বিদ্যা ভাৰতীৰ কাৰ্য ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীৰ বিকাশ কৰিব লাগে:ৰবি
কুমাৰ।
বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ অনলাইন বৈঠক সম্পন্ন।
বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ প্ৰচাৰ বিভাগৰ অনলাইন বৈঠক “গুগল মীট”ৰ জৰিয়তে সম্পন্ন হ’ল।এই বৈঠকত বিদ্যা ভাৰতী প্ৰচাৰ বিভাগৰ অখিল ভাৰতীয় স্ংযোজক ৰবি কুমাৰ দেৱে অংশ গ্ৰহণ কৰিলে। বৈঠকত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মন্ত্ৰী সাচিৰাম পায়েঙ,সহ সংগঠন মন্ত্ৰী ড:পৱন তিৱাৰী ,প্ৰচাৰ প্ৰমুখ পৰমেশ্বৰ বৰপূজাৰী আৰু সামাজিক মাধ্যমৰ প্ৰচাৰ প্ৰমুখ বিকাশ শৰ্মা দেৱে উপস্থিত থাকি কাৰ্যকৰ্তা সকলৰ লগত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। উক্ত বৈঠকত উত্তৰ অসম প্ৰান্তৰ মন্ত্ৰী কুলেদ্ৰ কুমাৰ ভাগৱতী ,প্ৰচাৰ প্ৰমুখ অজয় বৰা ,সংবাদদাতা লালজী সোণাৰী,সামাজিক মাধ্যমৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামী আৰু প্ৰচাৰ গোটৰ সদস্য মাধৱ কলিতা,অৰুণাচল প্ৰদেশ সংযোজক সুকুমাৰ কেলোথ,প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ জয়ন্ত বৰা,সামাজিক মাধ্যমৰ প্ৰমুখ পেমা তাসি,প্ৰান্ত কাৰ্যলয় সচিব চনু ৰায়,ত্ৰিপুৰা প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ শ্যামসুন্দৰ চৰকাৰ আৰু মণিপুৰ প্ৰান্তৰ গোটৰ সদস্য ভুপেন্দ্ৰ সিং উপস্থিত থাকে ।বৈঠকত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ অধ্যক্ষ ডা:জয়কান্ত শৰ্মা দেৱৰ মাৰ্গ দৰ্শন কাৰ্যকৰ্তা সকলে লাভ কৰিলে ।
বৈঠকত প্ৰান্তত ভিতৰত হোৱা প্ৰচাৰ বিভাগৰ কাৰ্যৰ সমীক্ষা কৰা হয়।প্ৰান্তৰ পৰা বিদ্যালয় স্তৰলৈকে যাতে প্ৰচাৰ বিভাগে কাৰ্য কৰে তাৰো আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পকীয় সকলো খবৰ প্ৰদান কৰা হয়। মিডিয়া লগত সম্পৰ্ক , সামাজিক মাধ্যমৰ প্ৰচাৰ প্ৰসাৰ,পত্ৰিকা প্ৰকাশন আৰু বৈচাৰিক বিমৰ্শ ৰ লগত বেৱচাইটত সকলো ধৰণৰ খবৰ প্ৰচাৰিত হয় সেই বিষয়ে অখিল ভাৰতী সংযোজক ৰবি কুমাৰ দেৱে কয়।তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পৰ্কীয় গতিবিধিৰ প্ৰচাৰ আৰু প্ৰসাৰ হ’ব লাগে। বিদ্যা ভাৰতীৰ কাৰ্য কেৱল বিদ্যা চলোৱাই নহয় ,ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালী বিকাশ কৰা। সেইবাবে ৰাষ্ট্ৰীয় শিক্ষা সম্বন্ধীয় বিষয়ৰ প্ৰচাৰ হ’ব লাগে ,এয়েই বিদ্যা ভাৰতী প্ৰচাৰ বিভাগৰ কাৰ্য ।