বাবৰী মচজিদৰ খনন প্ৰক্ৰিয়া
এগৰাকী গুৰুৰ সোঁৱৰণত-
যি গৰাকী ব্যক্তিৰ নিৰপেক্ষ সাক্ষীৰ ওপৰত ভিত্তি কৰি মাননীয় উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ নিৰ্মাণৰ স্থান নিৰ্ণয় কৰিছিল , সেই গৰাকী মহান ব্যাক্তিক আপোনালোকৰ আগত চিনাকী কৰি দিব ওলাইছো । তেখেত হ’ল কে কে মোহম্মদ । দেশৰ এগৰাকী প্ৰসিদ্ধ প্রত্নতাত্ত্বিকবিদ ।
১৯৭৬ চনৰ এক শীতৰ সন্ধিয়া মই প্রত্নতাত্ত্বিক স্কুলৰ অন্য দহ গৰাকী শিক্ষাৰ্থীক লৈ প্ৰসিদ্ধ পুৰাতত্ববিদ প্ৰফেচাৰ বি বি লালৰ নেতৃত্বত হবলগীয়া খনন কাৰ্য্যত অংশ গ্ৰহণ কৰিবলৈ অযোধ্যালৈ আঁহো । ইয়াৰ আগত তেঁওক এবাৰ জনপথত থকা আৰ্কেলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া ৰ অফিচত দুৰৰ পৰাই দেখিছিলো, যেতিয়া তেঁও চিমলাৰ ইনস্টিটিউট অফ এডভান্চ ষ্টাডিজ চেন্টাৰৰ পৰা এখন সভাত যোগ দিবলৈ আহিছিল। তেতিয়া প্রত্নতাত্ত্বিক স্কুল খন জন পথত থকা এএসআইৰ এটি ৰূপত চলি আছিল। তেঁওক তেতিয়া আগুৰি আছিল একাধিক পণ্ডিত আৰু প্রত্নতাত্ত্বিকবিদে ।
মই জানিব পাৰিছিলো ,তেঁও যেতিয়া এএসআই ৰ ডাইৰেক্টৰ আছিল , এই সংস্থাটিত দেশৰ বিভিন্ন স্থানৰ পৰা অহা পণ্ডিত সকলৰ উপস্থিতিয়ে পৰিবেশ খুব প্রাণবন্ত কৰি ৰাখিছিল আৰু বিভিন্ন প্রত্নতাত্ত্বিক বিষয়ক লৈ এই বিদ্বান সকলৰ সদায় আলোচনা হৈছিল । যুৱক, আধা বয়সীয়া বা বৃদ্ধই হওক, সকলো বয়সৰ মানুহৰ লগত তেঁও মিলি যাব পাৰিছিল। ১৯৭৬ চনত তেঁও আৰ্কেলজিকেল চাৰ্ভে অৱ ইণ্ডিয়া ত নাথাকিলেও তেঁওৰ উপস্থিতি আমি সকলোৱে অনবৰতে অনুভৱ কৰিছিলো।আমি আমাৰ সোনোলী ইতিহাসৰ কথা স্মৰণ কৰিছিলো আৰু সেই ইতিহাসৰ অংশ নোহোৱাৰ দূখ মনত ৰাখিছিলো । কিন্তু সুখৰ বতৰা আহিল যেতিয়া ডঃ বি নৰসিমহায়া আৰু এ কে মিশ্ৰই আমাক জানিব দিলে যে আমাৰ খনন প্ৰশিক্ষণ অযোধ্যাত প্ৰফেচাৰ লালৰ অধীনত হব। তেঁওৰ ছাত্ৰ হব পৰাটোৱেই মোৰ বাবে সৌভাগ্যৰ কথা আছিল।
যদিও শ্ৰী অচ্যুতানন্দন ঝা আৰু এ কে পাণ্ডেই সদায় কৈছিল দক্ষিণ ভাৰতৰ ভাষা ভগৱান শিৱৰ ডম্বৰুৰ পৰা উৎপত্তি হোৱা।মোক কেৱল মিচ জয়শ্ৰী ৰাম নাথনেই সহানুভূতিৰে চাইছিল কিয়নো তেঁও এগৰাকী তামিল আছিল । অতিকৈ চোকা আৰু বুদ্ধিমতী মিচ জয়শ্ৰীয়ে পিছলৈ প্ৰাক্তন কেন্দ্রীয় মন্ত্রী জয় ৰাম ৰমেশৰ লগত বিবাহ বান্ধনত আবদ্ধ হয়। মোৰ অৱস্থা দেখি শ্ৰী মতী কুসুম লালে বিষয়টোৰ পৰা ফালৰি কাটিবলৈ মোৰ কি বিষয়লৈ স্নাতকোত্তৰ দিগ্ৰী লৈছিলো তাক প্ৰশ্ন কৰে আৰু বিষয়টোৰ পৰা আতৰি অহাৰ বাবে ভগবানক অশেষ ধন্যবাদ জনাঁও।
