰ মুৰে মুৰে বাংলাদেশত সংঘটিত হৈ থকা এনেবোৰ সাম্প্রদায়িক হিংসাৰ বাবেই দেশ বিভাজনৰ সময়ত বাংলাদেশত থকা ৩২% হিন্দুৰ সংখ্যা কমি গৈ এতিয়া ৮% তকৈও কম হৈছেগৈ।
বিশ্ব হিন্দু পৰিষদৰ নেতা গৰাকীয়ে কয় যে বাংলাদেশত হিন্দু সকলৰ ঘৰ, দোকান ব্যবসায়ীক প্রতিস্হান, মহিলা, শিশুকে ধৰি ধৰ্মীয় স্হান একোৱেই সুৰক্ষিত নহয়। তাত নিপীড়িত হিন্দু সকলৰ অৱস্থা প্রতিদিনে অবনমিত হ’ব ধৰিছে। এয়া অত্যন্ত চিন্তাৰ বিষয়। তেখেতে কয় যে বাংলাদেশৰ অল্পসংখ্যক সকলৰ সুৰক্ষা তথা মানৱাধিকাৰ ৰক্ষাৰ দায়িত্ব বিশ্ব সম্প্ৰদায়ৰ তথা সমগ্র বিশ্ব সম্প্রদায়ে ইয়াৰ বাবে প্ৰভাবি পদক্ষেপ গ্ৰহন কৰিব লাগে।
শ্রী শর্মাই কয় যে এনে পৰিস্থিতিত ভাৰতবৰ্ষই নিশ্চিত ভাবে চকুমুদি থাকিব নোৱাৰে। বিশ্ব হিন্দু পৰিষদে বাংলাদেশৰ অল্পসংখ্যক সকলৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহন কৰিবলৈ ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনায়।
প্রতিকূল পৰিস্থিতিৰ সুযোগ গ্ৰহন কৰি জেহাদী সকলে সীমান্ত অতিক্ৰমণৰ বৃহৎ প্ৰচেষ্টা কৰিব পাৰে ইয়াৰ প্ৰতি সতর্ক হোৱাৰ প্ৰয়োজনীয়তা আছে। সেয়েহে আমাৰ সুৰক্ষা বাহিনী সমুহ সীমান্তত অধিক সতর্ক হোৱাৰ প্ৰয়োজন, যাতে কোনো ধৰণৰ সীমা উলংঘন সংঘটিত হ’ব নোৱাৰে।
বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা কোৱা হয় যে আমি আশা কৰো বাংলাদেশত অতিশীঘ্রে লোকতন্ত্র তথা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ পুনৰ প্ৰতিস্হা হওক। তাত বসবাস কৰা অল্পসংখ্যক সকলৰ মানৱাধিকাৰ সুৰক্ষিত হওক। বাংলাদেশৰ আৰ্থিক প্ৰগতিত কোনোধৰণৰ বাধাৰ সৃষ্টি নহওক। এইক্ষেত্ৰত ভাৰতবৰ্ষৰ হিন্দু সমাজ তথা ভাৰত চৰকাৰ সদায় বাংলাদেশৰ সহযোগী হৈ ৰব।