সেই উদেশ্যৰে নৱেম্বৰ মাহত মেগা ঝুমুৰ নৃত্য প্ৰদৰ্শন হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিমায়ত। বিহুৰ নিচিনাকৈ বিশ্ব দৰবাৰত ঝুমুৰক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে।ইতিমধ্যে, বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। একেখন মঞ্চত একেলগে বিহুৰ নিচিনাকৈ দহ হাজাৰৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে সাংস্কৃতিক বিভাগে।এই অভিলেখৰ বাবে বাগানে বাগানে প্ৰশিক্ষণ দিয়াৰ বাবে ঝুমুৰৰ বিশেষজ্ঞই নিয়োগ কৰিব ২০০ মাষ্টাৰ প্ৰশিক্ষক। মাষ্টাৰ ট্রেইনাৰসকলে প্ৰশিক্ষণ প্ৰদান কৰিব বিশ্ব অভিলেখৰ বাবে সাজু হোৱা ঝুমুৰ শিল্পীসকলক। ইয়াৰ লগতে, বাদ্যযন্ত্ৰ অথবা সাজপাৰ ক্ৰয় কৰিবৰ বাবে মাননী প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
উল্লেখযোগ্য যে, এই অভিলেখ ৰচনাৰ বাবে ঝুমুৰ নৃত্যৰ গীতটোৰ নিৰ্বাচনৰ বাবে অভিজ্ঞ ঝুমুৰ শিল্পীসকলক দায়িত্ব দিয়া হৈছে। ইফালে, এই অনুষ্ঠানৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে দায়িত্ব প্ৰদান কৰিছে দুই মন্ত্ৰীক। মন্ত্ৰী বিমল বৰা আৰু সঞ্জয় কিষাণে ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে সৰুসজাই ষ্টেডিয়াম। লগতে বৈঠকত মিলিত হৈছে সাংস্কৃতিক মন্ত্ৰালয়ৰ শীর্ষ বিষয়াৰ সৈতে। দুই-এদিনৰ ভিতৰত গীত চূড়ান্ত হোৱাৰ পিছতে আৰম্ভ হ’ব প্ৰাৰম্ভিক কাম-কাজসমূহ।