আমাৰ খনন কাৰ্য্যৰ স্থান, জন্মভুমি, বাবৰি মচজিদ আৰু হনুমান গাদী প্ৰাঙ্গন আছিল আৰু বহু সংখ্যক তীৰ্থযাত্ৰীয়ে সেই স্থান ভিৰ কৰিছিল। মন্দিৰ প্ৰাঙ্গনত সদায় ভজন কীৰ্তন পাঠ হৈছিল। মন্দিৰৰ ঘন্টাৰ শব্দই সদায় এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰিছিল। বহু দুৰ দূৰণিৰ পৰা ভক্ত সকলে ৰাম লালাৰ দৰ্শন কৰিবলৈ আহিছিল। সেই ভক্ত সকলক দেখি মোৰ মনত সদায় এক ভক্তি ভাৱ জাগিছিল ।
পিছৰ দিনা মই যেতিয়া কপালত তিলক লৈ খননকার্য চলি থকা স্থানত উপস্থিত হঁও , মোক দেখি মোৰ বন্ধু সকল আৰু সেই স্থানত কাম কৰি থকা বনুৱা বিলাক আচৰিত হৈছিল। এজন মুচলমানে কপালত তিলক লবলৈ সাহস কৰিব পাৰেনে ? মই কিন্তু এই কথাটোত ইমান আচৰিত হব লগীয়া একো দেখা পোৱা নাছিলো। প্ৰফেচাৰ লালে মোৰ কপালৰ তিলকটো লক্ষ্য কৰি মৃদু হাঁহি মাৰিছিল যদিও একো মন্তব্য নকৰিলে। কিন্তু ২৪ বছৰৰ পাছত তেওঁ যেতিয়া পাটনালৈ আহিছিল, য’ত মই তত্ত্বাবধায়ক প্রত্নতত্ববিদ হিচাপে কৰ্মৰত আছিলো, প্ৰফেচাৰ বি পি সিনহা আৰু তাত উপস্থিত থকা পণ্ডিত সকলৰ আগত স্মৰণ কৰিছিল ।
আলিগড় মুচলিম বিশ্ববিদ্যালয়ত চাকৰি কৰা সময়ত , তেঁও যেতিয়া বিশ্ববিদ্যালয়লৈ আহিছিল, মই লগ কৰি সদায় সম্মান জনাইছিলো। তেঁও ফতেহপুৰ চিক্ৰিত চলি থকা খনন কাৰ্য্য চাবলৈ আহিছিল আৰু আমাক বিভিন্ন প্ৰশ্ন কৰিছিল। ফতেহপুৰ চিক্ৰিৰ ইবাদত খানা আৰু খ্ৰীষ্টান চাৰ্চত চলি থকা খনন কাৰ্য্যৰ বাবে মই সহকাৰী তত্ত্বাবধায়ক প্রত্নতত্ববিদ হিচাপে আৰ্কেলজিকেল চাৰ্ভেত চাকৰি পাঁও আৰু মাদ্ৰাচৰ পৰা চাকৰি জীৱনৰ পাতনি মেলো।
১৯৯৭ চনত মাৰ্ক্সিচ ইতিহাস বিদ সকলে অযোধ্যাত চলি থকা খনন কাৰ্য্যক নিন্দা কৰে আৰু ইয়াৰ ঘোৰ বিৰোধিতা কৰে। বিশেষকৈ প্ৰফেচাৰ লালক ব্যক্তিগত ভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয়। তেঁওলোকে কবলৈ ধৰে যে বাবৰি মচজিদৰ তলত কোনো মন্দিৰৰ ধংশাৱশেষ নাই। তেঁওলোক যিহেতু ইতিহাস বিদ হে হয় গতিকে প্রত্নতাত্ত্বিক খননকার্যৰ বিষয়ে একো অজ্ঞ নাছিল আৰু তেঁওলোকে খনন স্থলীও পৰিদৰ্শন কৰিবলৈ যোৱা নাছিল। কিন্তু কিছু সংখ্যক সাংবাদিকৰ লগত থকা সম্বন্ধৰ বাবে প্ৰশ্ন কৰিবলৈ সাহস কৰিছিল।
যিহেতু প্রত্নতাত্ত্বিক সকলে সাধাৰণতে বেছি কথা নকয় , আৰু প্ৰেছৰ আগত কথা কোৱাৰ অভিজ্ঞতা নথকাৰ বাবে সদায় সংবাদ মাধ্যমৰ পৰা কথা শুনিবলৈ বাধ্য হৈছিল। ইয়াৰ ওপৰি কেন্দ্রীয় চৰকাৰৰ দায়িত্বশীল বিষয়া হিচাপে সংবাদ মাধ্যমৰ লগত কথা পতাৰ বাধা আছিল। গতিকে এনে পৰিস্থিতিত এজন প্রত্নতাত্ত্বিকে সদায় সংবাদ মাধ্যমৰ পৰা দুৰত অৱস্থান কৰিছিল।
কিন্তু মই পৰিণতিৰ কথা চিন্তা নকৰি সদায় সংবাদ মাধ্যমৰ সন্মুখীন হৈছিলো।
ইয়াৰ পৰা হব লগীয়া ক্ষতি ৰ সম্ভাবনা মোৰ ক্ষেত্ৰত দুগুণ আছিল যিহেতু মোৰ তেতিয়াও এএসআই মুখ্য কাৰ্যালয়ৰ পৰা প্ৰবেচনৰ মানপত্ৰ পাবলৈ বাকী আছিল। কিয়নো এই সময়ত কোনো কাৰণ নদৰ্শোৱাকৈ মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰিলে হয়। কেন্দ্ৰত ভাৰতীয় জনতা পার্টিৰ চৰকাৰ নথকাৰ বাবে চৰকাৰৰ পৰা একো সহায় হোৱাৰো কোনো আশা নাছিল। চন্দ্ৰ শেখৰ প্ৰধান মন্ত্ৰী থকাৰ সময়ত তেঁও এই সমস্যা সমাধানৰ বাবে বহুত চেষ্টা কৰিছিল কিন্তু বামপন্থী ইতিহাসবিদ সকলৰ বাবে এই সমস্যা সমাধান কৰিব নোৱাৰিলে।
১৯৯০ চনৰ১৫ ডিচেম্বৰত ইণ্ডিয়ান এক্সপ্ৰেছ কাকতলৈ লিখা এখন পত্ৰত মই কৈছিলো যে মচজিদৰ তলৰ অংশত মন্দিৰৰ ধংশাৱশেষ পোৱা হৈছে আৰু সেয়া খনন কাৰ্য্যৰ সময়ত ৰেকৰ্ডেত কৰা হৈছে। মন্দিৰৰ স্তম্ভ বিবাদিত মচজিদ নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। লগতে মই কঁও যে অযোধ্যা হিন্দু সকলৰ বাবে ইমানেই পৱিত্ৰ যিমান মক্কা আৰু মদিনা মুচলিম সকলৰ বাবে আৰু সেয়েহে মুচলিম সকলে নিজেই এই স্থান হিন্দু সকলক উভতাই দি এক নিদৰ্শন দেখুৱাব লাগে। কোনো সন্দেহ নাৰাখিবলৈ, মই নিজেই এজন মুচলিম হৈয়ো খনন কাৰ্য্যত পোৱা কথা খিনি কৈছো বুলি কঁও। লগে লগে সকলোতে হাঁহাকাৰ লাগি পৰে। কাৰোবাৰ কাৰণে সেয়া ভাল খবৰ আছিল যদিও আলিগড়ৰ মাৰ্ক্সিচ সকলে মোৰ ওপৰত খৰ্গহস্ত হৈ পৰে আৰু মোৰ ওপৰত বিহীত ব্যৱস্থা লবলৈ দাবী উত্থাপন কৰে।
-ভাস্কৰ দাস-
Nandita Xaikia